বিশ্বাস~গল্প-অৰুণা চেতিয়া

হঠাৎ
    আজি পুৱাতে মুখপুথিৰ পৃষ্ঠাবোৰত চকু ফুৰাওতে বুকুখন চিৰিং কৰি গ'ল! এখন বিয়াৰ ফটো লগতে এটি ভিডিঅ ৷ কইনাই হাতত সেন্দুৰৰ টেমা এটিলৈ দৰালৈ আগবঢ়াই দিছে আৰু দৰাই কন্যাৰ শিৰত এখন দকমকীয়া বিশ্বাসৰ নৈ আঁকি দিলে ৷ সেই দৃশ্যপটে মোৰ মানসপটত তোলপাৰ লগালেহি ৷ এদিন যে ময়ো এইদৰেই জন্মঘৰক বিদায় দি আন এখন ঘৰক আপোন কৰি লৈছিলো ৷ মোৰ দুনয়নেদি অশ্ৰুৰ বন্যা নিগৰি আহিল ক'ব নোৱাৰাকৈয়ে ৷
         এনেকৈয়ে সময়ৰ পাঠ লুটিয়াই থাকোঁতে মই অতীতলৈ ঘূৰি গ'লো ৷ কামৰ বিনিময়ত মই বিশেষ কাম এটাত গুৱাহাটীলৈ বুলি ৰাওনা হৈছিলো মোৰ স্বামী দেৱতাৰ সতে ৷ দুদিনীয়া কাৰ্যসূচী এটা থকাৰ বাবে ভাৰাতীয়া হিচাপে হোটেল এখনত কটাবলগীয়া হোৱাত আমি নিশাৰ আহাৰৰ বাবে ওপৰ মহলালৈ যাব লগীয়া হ'ল ৷ আমি আমাৰ আহাৰৰ নিৰ্দেশ দিব লওঁতেই মোৰ প্ৰিয় সখী অপৰাজিতাক প্ৰত্যক্ষ কৰিলো ৷ তাইৰ ধুনীয়া চেহেৰাটোত তাইৰ শিৰত দীঘলকৈ আঁকি লোৱা সেন্দুৰখিনি আৰু কপালৰ জোন যেন ডাঙৰকৈ লোৱা ফোটটোৱে আজি তাইক অধিক সুন্দৰ কৰি তুলিছে ৷ মনটো ভাল লাগিল তাইক দেখি ৷ মই চিঞৰি মাতিব লওঁতেই তাই কোঠালী এটাত প্ৰৱেশ কৰিলে ৷ লগত এজন পুৰুষ ৷ হয়তো তাইৰ গিৰিয়েক হ'ব পাৰে ৷ মই ভাবিবলৈ ধৰিলো ৷ তাইতো মোক ফোনত কথা পাতোতে এবাৰো প্ৰকাশ ন কৰিলে গুৱাহাটীলৈ অহাৰ কথা ৷ ওঁহো তাই নহবও পাৰে ৷ মোৰ চকুৱে ভুল দেখিলে চাগে! !!! মই মোৰ নিজকে প্ৰশ্ন কৰি থাকোঁতে খোৱা পৰ্ব কেতিয়া যে সামৰণি পৰিলেগৈ ক'বই নোৱাৰিলো ৷ চকুজুৰিক জিৰণি দিও বুলি আমিও কোঠালীত প্ৰৱেশ কৰিলোহি ৷ 
          পুৱা সাৰপাই মুখত ব্ৰাছডাল লগাই অলপ কৰিডৰটোটে ইফাল সিফাল কৰি আছো ৷ কিন্তু এই়য়া কি! মই কি দেখিলো! ওপৰৰ মহলাৰ পৰা ইজনে সিজনৰ কান্ধত হাত থৈ হাঁহি হাঁহি নামি আহিছে মোৰ সখী অপৰাজিতাৰ লগত (যি জনক মই তাইৰ স্বামী বুলি ভাবিছিলো পিছফালৰ পৰা ) মোৰেই চিনাকী আমাৰ স্থানীয় অভিজাত্যব্যক্তি এজন ৷ মই নিজকে বিশ্বাস কৰিব নোৱাৰি অলপ আঁৰ হৈ দিলো ৷
     তাইৰ শিৰত আঁকি লোৱা ৰঙা সেন্দুৰখিনিত তাই যেন কিবা অলাগতিয়াল পদাৰ্থ সানমিহলি কৰা যেন মোৰ অনুভৱ হ'ল আৰু কপালৰ দগমগীয়া ৰঙা ফোটটোৱে তাইক অশুভনীয় কৰি তুলিলে মোৰ দৃষ্টিত ৷
     ( সম্পূৰ্ণ কাল্পনিক ৷ ক্ষমা প্ৰাৰ্থনাৰে ) ৷

✍️অৰুণা চেতিয়া

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send