শ্যামলীৰ অচিনাকী সপোন-বিনিতা বৰা

©Admin
0
ভৰ দূপৰীয়া শ্যামলীৰ নিদ্ৰামগ্ন,
দুচকুত অচিনাকী সপোন
এটাই আহি ভুমুকি মাৰে ।।
পশ্চিম দিশৰ জাঁজি নৈৰ পাৰত,
আলসুৱা বালিচৰত !
নাজানোঁ কোন কবিৰ,
দুভৰিৰ খোঁজৰ জীয়া ছবি ।।
প্ৰতি খোঁজে খোঁজে•••••••• 
শেলুৱৈ চামনি মাৰি,
আলসুৱা সহজ সৰল শব্দৰ লানি,
ফুটুকা-ফুটুকী ফুলৰ দৰে আছে পৰি !
কবিৰ নিত্য-যৌৱনৰ শব্দ ।।
চিলমিল টোপনি ভাঁঙি 
ঢাপলি মেলিলো জাঁজি নৈৰ পাৰলৈ !
চাদৰৰ আঁচল পাতি,
আনিলো আলসুৱা কোলাত কোচ ভৰাই,
কবিৰ নিত্যসহচৰ্‌ নৱ নৱ সৃষ্টিৰ,
শব্দৰ ভাণ্ডাৰ••••••••••।।

✍️বিনিতা বৰা
হোজাই জিলা,লংকা কাকী-3

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)