নুধোওঁ গা ধুৱালি , নাখাওঁ- প্ৰবন্ধ- হেমেন হাজৰিকা

©Admin
0
   অসমীয়াত এফাঁকি প্ৰবচন আছে | নুধোওঁ গা ধুৱালি , নাখাওঁ ভাত খুৱালি , নিগিলো কি কৰ কৰ | আমি এনেয়েও এটা এলেহুৱা জাতি বুলি লোকে কয় | আৰামত খাই বহি থাকিবলৈ ভাল পাওঁ | কষ্ট কৰিবলৈ টান পাওঁ | তাতে আকৌ আকোৰগোজ মনোভাৱ এটাও নথকা নহয় | 
এলেহুৱা যে সেইবাবে তেনেকুৱা | আনে কলেও আকৌ বেয়া পাওঁ দেই | খংটোও আমাৰ কম নহয় | নাকৰ আগতে লাগি থাকে | কিবা এটা কাম নকৰো বুলি ভাবিলে সেইটো আৰু কৰাব নোৱাৰি | মই নিজে অনুমান কৰিছোঁ কিছুমান মানুহে নিজৰ মতটোকে সঠিক বুলি ভাবি ধৰি থাকে | কিবা এটা বাধ্যত পৰি কৰিলেও অৱশেষত সেইটোকে কৰে | আনে কিবা এটা কৰিবলৈ কলেও কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে | তাৰফলত কামটো সুচাৰু ৰূপত হৈ নুঠে | কামটো কৰিবৰ বাবে আগবঢ়াই দিলেও আকোৰগোজ , মইমতালিৰ বাবে হৈ নুঠেগৈ | 
আমাৰ শিশুসকলে কেতিয়াবা তেনেকুৱা ধূৰ্তামি কৰে | সিহঁতৰ লগত সেইখিনি কৰি কেতিয়াবা ভালো লাগে অৱশ্যে |
  মই মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কব পৰা হৈছো , মই দিনটোৰ বেছিভাগ সময় যি কেইজন মানুহৰ সৈতে কটাওঁ তাৰে কেইজনমান তাৰ আওতাত পৰে | তেওঁলোকে ভবাটোৱেই সত্য , তেওঁলোকে কৰিব খোজাটোৱেই সঠিক | যিমানেই যুক্তি নিদিয়ক নাই লাভ নাই | সন্মুখত সলাগি থলেও , সমৰ্থন কৰিলেও অৱশেষত তেওঁলোকে ভবামতেই কৰে | আমাৰ কোৱাবোৰ বুজোৱাবোৰ সকলো অথলে গ'ল | পিছত তেনে কৰিলে কওঁতা জনে যে অন্তৰত আঘাট পাব পাৰে তাকলৈ চিন্তা নকৰে | গতিকে তেনেবোৰ মানুহক একো নোকোৱাটোৱে মংগল | সেয়েহে কথাতে কয় ...
  নুধুওঁ গা ধুৱালি , নাখাওঁ ভাত খুৱালি , নিগিলো কি 
 ক ৰ কৰ |

✍️হেমেন হাজৰিকা
মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)