কুঁৱলি- জয়া বড়ি

©Admin
0

পুৱাৰ কুঁৱলি মৃদু বতাহ
মন শান্ত সুকোমল অনুভূতি,
চৰাইৰ মাত কেউপিনে কিৰিলি
ধুঁৱলি-কুঁৱলি চিৰসেউজীয়া এই পৃথিৱী।
তাতেই অলপ দুবৰিৰ হাঁহি,
শীতলতাৰে জুৰাই মন কৰে ধেমালি।

বা: মনোমোহা পৰিৱেশ......
শীতৰ বুকুত প্ৰিয়জনক বিচাৰি
উদুলি-মুদুলি।
আঘোনৰ পথাৰত আঘোণী কুঁৱৰীক,
পথাৰৰ হালোৱাই চাই ঘূৰি ঘূৰি !
কিজানি কুৱঁলিতে বিলীন
প্ৰিয়জনৰ মনৰ গৰাকী ?

ভৰপূৰ কুঁৱলীত অদৃশ্য নয়নে
ক্ষণ গণে গভীৰ সলিলৰ গীত,
লৈ কুঁৱলিৰ আমোদ..
অনুভুতি হৃদয়ত........!


✍️জয়া বড়ি
বোকাখাত, ৰজাবাৰী ,ভকতচাপৰি বাগিচা গাওঁ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)