এদিন ল'গ পালে সুধিম-ডালিমী কুলাধিপতি

Rinku Rajowar
0
কেতিয়াবা মন গ'লে
নৈ খনক বহু কথাই সুধিম
নৈৰ পাৰে পাৰে 
নৈৰ সৈতে ফুৰিম
নৈ হৈ হ'ম বিলীন
হাজাৰ বিজাৰ প্ৰশ্নৰে 
ব্যতিব্যস্ত কৰি তুলিম
বাৰে বাৰে আমনি কৰিম
নৈখন আহিলে  ক'ৰ পৰা  
যাব বাৰু ক'লৈ
শেষ ভৰষা কি সেই সাগৰখনেই নেকি ?
নে অন্য কিবা !
ক'বনে সুধিলে নৈখনে ?
নে অভিমান কৰি
গোমা মেঘৰ দৰে ওন্দোলাই থাকিব আৰু খঙত পাৰ ভাঙি বৈ যাব 
থৈ যাব নল-খাগৰি -ইকৰা- বালি
আমাৰ গাঁওবোৰ শুৱনি কৰি চহৰ নগৰ 
একাকাৰ কৰি  ।।

✍️ডালিমী কুলাধিপতি,কামৰূপ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)