ব্যক্তিত্ব- বাণীকান্ত লহকৰ

 প্ৰসঙ্গ ক্ৰমে দেউতাই কথাটো মোক কেবাদিনো সুধিছিল । "তই কেনেকৈ উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষ জগবন্ধু পাঠকক চিনি পা ।" সিদিনা বজাৰত হঠাতে লগ পাই মোক সুধিছিল "আপুনি আইনুৰ দেউতাক নেকি ?" তাৰ পিছত বহু কথাই পাতিছিল ।
দেউতাৰ কথা শুনি আচৰিত হ'লো যিটো অঞ্চলত দেউতাৰ নামেৰে আমি জনাজাত । অথচ অধ্যক্ষ মহোদয়ে মোৰ নামেৰে দেউতাৰ চিনাকি বিচাৰিছিল ।
দেউতাক মই কৈছিলো তেখেতৰ ডাঙৰ ছোৱালী জনী আমাৰ কলেজৰ সহপাঠি । বান্ধৱী । তেখেতক প্ৰথম লগ পোৱা কাহিনীটো , তেখেতৰ কথা ওলালেই কৈ শুনাইছিলো ।
 কলেজৰ পৰা শিক্ষামূলক ভাৰত ভ্ৰমণলৈ যাবৰ দিনাখন ৰেলত বহি আছো । বিজ্ঞান বিভাগৰ আমি মাত্ৰ তিনিজনী ছাত্ৰী । এনেতে হলৌ হচৌ সাজ পৰিহিতা ব্যক্তি এজন আমাৰ কম্পাৰ্ট মেণ্টলৈ সোমাই আহে আৰু মোৰ ওচৰতে বহি মোৰ পৰিচয় সোধাৰ পিছত ভ্ৰমণৰ বিষয়ে না না উপদেশ মূলক কথা ক'ব ধৰিলে । মনে মনে বিৰক্তি অনুভৱ কৰিছিলোঁ । অথচ ভদ্ৰতাৰ খাতিৰত তেখেতৰ কথাখিনি শুনিছিলো । খুউৱ ধৈৰ্য্য সহকাৰে শান্ত ভাবে । এনে ভাব হৈছিল একেবাৰে মানুহ জনে তেওঁৰ জ্ঞান গৰ্ভ মোক মেলি দি মোৰ জৰিয়তে বান্ধৱী দুয়োজনীকো শুনাইছে । মানুহজন গুচি যোৱাৰ পিছত স্বস্তিৰ নিশ্বাস কাঢ়ি বান্ধৱী অনুপ্ৰিয়া লৈ চাই ক'লো "ৰক্ষা , বাপৰে একেবাৰে """""।
মোক কথা শেষ কৰিব নিদি অনুপ্ৰিয়াই কৈ উঠিল " তই অধ্যক্ষ মহোদয়ক চিনি নাপাওঁ নেকি ? তেখেত এই প্ৰণতিৰ দেউতাক । আমাৰ হাই চেকেণ্ডাৰীৰ প্ৰিন্সিপাল । তোৰ ভাগ্য ভাল ,তোৰ লগত কথা পাতিছে ।
প্ৰণতি মোৰ ফালে চাই ক'লে "অ মোৰ দেউতা ।" একো নহয় দিয়া ।
মই চিনাকি কৰি নিদিয়া বাবে দুয়োজনীকে দোষ দিলো । অলপো লাজো পালো এনে মানুহ এজনক চিনি নোপোৱা বাবে । মনে মনে ভাবিলো ইমান সাৰ গৰ্ভ কথা বোৰ মোক কিয় কৈ গ'ল ! নিজৰ জীয়েকক কব পাৰিলেহেঁতেন !
পিছত গম পাইছিলো মানুহজনে যেনে ধৰণে একেবাৰে সাধাৰণ সাজ পোছাক পিন্ধে ঠিক তেনেদৰে তেখেতৰ অধ্যাপিকা বাইদেৱে সাধাৰণ পোছাক পিন্ধে । কোনো ধৰণৰ প্ৰসাধন নকৰে । তাৰ বিপৰীতে ছোৱালী দুজনী মাক দেউতাকৰ অমতত অতি আধুনিকা । মাক-দেউতাকে এইবোৰ বেয়া পালেওঁ কথা নুশুনে বাবে বেছি কথা বতৰা নকয় ।
আমি ভ্ৰমণৰ পৰা ঘূৰি অহাৰ পিছত কলেজলৈ যোৱা পথত তেখেতে লগ পোৱাত ; ভ্ৰমণৰ সমষ্ট কথা মোৰ পৰা জানি ল'ব বিচাৰিছিল । মই বুজি পাইছিলো নিজৰ ছোৱালীজনীৰ পৰা নিশ্চয় তেখেতে একো সবিশেষ আ ভূ পোৱা নাই । কথা পাতোতে তেখেতৰ ব্যক্তিত্ব দেখি চমক খাইছিলো । ইমান ব্যক্তিত্বৰ মানুহ জনে মোক কিয় ইমান ভাল পাইছিল ভাবি আচৰিত হওঁ । বোধহয় মোৰ ভিতৰৰ মানুহজনীক তেখেতে আৱিস্কাৰ কৰিছিল । 
তেখেতৰ ল'ৰা দুজন আৰু ছোৱালী দুজনী । ডাঙৰ ল'ৰাজনৰ দীপাৱলীৰ সময়ত হিলৌ মাৰি থাকোঁতে দূৰ্ঘটনা হৈ মৃত্যু হৈছিল । এই ঘটনাৰ বাবে ভনীয়েক প্ৰেৰণা প্ৰায় চাৰি পাচঁদিনৰ বাবে অৰ্ধ চেতন অৱস্থাত আছিল । দদায়েকৰ লগত তাইৰ খুউৱ মধুৰ সম্পৰ্ক আছিল । আমি খৱৰ ল'ব যাওঁতে মাক দেউতাকক কিন্তু সাধাৰণ অৱস্থাতে পাইছিলো ।আমাক অতিথি সোধ পোধ কৰিছিল । আমি নিজে একো খাৱ নোৱাৰিলো । দুখত ম্ৰিয়মান হৈ পৰিছিলো ।
এটা সময়ত তেখেতে অৱসৰ পোৱা বুলি শুনিছিলো । ময়ো কলেজীয়া শিক্ষা শেষ কৰি বিজ্ঞানৰ স্নাতক হৈ ঘৰতে নিবনুৱা জীৱন কটাব ধৰিলোঁ ।
       আমাৰ ঘৰৰ পৰা কিছু দূৰৰ মুছলমান জন বসতি প্ৰধান অঞ্চলৰ ভেনচাৰ ছোৱালী হাইস্কুলৰ শিক্ষকৰ পদ এটাত মোক ভৰ্তি হ'বলৈ অনুৰোধ কৰিলে । স্কুল পৰিদৰ্শন কৰিবলৈ যিদিনা পৰিদৰ্শক আহিব কমিটিৰ অনুৰোধত দেউতাৰ লগত স্কুলত গ'লো । যাৱলৈ ভাল বাট পথ নাছিল ।
     স্কুলত যেতিয়া পৰিদৰ্শক আহিল মোক দেখি আচৰিত হ'ল । ময়ো মানুহজনক চিনি পালো আৰু বেছি ভাগ কথা মোৰ লগতে পাতিলে । দেউতাক দেখি কাণৰ কাষত ফুচফুচাই সুধিলে "দেউতেৰা কিয় আহিছে ?দেউতা স্কুলৰ বাৰান্দাত আছিল । দেউতাই কথাটো শুনা নাছিল । কমিটিৰ আৰু স্কুলৰ বাকীবোৰ মানুহ অবাক হৈছিল । ময়ো তেখেতক ক'ব পৰা নাছিলো ৰাইজৰ অনুৰোধত তেখেতক দেখুৱাবলৈহে সেইদিনাই মই স্কুললৈ প্ৰথম বিজ্ঞানৰ শিক্ষয়ত্ৰী হিচাপে গৈছো । যদিও স্কুলৰ ৰেজিষ্টাৰত মোৰ নামটো বহুত আগৰে পৰা দেখুৱা হৈছিল । স্কুলখন পৰিদৰ্শন কৰি যোৱাৰ পিছত চৰকাৰৰ ঘৰৰ পৰা স্কুলখনে কি ফল লাভ কৰিলে আজিও মই অজ্ঞ । কাৰণ ইতিমধ্যে স্কুলখনত শিক্ষক সম্পূৰ্ণ আছিল । ছোৱালী হাইস্কুল হোৱা বাবে কমেও দুজনী শিক্ষয়ত্ৰী লাগে বাবে মোক অনুৰোধ কৰিছিল । মোৰ পদটো যদি চেঞ্চন আহে পূৰ্বৰ শিক্ষকজনে সুবিধাটো পাওঁক বুলি মই কিয় ভাবিছিলো নাজানো ! আৰু ইতিমধ্যে মোৰ বিয়া হৈ মই দূৰৰ নগৰলৈ গুছি গৈছিলো । কোনোদিনে সেই পদটিৰ বাবে লোভাম্বিত হোৱা নাছিলো ।বোধহয় সেয়া দেউতাৰে সংস্কাৰ আছিল । আজি কিবা কথা প্ৰসঙ্গত পূৰণি কথা ওলাওতে শ্ৰদ্ধাৰে অন্তৰ ভৰি পৰিল । আকৌ মোৰ মানুহজনৰ আগত পুৰনি কথা সুঁৱৰিলো। আপোনাক ক'বই পাহৰিছো স্কুল পৰিদৰ্শন কৰিবলৈ অহা সেই বিশেষ পৰিদৰ্শক জন আছিল পৰম শ্ৰদ্ধাৰ জগবন্ধু পাঠক ছাৰ।

✍️বাণীকান্ত লহকৰ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send