দক্ষিণ কামৰূপৰ ৰাভা সকলৰ স্ত্ৰী আচাৰ অনুষ্ঠান ০৮~প্ৰবন্ধ- হেমেন হাজৰিকা

©Admin
0
  ৰাভা সমাজত ঢকা ৰখা প্ৰথা প্ৰচলন আছে | বগেজাৰী গীতত ইয়াৰ উল্লেখ পোৱা যায়......
       শাল পাতৰ খাছেৰাং
        ডলে বাঁহৰ হকা
    আমাৰ দেখি নাহিবি আপা
       ৰাখি পেলাম ঢকা |


     মাথা থোপা চৰে
     কতৰ কতৰ কৰে
     নালাগে বিয়াতা ভাটাৰ
     ঢকাই আদৰ কৰে |

  দৈনন্দিন জীৱনৰ বিভিন্ন ছবিও বগেজৰীৰ গীতত পোৱা যায় |
    
   বেঙে মাতে তুৰুত তাৰাত
   চাপ্ ৰা মাটিৰ তলত
    নৱা কইনাৰ চানা কান্দে
    ছিৰা কানিৰ তলত |

    অ' আপী ৰূপে মালী
    নাচোং হালি জালি
    নাচংতে পৰিল চানা
    লোও বুটলি |

    চৰু --হাৰি উদাং দাং
    পৰি আছে চিকা
    কানিয়া ভাটাৰ নবহং
    সোণা যাব বিকা |

  বৰ্তমান সময়তো বগেজাৰী নৃত্য --গীত দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত প্ৰচলিত হৈ আছে | বৰ্তমান সময়ত ঘৰে ঘৰে কৰা নৃত্যৰ উপৰিও বজাৰ , বিহুমঞ্চ আদিতো বগেজাৰী নৃত্য দেখিবলৈ পেৱা যায় | ছয়গাঁৱৰ আলুখুন্দা -- বাংকাকাটা কলা কৃষ্টি বিকাশ কেন্দ্ৰ'ৰ সদস্যা সকলে বিভিন্ন অনুষ্ঠানত বগেজাৰী নৃত্য পৰিৱেশন কৰি দৰ্শকৰ সমাদৰ লাভ কৰি আছে |

          সমাপ্ত

✍️হেমেন হাজৰিকা
 মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)