নিজৰ এক মাত্ৰ ভনীয়েক জনী গাৱঁৰে শিক্ষিত নিবনুৱা এটাৰ লগত পলাই যোৱা বাবেই সকলো দোষ মাক বাপেকৰ ওপৰত জাপি দি নিৰেন ঘৰৰ পৰা একেবাৰেই ওলাই আহিছিল ২০ বছৰৰ আগত ,
আজি তাৰ একমাত্ৰ ছোৱালী জনীয়ে মেট্ৰিকত distinction পাই পাছ কৰিছে সি সোনকালে অফিচৰ পৰা ঘৰলৈ ঘুৰিব লাগে। লৰা লৰিকৈ কামবোৰ সামৰি ঘৰলৈ গাড়ীত বহোতেই ফোন বাজিল।
ফোনত শুনা কথাবোৰে তাক আজি মাক দেউতাকলৈ বাৰুকৈয়ে মনত পেলাইছে ...........
তাৰ একমাত্ৰ ছোৱালী জনী আজি ৰিজাল্ট লৈ ঘুৰি নাহিল তাইক স্কুল অনা নিয়া কৰা উবেৰ চলোৱা ল'ৰাটোৰ লগত পলাই গ'ল।
✍️ পল্লৱ কুমাৰ বৰা
গুৱাহাটী ,দিছপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ