আগলতি কলা পাত লৰে ০১~অনুভৱ-হেমেন হাজৰিকা

©Admin
0
  সাহিত্য সম্ৰাট লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ অমৰ সৃষ্টি বুঢ়ী আইৰ সাধুৰ কথা কোনে নাজানে | বুঢ়ী আইৰ সাধু অসমীয়া সাহিত্যৰ এক নজহা নপমা সম্পদ | সেই সাধুকথাসমূহৰ জৰিয়তে নানান নৈতিক জ্ঞান লাভ কৰিব পাৰি | সেয়েহে আমি সাধুকথা পঢ়িব লাগে |
    বুঢ়ী আইৰ সাধু কিতাপখনত থকা এটা সাধু হ'ল চিলনীৰ জীয়েকৰ সাধু | চিলনীৰ জীয়েক হোৱা বাবে তাই গছত বাস কৰিছিল | তাইৰ চুলিখিনি খুউব দীঘল আছিল | ভাগ্যক্ৰমে তাই এজন ৰজাৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল | তেতিয়াৰ দিনত ৰজাসকলৰ কেবাগৰাকীও পত্নী আছিল | চিলনীৰ জীয়েক যেতিয়া ৰাণী হ'ল তেতিয়া আগৰ ৰাণী কেইদনীয়ে তাইক দেখিব নোৱাৰিছিল | সৰু ৰাণী হোৱা বাবে ৰজাই বৰ মৰম কৰিছিল | চিলনীৰ জীয়েকে কিন্তু কাম-বন একো নাজানিছিল | কাম কৰাৰ আগতে মাকক মাতি সুধি লৈছিল | বিয়াৰ পিছত ৰজাৰ লগত আহোঁতে কথাতো মাকে তাইক শিকাই পঠাইছিল | সেয়ে তাই তেনে কৰিছিল | 
    আগলতি কলাপাত লৰে কি চৰে |
চিলনী আই মোৰ আগতে পৰে |
তেনেদৰে কাই মাক চিলনীৰ পৰা কামবোৰৰ বুদ্ধি লৈ কাম কৰি গৈছিল |
ঠিক তেনেদৰে আজিৰ তাৰিখত আমি যদি চাওঁ এজনী ছোৱালী আন এখন ঘৰলৈ বেৱাৰী হৈ আহি এখন নতুন ঘৰত , নতুন পৰিৱেশৰ মুখামুখি হ'ব লগা হয় | ভয় সংকোচ থাকে , কাম কৰোতে কেতিয়াবা কৰবাত ভুল হৈ যায় | তেতিয়া যদি সেই ঘৰখনৰ মানুহ খিনিয়ে নতুন বোৱাৰীজনীক গালি শপনি পাৰে , একো কাম নজনা বুলি কয় , মাকৰ ঘৰৰ পৰা একো শিকি নহা বুলি কয় সেই ঘৰখনৰ মানুহক অপমানসূচক বাক্য কৈ থাকে তেতিয়া নতুন কইনা জনীয়ে মনে মনে ক'বলৈ বিচাৰে --
  আগলতি কলাপাত লৰে কি চৰে |
মৰমৰ আই মোৰ তোলৈ মনতে পৰে | 

 আগলৈ
   
✍️হেমেন হাজৰিকা
  মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)