ভোটাৰ আৰু পান কাৰ্ড বিচাৰি~ গল্প-হাইছ উদ্দিন আহমেদ

©Admin
0
মোৰ বাইদেউৰ ঘৰত এটা বিপদ হৈছে, বাইদেউৰ গিৰিয়েকৰ নামত থানাত গোচৰ আহিছে ৷
সেই দেখি বাইদেউৰ ভয় ,যদি বাইদেউক পুলিচে সোধা পোছা কৰে ?
কি হ'ব বৰ ভয় খাই আছিল
বাইদেউ,আহি মোক কৈছিল 
তই তোৰ নামত এটা চিম উলিয়াই দে ৷
মোক বাইদেৱে চাহ খোৱাই 
মোৰ হাতত এশ টকা দি কৈছিল,
“পঞ্চাশ টকা মান লব পাৰে৷"
ময়ো গৈ দোকান এখনত সুধিলো৷ 
দোকানীয়ে ক'লে কিবাকিবি
কিন্তু এমাহৰ বাবে ৩৯৯ টকা 
সেইটো হে বুজিলো৷
পিছে দোকানী জনক আকৌ সুধিলো,
প্ৰমাণ পত্ৰ কি জমা দিব লাগিব ?
দোকানীয়ে কৈছিল ভোটাৰ কাৰ্ড দিলেই হৈ যাব
কিন্তু আচলটো আনিবা আজিকালি অনলাইনত বৰ ৰিস্ক হৈছে,
দোকানীৰ কথাত ময়ো লগা-লগ 
ঘৰলৈ গ'লো 
ভোটাৰ কাৰ্ডখন আনিবলৈ ৷
লৈ আহোতে যিটো পকেটত ম’বাইল আছিল ,সেই পকেটত ভুলতে সোমোৱাই আহিছিলো,
হঠাতে ফোন আহিল ৷
ম’বাইল উলিয়াই কথা পাতিলো ,
কিন্তু ভোটাৰ কাৰ্ড আৰু লগত পান কাৰ্ডখন একেলগে খাম এটাত আছিল
ক’ৰবাত পৰি থাকিল ৷
বহুত বিচাৰি নাপাই মই 
ইজন-সিজনকৈ বহুতো দোকানত,ওচৰৰ মানুহক সুধি চালো ৷
কিন্তু কোনোৱেই নাই পোৱা বুলি জনাইছিল ৷
উপায়হীন হৈ 
দোকানত আহি দোকান খুলি বহিলো ৷
তেতিয়াই এজন মানুহে আহি মোৰ ওচৰৰ দোকানীক সুধি আছে,
“এইজনা মানুহক চিনি পায় নেকি ?”
অথচ মই ওচৰতে আছিলো৷
মই বহুতো আনন্দত সেই মানুহ জনক ৰূপচন্দা মাছ এটা উপহাৰ দিলো৷

✍️হাইছ উদ্দিন আহমেদ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)