মোৰ পদূলিমুখত মোৰ প্ৰাণৰ আঘোণ~অনুভৱ- হেমেন হাজৰিকা

©Admin
0
   পল পল দণ্ড ধৰি সময় গৈছে উৰি পাখি লগা কাড়ৰ নিচিনা অবিৰাম | সময়, যাক দেখা নাপাই , স্পৰ্শ কৰিব নোৱাৰি , অনুভৱো কৰিব নোৱাৰি কিন্তু তাৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী | এক দণ্ড , এক দণ্ড কৰি পাৰ হৈ গৈ থাকে সময়  হয় পৰিৱৰ্তন | সেই পৰিবৰ্তন কিন্তু দেখা পায় , সেয়া সময়ৰ পৰিৱৰ্তন | এনেদৰে পাৰ হৈ যায় অমূল্য সময় , যাক কাহানিও ফিৰাই নাপায় |
 ঠিক সেইদৰে অসমীয়া মাহ ব'হাগত আৰম্ভ হোৱা আমাৰ সময় নতুনৰ আৰম্ভণি | আমি আদৰণি জনাওঁ তেনেদৰে | তাৰ পিছত খেতিয়কে আৰম্ভ কৰে পথাৰ যাত্ৰা | নাঙল যুঁৱলী ধুই ধৰণি সেউজীয়া কৰাৰ লক্ষ্য বান্ধি পথাৰত নামে | সপোন সিঁচিবলৈ ককালত টঙালি বান্ধে | কাৰণ ভৱিষ্যতে জীয়াই থাকি জীয়াই ৰাখিবলৈ পণ বান্ধে | আৰম্ভ হয় বৰ্ষা ঋতু , প্ৰৱল বৰষুণ |তেতিয়া খেতিয়কৰ বৰষুণ কাম্য | খেতিয়কেও গাই কিজানি এনেদৰে --- এজাক সপোন যেন লগা বৰষুণে তিয়াই যাওক পথাৰ | সেই বৰষুণত আপাদ মস্তক তিয়াই খেতিয়কো তিতে , তিতি জুৰুলা জুপুৰা হয় , ৰ'দত শুকাই গা-- মুখ ক'লা পৰে | কি অগাধ পৰিশ্ৰম , সেই পৰিশ্ৰমত কপালৰ ঘাম মাটিত পৰে , হাড় মাটি হয় | তাৰ ফলশ্ৰুতিত ধৰণী সেউজীয়া হয় | লহ পহীয়া হয় সোণগুটি , তেতিয়া খেতিয়কে হাঁহে | সেয়া আহাৰ-শাওণ-ভাদ | তাৰ পিছত দুদিন মান জিৰণি , ভাগৰৰ অম্লান টোপনি | আহিন মাহ , শেৱালী , নিয়ৰ , শৰতৰ মাদকতাময় পৰিৱেশ উপভোগ কৰি উছবৰ স'তে প্ৰাণঢালি আনন্দ কৰি পাৰ কৰে আনন্দৰ সময় | আহিনৰ শেষত বাপতি সাহোন কাতি বিহু সেই বিহুত খেতিয়কৰ শ্ৰম আৰু ঘামে মিচিক মাচাক হাঁহে | পথাৰত বন্তি জ্বলাই কাতৰ প্ৰাৰ্থনা | খেতি দৰাৰ যেন কুশল হয় | তাৰ পিছত কাতি | পথাৰে বৰণ সলাই | এই পকো এই পকো ধানে খেতিয়কক কাঁচিত শাণ দিবলৈ মনত পেলাই দিয়ে | খেতিয়কেও বুজে পথাৰৰ ভাষা | 
তাৰ পিছতে সোণালী আঘোণ পথাৰ ভৰি পৰে সোণগুটিৰে | আমাৰ এফাঁকি কবিতা পঢ়া মনত পৰে আঘেণক লৈ লিখা কিমান ভাল লাগে পঢ়ি | মিঠা মিঠা লগা শব্দৰ মালাৰে গঠা যাক আজিও পাহৰা নাই |
     কাতি মাহত আকাশ বন্তি
      জ্বলাই শাৰী শাৰী
   আঘোণ মাহত সোণালী ধান
       থাকে পথাৰ ভৰি 
আকৌ ডাকৰ বচনতো আঘোণৰ জয়গান | আঘোণ মাহত খাবা চৰাই , পুহত পিঠা মাঘত কৰাই | আঘোণ মাহত সোণোৱালী পখাৰত সোণগুটীৰে পথাৰ ভৰি পৰে | সোণ বুটলা সময় এয়া | খেতিয়ক আকৌ ব্যস্ত হৈ পৰে পথাৰৰ স'তে | আহাৰ শাওণ মাহৰ শ্ৰমবোৰ এতিয়া ঘৰলৈ অনাৰ সময় | সময়ৰ অভাৱ | সোণগুটি পথাৰৰ পৰা ঘৰলৈ আনি ঘৰৰ চোতালত জমা কৰিব লাগিব | এটা ফুৰফুৰিয়া গোন্ধত ঘৰখন ভৰি পৰে | তাৰ পিছত মৰণা মাৰি খেৰ বোৰ আঁতৰাই ৰ'দত শুকুৱাব লাগিব | ভৱিষ্যতৰ বাবে সাঁচি ৰাখিবলৈ ভঁৰালত ভৰাই থ'ব |
আমাৰ অসমীয়া সমাজত এটা পৰম্পৰা আছে আঘোণ মাহত ন-ধানেৰে জ্ঞাতি কুটুম্বক মাতি লগে ভাগে চোতালত বহি এসাঁজ ভাত খায় | তাকে ন-খোৱা বোলে |
কিমান ভাল লাগে | কিন্তু আজি কালি তাৰ সোৱাদ ল'বলৈ নোপোৱা হ'লো | বৰ দুখ লাগে , কিন্তু কি কৰিম , সেয়া সময়ৰে পৰিৱৰ্তন বুলি মানি লৈছো | কি যে নকৰিছিলো এই আঘোণত | এতিয়া যে আমি যন্ত্ৰ হৈ পৰিলো | আঘোণৰ কথা কিমান ক'ম | প্ৰাৰ্থনা জনাইছোঁ আঘোণ সদায় সোণোৱালী হৈ থাকক |

✍️হেমেন হাজৰিকা
মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)