জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউট পোষ্ট লৈ বৰ্ষশ্ৰেষ্ঠ ধাৰাবাহিক বঁটা~বোলছবি-কুলদ্বীপ কাশ্যপ

©Admin
0
অসমৰ অগ্ৰনী সাংস্কৃতিক সংস্থা 'প্ৰহেলিকা' এ প্ৰত্যেক বছৰে বৰাক-ব্ৰহ্মপুত্ৰ সমন্বয় বঁটা প্ৰদান কৰি আহিছে। বিগত বৰ্ষৰ দৰেই এই বৰ্ষতো আজি গুৱাহাটী উজানবজাৰ স্থিত বিবেকানন্দ কেন্দ্ৰ প্ৰেক্ষাগৃহত 'বৰাক- ব্ৰহ্মপুত্ৰ সমন্বয় বঁটাৰ আয়োজন কৰা হৈছিল। উল্লেখযোগ্য কথাটো এয়েই যে এইবেলি মনোৰঞ্জন ধৰ্মী চেনেল ৰেঙনিৰ অভিলেখ সৃষ্টিকাৰী জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউট পোষ্টলৈ বৰ্ষশ্ৰেষ্ঠ ধাৰাবাহিক বঁটা প্ৰদান কৰা হৈছে। উক্ত অনুষ্ঠানটোত ধাৰাবাহিক বেহাৰবাৰী আউট পোষ্টৰ হৈ বঁটা গ্ৰহণ কৰে চিত্ৰনাট্যকাৰ পল্লৱ পৱন বৰা, অভিনেতা সিদ্ধাৰ্থ শৰ্মা, প্ৰীতম বৰুৱা, হিমাংশু,অভিনেত্ৰী পাৰবিন চুলতানা,সীমা বৰুৱাৰ লগতে বেহাৰবাৰী আউট পোষ্ট পৰিয়াল বৰ্গ। এই ভাল খৱৰটো শুনাৰ পিছৰেপৰা পৰিচালক মনোজ শইকীয়া ,খণ্ড পৰিচালক চৈয়দ ৰাজীৱ ৰহমানৰ লগতে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট, প্ৰমুখ্যে ধাৰাবাহিক খনৰ অভিনেতা-অভিনেত্ৰী লগতে ওতঃপ্ৰোত ভাবে জড়িত সকলো সদস্যৰ লগতে ৰেঙনি চেনেলৰ সমূহ কতৃপক্ষ আনন্দত উৎফলিত হৈ পৰিছে। লগতে তেখেত সকলে এইটো কথাও সদৰী কৰে যে এই বঁটাটোৱে আগন্তুক দিনত ধাৰাবাহিক খন আগুৱাই নিয়াত যথেষ্ট উৎসাহ আৰু অনুপ্ৰেৰণা যোগাব।অসমৰ অগ্ৰনী সাংস্কৃতিক সংস্থা 'প্ৰহেলিকা' এই মহৎ অনুষ্ঠানটোক আন্তৰিক ধন্যবাদ জনোৱাৰ লগতে উত্তোৰ উন্নতি কামনা কৰিছে।

✍️কুলদ্বীপ কাশ্যপ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)