গাড়ীখন গেৰেজৰ পৰা কাটি- কুটি উলিয়াবলৈ যেন বহুত কষ্ট হৈছে। বহু চেষ্টাৰ মূৰত গাড়ীখন বাহিৰ উলিয়াই শ্ৰীমতী বহিবলৈ দৰ্জা খুলি দিওঁতে শ্ৰীমতী ভোৰ ভোৰাই গাড়ীত বহিল।এতিয়া চলোৱাৰ ক্ষেত্ৰটো বাৰ বাৰ খেলি মেলি দেখি শ্ৰীমতী উগ্ৰমূৰ্তি ধৰি ক'লে "আজিৰ পৰা আপুনি গাড়ী চলাব নেলাগে আৰু আপুনি চলোৱা গাড়ীত মই কেতিয়াও নুঠো।"বৰুৱাই পেটে পেটে বৰ ৰং পালে; মুখত দেখুৱাই ক'লে " জানো আজি কিখন হৈছে ! অৱশ্যে ল'কডাউনৰ বাবে বহুদিন গাড়ী নচলোৱা বাবে এনে হ'বপাৰে । আগতে মোৰ লগত ফেৰ মাৰিব পৰা ড্ৰাইভাৰ এই অঞ্চলত নাছিলেই । থিক আছে তুমি কৈছা যেতিয়া আজিৰ পৰা ড্ৰাইভাৰ এজন ৰাখিম । চৰকাৰী চাকৰিৰ দৰমহাৰ কেইটামান টকাৰে যদি আন এটা পৰিয়ালো চলাৰ সুবিধা হয় মোৰ একো অসুবিধা নাই ।
বৰুৱানীয়ে তপৰাই ক'লে "ইমান নাটক কৰাৰ কি প্ৰয়োজন ?যদি এজন ড্ৰাইভাৰ ৰাখি সমাজত অলপ অৰিহণা দিব বিচাৰিছিলেই ,মোৰ একো আপত্তি নাথাকিলেহেতেন । যা হওক উচিত সময়ত উচিত সিদ্ধান্ত লোৱাৰ বাবে মই গৰ্বিত । এতিয়া আজিৰ যাত্ৰাটো এজন চালকৰে কৰা যাওক । ফোন কৰি তাক মাতক । কালি ফোনত কথা পাতি থাকোঁতেই মই সকলো গম পাইছো ।আপোনাৰ মহানুভৱতাক নমস্কাৰ ।
✍️বাণীকান্ত লহকৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ