আচৰণ~চানেকিৰ শিশু চ'ৰা( শিশুবোৰ ফুলৰ দৰে )-হেমেন হাজৰিকা

©Admin
0
মৰমৰ মইনাহঁত , মৰম ল'বা দেই | তোমালোক কুশলে আছা চাগৈ | আমি যেতিয়া তোমালোকৰ দৰে আছিলোঁ , তেতিয়া আমাকো আমাতকৈ ডাঙৰ সকলে আমাকো মইনা /মাইনী বুলিয়েই মাতিছিল | আমাৰ খুউব ভাল লাগিছিল | পঢ়াশালীৰ চাৰ / বাইদেউ সকলে আমাক এষাৰ বৰ গুৰুত্বপূৰ্ণ কথা শিকাইছিল | যি আমাৰ জীৱনত আজিও ক্ৰিয়া কৰি আছে | গতিকে তাত তাৰতম্য দেখিলে আমি আচৰিত হওঁ , আমাৰ বেয়া লাগে | কথাষাৰ হ'ল -- ভাল কথা , ভাল মাত , ভাল ব্যৱহাৰ তেনে আচৰণকে বোলে শিষ্টাচাৰ | আজি কালি তোমালোকৰ লগৰে এচামৰ শিষ্টাচাৰৰ অভাৱ হৈছে | তেওঁলোকৰ আচাৰ ব্যবহাৰ , মাত কথা আচৰণ আদি খুউব বেয়া হৈছে | সেইবোৰ দেখি আমি মৰ্মাহত হওঁ | তাৰ কাৰণ হ'ল আমি সেই অৱস্থাত থাকোতে তেনে কাম কৰা নাছিলোঁ সেই কাৰণে | ইয়াৰ কাৰণে কিন্তু আন কোনো দায়ী নহয় , দায়ী তোমালোক নিজে | তোমালোক ভাল হ'বা নে বেয়া হ'বা সেয়া সিদ্ধান্ত তোমালোকে নিজে ল'বা | আনে তোমালোকক কোনেও জোৰ কৰি বেয়া অথবা ভাল কৰিব নোৱাৰে | আজি তোমালোকৰ এচামৰ শিষ্টাচাৰৰ ইমান অধঃপতন হবলৈ পালে কেনেকৈ ? তোমালোকৰ শ্ৰদ্ধাৰ মা-- দেউতাহঁতে কেতিয়াও তোমালোকৰ তেনে কথা কামনা নকৰে | শিক্ষাগুৰু সকলে নকৰে, তেনে হলে তেখেত সকলে অন্তৰত আঘাতহে পায় | তেতিয়া তেখেত সকলে ভাবে এনে ছাত্ৰৰ শিক্ষক হোৱাৰো আমাৰ দুৰ্ভাগ্য হৈছিল | গতিকে মইনাহঁত, তোমালোক ভাল হ'বৰ চেষ্টা কৰিবা , কাৰণ আহিব লগা সময়ে তাৰ বাবে অধিৰ আগ্ৰহেৰে বাট চাই আছে | এনে এখন বিশাল দেশৰ সু-নাগৰিক হৈ দেশৰ বাবে , জাতিটোৰ বাবে কাম কৰিবলৈ অপাৰ সম্ভাৱনাৰ গৌৰৱময় পথৰ অংশীদাৰ হ'বলৈ দেশমাতৃয়ে তোমালোকললৈ সৌভাগ্যৰ দুৱাৰ খুলি ৰাখিছে | সেই দুৱাৰেদি প্ৰৱেশ কৰি তোমালোক সেই গৌৰৱবৰ অধিকাৰী হোৱা | কাৰণ আমাৰ দেশমাতৃলৈ গভীৰ  প্ৰত্যাহ্বান‌ আহিছে | সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ নিজে শক্তিশালী হৈ দেশমাতৃৰ সেৱাৰ বাবে প্ৰস্তুত হোৱা নহলে আমাৰ ঠাইতে আমাক শাসন কৰা দায়িত্ব আমি অনায়াসে আনৰ হাতত তুলি দিব লাগিব | সেই পৰিস্থিতত আমাৰ কি অৱস্থা হ'ব পাৰে তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিছা | সেই সুযোগ গ্ৰহণ কৰিবৰ বাবে হাতোৰা মেলি আছে | 
   মইনাহঁত তোমালোক আমাৰ ভবিষ্যত, গতিকে তোমালোক ভাল হলে আমাৰ ভাল লাগে , আমি গৌৰৱ কৰিব পাৰো | সেই সুযোগ আমাক দিবা মইনাহঁত সেই আশা আমি নিশ্চয়কৈ কৰিব পাৰো |

✍️হেমেন হাজৰিকা
মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)