সদ্যস্নাতা মোৰ সপোনৰ শূন্যোদান
পুৱাৰ বেলিৰ ৰক্তিম ৰশ্মিয়ে দহি যায় হৃদয়ৰ কানন
অযুত আশাত কোমল হৃদয়
যন্ত্ৰনাকাতৰ সেউজ বুকু ...
তাৰ প্ৰতিখোজ দেও দি যায়
এটা শুকান আবেলি ...।
মোৰ কোমল দুহাতৰ কোঁহে শক্তিশালী ৰক্তৰ ৰশ্মিয়ে
নিসংগতাক আৱৰে উমাল ৰশ্মিবোৰে !!
হেঁপাহেৰে তুলি লওঁ দুহাতেৰে তাৰ প্ৰতিটো খোজ
ক্ৰমে উজ্জ্বল হৈ উঠে ।
আবেলিটোৰ শেষত ...
এক নতুন জীৱন বিচাৰো
দুৰ্নিবাৰ গতিৰে আগবাঢ়ে প্ৰতিক্ষণ...
জীৱন-যৌৱন !!
সময়ৰ তাণ্ডৱ নৃত্যত উজুতি খাই থৰ-কাচুটি হেৰুৱাই
বিলীন হ'ব খুজে নীলাকাশৰ উমাল বুকুত ,
বহু প্ৰতিশ্ৰুতি এতিয়া নীলাম হ'ল
হৃদয় নামৰ দ-পথাৰখনত ।
কাগজৰ ভাঁজতেই ৰৈ গ'ল নিভৃত কোণৰ যন্ত্ৰনা
ভাষাৰে বুজাবলৈ নাথাকিল শব্দৰ মায়াজাল
সপোন হৈ ৰয় প্ৰতিক্ষণ।
✍️ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ