জ্ঞানৰ পূজাৰী-উৎপল দাস

©Admin
0
তোমাৰ হাতৰ আঙুলিত ধৰি আগবাঢ়িছিলো কিন্তু তথাকথিত মানুহে কোৱাৰ দৰে সফল হ'ব নোৱাৰিছিলো যেনে ধনী, চহকী, কথকী, বুধিয়ক ।

মই অহংকাৰ কৰা নাই কিন্তু সদায় মই মানুহ হ'ব বিচাৰো, সঁচা মানুহ, তোমাৰ আৰ্দশৰে অনুপ্ৰাণিত হৈ জীৱন পাৰ কৰিব বিচাৰো ।
 
তোমালোকৰ জ্ঞানৰ প্ৰদীপেৰে সমগ্ৰ অঞ্চল উজ্জ্বলিত হৈ পৰাত আমি গৌৰৱ কৰি আনন্দৰে কওঁহে জ্ঞানৰ পূজাৰী তুমি মহান ।

চিৰস্মৰণীয় হৈ ৰ'বা তুমি জ্ঞানৰ পূজাৰী, তোমাৰ কষ্টৰ বলতে বুজি নোপোৱা, কৰিব নজনা, খোজ কাঢ়িব নজনা, বাৰে বাৰে পৰি যোৱা ল'ৰাজনক আগবঢ়াই দিছিলা । কিবা এটা কৰিবলৈ, সঁচা মানুহ হবলৈ ।  

তোমাৰ আশীষে ধন্য হ'ল আমাৰ জীৱন ।
তুমি আহিবা যুগে যুগে আমাৰ জীৱনলৈ যুগদ্ৰষ্টা হৈ বাৰে বাৰে ।
 
হে জ্ঞানৰ পূজাৰী তোমাৰ সৰ্বগুণৰ অধিকাৰী নকৰিলা কিয় ?

 মই তোমাৰ দৰে হব বিচাৰো, মৰমিয়াল, জ্ঞানী ।
 
হে জ্ঞানৰ পূজাৰী, তোমাক শত কোটি প্ৰনাম ।

✍️উৎপল দাস
কুৰুৱাবাহী বোকাখাত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)