ৰুণজুন ( খণ্ড -৩৩)~ ধাৰাবাহিক উপন্যাস- মীনা পামে গাম

©Admin
0
পুৱা চান আৰু মুনে শুই উঠি দেখিলে ঘৰখনত আগৰ দৰে ল'নবোৰ ধুনীয়া হৈ থকা নাই । সিহঁত দুটা ডাঙৰ হ'ল । চানৰ বিয়া কৰোৱা বয়স হ'ল । মুনলিমায়ো ৰুণক কৈছিল , " চন্দন ডাক্তৰৰ ছোৱালীজনী সকলো ফালৰ পৰাই ভাল চানৰ কাৰণে জীয়েক কস্তুৰীক সুধি চাব পাৰি" । 
অলপ পিছতে চানে আহি ক'লে, মা আমি নগাওঁ নাযাওঁ দিয়া । মাকেহে জানে মনটো কিমান দমাই থৈছে - উমি উমি জ্বলি থকা জুইকুৰাৰ তাপত হৃদয় কিমান দগ্ধ হৈ আছে ভিতৰি ভিতৰি তাইহে জানে । আৰু নগাঁৱলৈ নোযোৱাৰ কথাকে ভাবি আছিল । কেইদিনৰ আগতেহে ৰিহণৰ কথাবােৰ জনাজনি হোৱা । 
সেয়ে তাই ক'লে ব'ল তহঁত দুইটা আইতাৰ ঘৰলৈকে ( ৰুণৰ মাকৰ ঘৰলৈ) ব'ল ।
চানে ক'লে হ'ব দে, আমি দুটাই যাম, কিন্তু তুমিওঁ ব'লা ।
:: পুৱাৰ চাহ আৰু ব্ৰেকফাষ্ট খাই সেইদিনা সিহঁতে ককাক- আইতাকৰ ওচৰলৈ (ৰুণৰ হঁতৰ ঘৰলৈ ) যোৱাৰ সিদ্ধান্ত ল'লে । ৰুণ, চান, মুন সকলোৱে ‌১১ টা মান বজাত ওলাল ।
বহুত দিনৰ মূৰত পৰিয়ালৰ তিনিওটা একেলগে ফুৰিবলৈ ওলোৱাত দুইটাৰে মনটো বৰ ভাল লাগি আছিল ।
:: চান, ককা -আইতাৰ কাৰণে কিবা দ্ৰাই ফ্ৰুটচ কিনি ল'বলৈ ক'লে। মাহীয়েকৰ বাবে কাপোৰ এযোৰ আৰু চিংকুৰ (চানহঁতৰ মাহীয়েকৰ পুতেক) বাবে এযোৰ চামাৰ ড্ৰেচ ল'বলৈ ক'লে । 
দুইটাই গৈ লৈ আহিল । ৰুণ ওলাই আহিল আৰু তিনিও গৈ ককাক আইতাকহঁতৰ ঘৰ পালেগৈ ।
:: গেট খুলি প্ৰথমে চানে গোটেইখিনি পেকেট লৈ আইতাকৰ হাতত দিলে ।
বহুত দিনত মূৰত ককাক -আইতাকে তিনিওকে দেখা পাই বৰ ভাল পালে । ককাকে দুয়োটাকে বৰ আদৰ -সাদৰকৈ নি কথা পতাত লাগিল । আনফালে মাহীয়েক আৰু ল'ৰা - ছোৱালী দুটাও ডাঙৰ হৈ আহিছে - সেইবাবে চানহঁতৰ এইবাৰ ককাকৰ ঘৰলৈ আহি আগৰ বাৰতকৈ বেছি ভাল পালে । 
আইতাকে বিধে বিধে সিহঁতক ফলৰ ৰস কিম্বা সুস্বাদু পানীয় খাবলৈ দিলে ।    


   
আইতাকৰ মৰমৰ সমান কোনো নহয় ।
সেইদৰে দিনত কিমান ধৰণৰ ব্যঞ্জন ৰান্ধিছে মুঠতে হিচাপ নাই । কলডিলৰ ভাজি, ঔটেঙাৰ সৈতে মাছৰ জোল, মাংস, মাছ ভজা, কঠাল গুটিৰ পিটিকা, দাইল, কেপচিকামৰ বৰা, মিক্স ভাজি , চালাদ আদিৰে টেবুলত উপচাই পেলালে ।
মাকৰ ঘৰলৈ আহি খাদ্যৰ সোৱাদেই ল'বনে মৰমৰ সোৱাদেই ল'ব ৰুণৰ তেনেকুৱা লাগিল । মুঠ কথাত চান আৰু মুনক নিজৰ মাকৰ ঘৰলৈ লৈ আনি এইবাৰ ৰুণে বৰ আনন্দ পালে আৰু মাক দেউতাকৰ মৰমে তাইৰ অন্ত:কোণত নিগৰি থকা দুখ কণ ভাবিবলৈ আহৰি নিদিলে । 
ৰিহণৰ কথাবােৰ ৰুণৰ মাক -দেউতাকে ইতিমধ্যে গম পাইছিলেই, সেইবাৰে তেওঁৰ কথা কাৰো মুখত এবাৰো নুলিয়ালে। 
ভাত খাই বহি কথা বতৰা পাতি-মেলি থাকোতে কেতিয়ানো চাৰি বাজিল সিহঁতে গমেই নাপালে ।
আবেলিৰ চাহকণ আইতাকে সিহঁতক খুৱাইহে পঠিয়ালে । ককাকেও মৰমতে দুই নাতিৰ বাবে কাপোৰ কিনিবলৈ পইচা দিলে । ডাঙৰ জীৰ পো, আৰু মৰমৰ ।
সেইদিনা মৰমেৰে সিহঁতক আৱৰি পঠালে ।
দিনতো সিহঁতৰ ভাল লাগি থাকিল আৰু চানে মাহীয়েকক চিলঙলৈ ফুৰিবলৈ যাবলৈ লগ ধৰিলে । গৰমৰ দিন ।
সেইবাবে মাহীয়েকে লগে লগে হয়ভৰ দিলে । এইবোৰ Social visit দি বৰ ভাল লাগিল । চানহঁতে আহি আহি city centre
পালেহি । চানে ভাবিলে মাহীয়েকক ভাল উপহাৰ এটা দিব । ভাল লেডাৰৰ মণিবেগ এটা ল'লে ।
দুয়োঘৰে একেলগে জুবিনৰ চিনেমা, "কাঞ্চনজংঘা" খন চিনেমা হলত চাব । 
অসমত চিনেমা হল বন্ধ হৈ গৈছিল ।
এতিয়া সৰু সৰু চিনেমা হল খুলিছে ।
সিহঁতে ভাবিলে দুদিনৰ পাছত সেইতো প্ৰগ্ৰেম ৰাখিব । ঘৰ পাওঁতে পাওঁতে তেওঁলোকৰ আবেলি পাঁচমানেই বাজিল ।

( আগলৈ)

✍️ মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)