মোৰ সপোনৰ আদৰ্শ গাঁওখন-জিন্তী বড়া

©Admin
0
মানুহ সমাজ প্ৰিয় জীৱ। মানুহে সমাজ সৃষ্টি কৰে আৰু সমাজেও মানুহ সৃষ্টি কৰে। বহুতো লোকে শৃংখলাবদ্ধ ভাৱে একেলগে বসবাস কৰি থকাকে সমাজ বুলি ক'ব পাৰি । উজনি অসমৰ এখন অন্যতম জিলা ডিব্ৰুগড়ৰ জিলাৰ অন্তৰ্গত তৈল ক্ষেত্ৰ দুলিয়াজানৰ ওঁচৰতে থকা চাওঁলুং-চ্যুকাফাৰ পদধূলি পৰা চেনেহৰ জননী ঊষাপুৰ গাওঁ। 
            ঊষাপুৰ হৈছে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়িদিহিং নদীৰ পাৰত অৱস্তিত এক বৃহত্তৰ অঞ্চলক আৱৰি গঠিত হোৱা এখন গাঁও । ঊষাপুৰ অঞ্চলটো পৃথিৱীৰ বিষুৱৰেখাৰ পৰা উত্তৰ -দক্ষিণ দিশে ২৭.২৮৫১৫ ব্যাসাৰ্ধ আৰু পৃথিৱীৰ দ্ৰাঘিমা ৰেখাৰ পৰা পূৱ-পশ্চিম দিশে ৯৫,৪৬৫২২ দ্ৰাঘিমাংশত অৱস্থিত ঊষাপুৰ অঞ্চলটো কেইবাগনো সৰু সৰু গাঁৱেৰে সমষ্টি তথা সংমিশ্ৰিত মিলনভূমি । ঊষাপুৰ অঞ্চলটো দিহিং কিনাৰ বঙালী গাঁও , টিয়কী , গৰীয়া বাম , ঔগুৰি , চেঙেলীজান , ঊষাগাঁও, বৰবাম , মাজবাম,খনিকৰ ,টিপাম , আদিৰে গঠিত ঊষাপুৰ খন। 
           প্ৰকৃত অৰ্থত গাওঁ হৈছে প্ৰাকৃতিক সৌন্দয্যৰ ভঁৰাল । যিফালেই চোৱা যায় সেইফালেই গছ-লতিকাৰে সেউজীয়া ৰং বাগিছাত ফুলৰ মনোমোহা ৰূপ নৈ, বিল, জান-জুৰি, বননি , খেতিপথাৰ আদিৰ কমনীয় শোভা , নানা ৰঙিয়াল চৰাইৰ সুললিত কণ্ঠৰ গীত , বিস্তীৰ্ণ ভূ-ভাগ , উন্মুক্ত বায়ু আদি প্ৰকৃতিৰ দান । ইয়াৰ মাজতেই যি জীৱন-জাপন কৰা যায় , সেয়ে গাৱঁলীয়া জীৱন । 
            এটা অঞ্চল বা এখন গাঁও সুন্দৰ কৰি ৰাখে সেই গাঁও বা অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ আৰু সামাজিক পৰিৱেশে । লগতে গাঁও বিলাকত হোৱা সামাজিক অনুষষ্ঠানসমূহে ও ইয়াৰ সোণত সুৱগা চৰায় । আমাৰ গাঁওখনত ধনী-দুখীয়া , শিক্ষিত-অশিক্ষিত , বৰ চতুৰজনৰ পৰা আৰমম্ভ কৰি সাধাৰন অজলাজনলৈকে সকলো মিলিজুলিয়ে এখন সমাজ প্ৰতিস্থা কৰিছে । কৰ্মভেদে সকলো বেলেগ বেলেগ হ'লেও আমি কিন্ত একেটা অঞ্চলৰে বাসিন্দা হিচাপে ইজনে সিজনক এৰি কেতিয়াও চলিব নোৱাৰো বা কাকো অৱহেলা অৱজ্ঞা কৰিব নোৱাৰো । ইয়াৰ নিদৰ্শন সামাজিক অনুষ্ঠান বিলাকতেই প্ৰতিফলিত হৈছে। যত আমি দেখিবলৈ পাওঁ ভেদা-ভেদ , উচ্চ-নিচভাৱ নথকা এখন সুশৃংখলিত মনোৰম সমাজ । ই ধৰ্মীয় অনুষ্ঠানেই হওঁক বা অন্য সামাজিক অনুষ্ঠানেই হওঁক । পকৃত এখন অসমীয়া গাৱঁলীয়া সমাজ ।
         সময় পৰিবৰ্তনশীল এই পৰিবৰ্তনশীল সময়ৰ বুকুচাত উঠি ঊষাপুৰেও সাহিত্য , সংস্কৃতি , শিক্ষা , ক্ৰীড়া , ৰাজনৈতিক , সামাজিক , সকলো ক্ষেত্ৰতে দোপদদোপে আগুৱাই যাবলৈ ধৰিছে । বহুতো মহান মহান লোকৰ আপ্ৰান প্ৰচেষ্টাত বিংশ শতিকাৰ প্ৰথম দশকতে জন্মলাভ কৰা ঊষাপুৰে কালক্ৰমত অৰণ্যৰ পৰা জনঅৰণ্যলৈ ৰূপান্তৰিত হৈ গঢ়াই তুলিলে শিক্ষা গ্ৰহনৰ বাবে বিদ্যালয় , গঢ়ি উঠিল নাম-ধৰ্মৰ বাবে নামঘৰ , গঢ়ি উঠিল মন্দিৰ, সাহিত্য , সংস্কৃতি , ক্ৰীড়াক প্ৰতিনিধিত্ব কৰি গঢ়ি তুলিলে বিভিন্ন কলাকেন্দ্ৰ সমূহ । 
        ঊষাপুৰ অঞ্চলত বসৱাস কৰা সম্প্ৰদায়সমূহে পালন কৰা বিভিন্ন ধৰনৰ উৎসৱ পাৰ্বণ অনুষ্ঠানেসমূহে সকলো সম্প্ৰদায়ক একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উৎসৱ পাৰ্বণবোৰ ইমান পৰিপাটিকৈ পালন কৰা হয় যে ইয়াৰ দ্বাৰা অন্য সংস্কৃতিও অনুপ্ৰাণিত হৈছিল । বিশেষকৈ বিহু , ভাওঁনা , বিয়া -সৱাহবিলাক । মাঘৰ বিহুৰ মেজীৰ খৰি কটাৰ পৰা আৰম্ভ কৰি বিহুৰ ভূজ-ভাত খোৱাৰ পৰা এক উৎসৱ মুখৰ পৰিৱেশ । ঊষাপুৰৰ বিহু হুঁচৰিজোৰাইও সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনে। ঠিক তেনেদৰে গোৰ্খাসকলে উসৎৱ হিচাপে পালন কৰা দূৰ্গা পূজা , কালিপূজা আন আন সম্প্ৰদায় সমূহে পালন কৰাৰ উপৰিও ধেউচী নৃত্য , চাহ -জনগোষ্ঠীৰ ঝুমুইৰ নৃত্যও আন সম্প্ৰদায়ৰ চোতালতো পৰিৱেশন কৰা হয় । যিসমূহে সম্প্ৰদায়ৰ মাজত একতাৰ এনাজৰী দৃঢ় কৰাত অৰিহণা যোগায়। 
        নামঘৰ, মন্দিৰ , সাংস্কৃতিক কলাকেন্দ্ৰ প্ৰতিষ্ঠা হোৱা দিনধৰি ঊষাপুৰৰ বৃহত্তৰ অঞ্চলটোক সু-শৃংখলিত কৰি ৰখাৰ উপৰিও জনসাধাৰণৰ মাজত সমন্বয়ৰ সেতু বান্ধিলে । বিভেদকামী মনোভাৱ ত্যাগ কৰি সকলো সম্প্ৰদায় একতাৰ এনাজৰীৰে বান্ধ খাই পৰিল । 
         এই পৃথিৱীত যেতিয়া সেউজীয়া কিবা অলপ চুই চাব মন যায় । তেতিয়াই মই খেপিয়াই চাঁও ঊষাপুৰ নামৰ উমাল স্মৃতিৰ উত্তাপখিনি । ঊষাপুৰ তুমি এনেদৰেই থাকা আজিৰ দৰে চিৰ সেউজ হৈ আৰু আজিৰ দৰে চিৰ যুগমীয়া হৈ।।

          "নানা জাতি-উপজাতি 
          মিলনৰ এই স্থান ,
          হিয়াই হিয়াক চিনে 
          হয় এক প্ৰাণ ।।"
         ( দিলীপ খাৰঘৰীয়া )

  ✍️জিন্তী বড়া 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)