তুমি কোননো ?
মোৰ হৃদয়ৰ ৰম্যভূমিত
ৰাজত্ব কৰিবলৈ আহিছা ক’ৰ পৰা !
তোমাৰ আগতে শত
সহস্ৰাধিক
আহিল আৰু গ’ল ৷
কিন্তু কোনেোৱেই
প্ৰভুত্ব খটোৱাব পৰা নাই
মোৰ সপোনৰ নীলিম আকাশখনিত
এয়া প্ৰথম
ভয় লাগিছে
কাৰোবাৰ প্ৰেমত পৰি !
যেন মই ভিতৰি ভিতৰি
দুৰ্বল হৈ পৰিছোঁ ৷
চাৰিওপিনে
যেন মোৰ অন্ধকাৰ !
বুকুখন দুৰুদুৰুকৈ কঁপি উঠিছে ৷
অবিস্মৰণীয়
পুৰ্ণিমাৰ সেই ৰাতিৰ
তোমাৰ বিপুল সমাদৰ কথা স্মৰণ কৰি ৷
তুমি আৰু মই একে
চোলাৰ ভিতৰত !
উঃফ কি ৰসাল সুমধুৰ ঘ্ৰাণ
তোমাৰ দেহাৰ !
যেন আমাৰ দুয়োৰে
হৃদপিণ্ড ঘড়ীটোৰ
চেকেণ্ডৰ কাটাটোতকৈ দ্বিগুণ গতিত
উঃফ কি যে মধুৰ এটি ক্ষণ !
তোমাৰ মোৰ তিৰবিৰাই থকা
যৌৱনৰ সোঁতত যেন আজি
পৃথিৱীত নতুন প্ৰাণৰ কুঁহিপাত ৷
সেয়ে আজি
আজি মই বিষাদগ্ৰস্ত !
বিষাদগ্ৰস্ত প্ৰেমিক ৷
তোমাৰ শিৰত সেন্দূৰ লগাই
সকলো দা দায়িত্ব লোৱা
বিষাদগ্ৰস্ত প্ৰেমিক তোমাৰ ৷
লৈছোঁ শপত সংসাৰ সমুদ্ৰৰ পাৰত ৷
আমি দুয়োজনে !
জীৱনে মৰণে দিঠকে সপোনে
আজন্ম প্ৰেমিক হৈ থকাৰ কাৰণে ৷
✍️ছাইফুদ্দিন আহমেদ
আইনৰ ছাত্ৰ
আলোচনী সম্পাদক, মংগলদৈ আইন মহাবিদ্যালয় ও সদৌ অসম আইন ছাত্ৰ সংন্থা দৰং জিলা সমিতি
অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ 🙏🙏🙏 মোৰ ক্ষুদ্ৰ প্ৰয়াসক চিক্ৰীতি দিয়া বাবে
ReplyDeleteঅশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ 🙏🙏🙏 মোৰ ক্ষুদ্ৰ প্ৰয়াসক চিক্ৰীতি দিয়া বাবে
ReplyDelete