বিশ্ব এইডচ দিৱস~সচেতনতা বাৰ্তা-হেমেন হাজৰিকা

©Admin
0
   আজি বিশ্ব এইডচ দিৱস | সমগ্ৰ বিশ্বই এক ডিচেম্বৰ তাৰিখটো এইডচ দিৱস হিচাবে পালন কৰি আহিছে | এইডচ ৰোগ কিহৰ দ্বাৰা কেনেকৈ সংক্ৰমিত হয় সেই কথা সকলোৱে জানে | একেলগে থাকিলে , কৰমৰ্দন কৰিলে , একে বাথৰুম ব্যৱহাৰ কৰিলে , এই ৰোগ নিবিয়পে | আধুনিক বিশ্বৰ অতি ভয়াৱহ আৰু মহামাৰী ৰূপ ধাৰণ কৰা ৰোগ হৈছে এই এইডচ | পোন প্ৰথমে ১৯৮১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত আত্ম প্ৰকাশ কৰা এই ৰোগে কালক্ৰমে উত্তৰ আৰু দক্ষিণ আমেৰিকাকে ধৰি পূব এচিয়া আৰু প্ৰাচ্যৰ দেশ সমূহতো বিয়পি পৰিছিল এইডচ এই নামটো ইংৰাজীৰ পৰা হোৱা | AIDS. Acquired Immuno Deficiency Syndrome এই ৰোগৰ ফলত ৰোগীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ক্ৰমান্বয়ে কমি গৈ নাইকিয়া হৈ যায় | মানুহৰ শৰীৰৰ তেজত থকা শ্বেত কণিকাবোৰে শৰীৰত সোমোৱা বীজাণুবোৰৰ বিৰুদ্ধে যুঁজ কৰি এইবোৰ ধ্বংস কৰাত সহায় কৰে | শ্বেত কণিকাৰ ভিতৰত থাইমাছ গ্ৰন্থিত উৎপত্তি  হোৱা টি লিম্ফ ছাইটি যিয়ে ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত সহায় কৰে | এইডচ ৰোগৰ ফলত এই টি লিম্ফ বোৰ একেবাৰে অকামিলা হৈ পৰে অথবা নাইকিয়া হৈ যায় | এইডচ ৰোগৰ ভাইৰাচটোৰ নাম এইচ আই ভি বা হিউমেন ইমিউন ডেফিছিয়েঞ্চি ভাইৰাছ ( HIV or Human Immune Deficiency Virus) এইডচ ৰোগীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা নাইকিয়া হোৱাৰ বাবে ৰোগীক আৰু আন আন বিভিন্ন বীজাণু , জীৱাণুৱে আক্ৰমন কৰে আৰু ইয়াৰ ফলত ক্ষীণাই শুকাই গৈ অৱশেষত ৰোগীৰ মৃত্যু হয় | এই ৰোগ অতি পুৰণা বুলি জানিব পৰা গৈছে | ১৯৮৪ চনতহে এইচ আই ভি ভাইৰাচক এই ৰোগৰ কাৰণ বুলি প্ৰমাণ কৰা হয় | এইডচ ৰোগ এজন মানুহৰ গাৰ পৰা আন এজন মানুহৰ গা লৈ চাৰি প্ৰকাৰে সংক্ৰমিত হ'ব পাৰে | আটাইটকৈ গুৰুত্বপূৰ্ণ উপায়টো হৈছে যৌন সংক্ৰমণ | এইডচ ৰোগৰ বীজাণু থকা লোকৰ লগত যৌন সংসৰ্গৰ জৰিয়তে এই সংক্ৰমণ আটাইটকৈ বেছিকৈ হয় |
     এইৰোগ বাধা দিয়াৰ বাবে স্কুলীয়া পৰ্যায়ৰ পৰা যৌন শিক্ষাৰ ব্যৱস্থা কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে | যৌন জীৱনৰ ক্ষেত্ৰত সংযম আৰু কন্ ডম আদিৰ ব্যৱহাৰেও এই ৰোগৰ সংক্ৰমণক বাধা দিয়ে | 
   দ্বিতীয়তে বেজীৰ সহায়ত যিবোৰ যুৱক যুৱতীয়ে ড্ৰাগচ ব্যৱহাৰ কৰে তেওঁ বিলাকৰ ক্ষেত্ৰতো এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি হয় | দূষিত তেজৰ জৰিয়তেও এই ৰোগ বিয়পে |
   এই ৰোগ সোঁচৰাৰ ক্ষেত্ৰত মানুহৰ মনত নানা ধৰণৰ বিশ্বাস আৰু কুসংস্কাৰ গঢ়ি উঠিছে | মানুহে ভাবে এইডচ ৰোগীৰ স্পৰ্শত, চুম্বনত , একেলগে থাকিলে ,খোৱা বোৱা কৰিলে প্ৰসাবগাৰ, পায়খানা ব্যৱহাৰ কৰিলে এইডচ ৰোগ বিয়পিব পাৰে | কিন্তু এয়া ভ্ৰান্ত ধাৰণা |
     আমাৰ ভাৰতবৰ্ষ তথা অসমতো এইডচ ৰোগী ধৰা পৰিছে আৰু কিছু সংখ্যকৰ মৃত্যুও হৈছে | নিৰাময়ৰ উপায় নথকা এনে ভয়াৱহ ৰোগ এটাৰ বিষয়ে ৰাইজক বিশেষকৈ যুৱক- যুৱতী সকলক সচেতন কৰি তুলিব লাগে | ব্যাপক জনশিক্ষা অভিযানৰ জৰিয়তে এনে ৰোগ বিয়পাত বাধা দিব পাৰি | আৰম্ভণিতে এই ৰোগৰ প্ৰসাৰতা বাধা দিব নেৱাৰিলে অচিৰেই সমাজক এক বিভীষিকাময় মৃত্যুৰ কৰাল গ্ৰাসে ছাটি ধৰিব |

হেমেন হাজৰিকা
মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)