আমাৰ অস্তিত্ব ৰক্ষাত সাহিত্যৰ ভূমিকা ০৬- প্ৰবন্ধ~হেমেন হাজৰিকা

©Admin
0
জনমানসত জাতীয় চেতনা জগাই তুলি , জাতীয় প্ৰেমৰ যোগেদি অস্তিত্ব ৰক্ষাৰ প্ৰতি উদ্বুদ্ধ কৰি তোলাৰ লগতে বিশ্ব সত্তাৰ অনিন্দ সুন্দৰ ৰূপ উপলদ্ধি কৰাই বিশ্ব প্ৰগতিৰ স্বৰ্ণসৌধ গঢ়ি তুলিবলৈ সাহিত্যিক সকল সক্ষম হ'ব লাগিব | নহ'লে বিশ্ব ঐক্যৰ প্ৰতি জেহাদ ঘোষণা কৰি প্ৰতিজন ব্যক্তি, প্ৰতিটো জাতি , আৰু প্ৰতিখন ৰাষ্ট্ৰই হৈ পৰিব ঐক্যৰ অন্যতম অন্তৰায় | সেয়ে হ'লে ধ্বংস অনিবাৰ্য হ'ব ব্যক্তি, দেশ, তথা প্ৰতিটো জাতিৰ | এয়া আধুনিক বিশ্বসভ্যতাত নিশ্চয় কাৰোৰেই কাম্য নহয় |
    সাহিত্যত যেতিয়া বিশ্বজনীন আৱেদনতাই অধিক গুৰুত্ব লাভ কৰিব তেতিয়া সেই সাহিত্যই প্ৰগতিৰ সোণালী সাঁকোৱেদি ধাৱিত হ'বলৈ সক্ষম হ'ব আৰু তেনে সাহিত্যই হ'ব আৱেদনময়ী সফল সাহিত্য |
     অৱশেষত , জ্যোতিপ্ৰসাদৰ ভাষাৰেই ক'ব বিচাৰিছোঁ --- জাতীয় জীৱনক অন্যতম ৰূপত গঢ় দিবলৈ ওলাই আহক প্ৰতিভাৱান সাহিত্যসেৱীসকল, মহামনীষাৰ মহান সৃষ্টিৰ মাজেদি |
  জনজীৱনৰ , সোণ সপোনৰ
  এই দেশতেই সোণ ভৱিষ্যৰ
  সোণৰ জ্যোতি জ্বলক |
ৰূপকোঁৱৰৰ ভাষাৰেই আকৌ কৈছোঁ---
   এই দেশতেই জনজীৱনত
   সোণ মনটি সোণপাহিৰে
   সোণ হাঁহিৰে ফুলক |
জনজীৱনৰ সোণ মনটি সোণ হাঁহিৰে ফুলাই তোলাত আমাৰ জাতীয় সাহিত্য সক্ষম হৈ উঠক আৰু জাতীয় অস্তিত্ব ৰক্ষাৰ পবিত্ৰ দায়িত্ব বহন কৰি সোণফুলৰ সৌৰভেৰে আমাৰ সাহিত্য কালজয়ী , যুগমীয়া তথা মহিমামণ্ডিত হৈ উঠক |
( আজি আমাৰ প্ৰাণৰো প্ৰাণৰ , হিয়াৰ আমঠু ভূপেন হাজৰিকাৰ পবিত্ৰ মহাপ্ৰয়ান তিথি ,সেয়েহে এই খণ্ডটি তেখেতৰ নামত উছৰ্গা কৰিলো ) | সমাপ্ত |

✍️হেমেন হাজৰিকা
 মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)