ভাল পাওঁ মোৰ গাওঁ~আমাৰ গাওঁ আমাৰ চহৰ- হেমেন হাজৰিকা

    মোৰ গাঁও | বিস্তৃৰ্ণ সেউজীয়া | নদীৰ নিৰ্মল পানী আৰু বতাহ | চৰাইৰ মাতত পুৱাইছিল ৰাতি | সোণগুটীৰে ভৰিছিল পথাৰ | সোণগুটীত ওলমি আছিল মুকুতা | আহাৰ শাওনত বোকাময় ৰাস্তা , বোকাৰ এটা মলমলীয়া গোন্ধ | যʼৰ ধুলিৰ পৰশত পল পলকৈ , এক'লা এক'লাকৈ পাৰ হৈছিল মোৰ দিন | ভৰা পৰিয়ালত অগ্ৰজ সকলৰ কোলাত উঠি , মাৰ বুকুৰ অমৃত চুহি অতিবাহিত কৰিছিলোঁ মই মোৰ সময় | সেই গাঁৱক মই ভাল নাপাই পাৰোঁনে ? কি দোষত বেয়া পাম বাৰু ? এতিয়াও যেন সেই মাটিৰ পৰশ লাগি আছে মোৰ গাত তেনে অনুভৱ হয় , কেতিয়াবা শুঙি চাওঁ , কেতিয়াবা স্পৰ্শ কৰিবলৈ এতিয়াও উদ্বাউল হওঁ | ক'ত যে এৰি থৈ আহিলো সেই পথাৰ , যাৰ বুকুত গজা সোণ গুটীৰে এই হেন আঘোণত চোতালে চোতালে বাৰীৰ সতেজ নিৰ্ভেজাল পাচলি আৰু বিলৰ জীয়া মাছ , গড়ালৰ পোহনীয়া হাঁহ চালৰ কোমোৰাৰে ন-ধানৰ উখোৱা চাউলৰ ভাত ন-খোৱা খাইছিঁলো | যি নদীত হেঁপাহ পলুৱাই সা‌তুঁৰিছিলো , পঢ়াশালীৰ পৰা আহি লগৰীয়া/সমনীয়াৰ লগত খেলিছিলোঁ , আকৌ পঢ়াশালীত চেকনীৰ আগত বিদ্যা লৈ আমাক পাঠদান কৰা শিক্ষাগুৰুৰ পৰা শিক্ষা গ্ৰহণ কৰিছিলো , সেই যুৰীয়া নামঘৰত বছেৰেকীয়া বৰসবাহত আনন্দ কৰিছিলোঁ ভাওনা কৰিছিলোঁ , ভাদ মাহত নাম যোৰিছিলোঁ , সেই মোৰ আপোন গাঁও , মোৰ জন্মভূমি এতিয়া মোৰ পৰা বহু নিলগত | ৰিণিকি ৰিণিকি মনত পৰে , কেতিয়াবা নিজানত অকলশৰীয়া সময় কটালে মোৰ মনত পৰে ... ভাল পাওঁ মোৰ গাঁও য'ত উপজিলো , য'ৰ ধুলি মাটিৰে জীৱন গঢ়িলো | ভাবিলে চকুলো নিগৰে | এতিয়া ককাহঁতো নাই , পিতাহঁতো নাই , গাঁৱৰ সেই অনাবিল সৌন্দৰ্যও নাই | সেই মাটি যেন মনৰ মানুহখিনি মাটিৰ লগত মিলিযোৱা , মাটিত গজি উঠা যন্ত্ৰ সদৃশ মানুহবোৰ যেন এটা এটা কৈ শিল হ'ল | নাই আত্মিক নিমন্ত্ৰন , আন্তৰিকতা , সহৃদয়তা সকলো | আবেগ বিহ্বল হৈ গাঁও চাবলৈ গ'লে বিষাদ মুৱা একোখনি মুখ , হাঁহি নাই যদিও ওলাই সেয়া বাধ্যত পৰি হঁহা হাঁহি | কৃতিম হাঁহি | শেতা সৌন্দৰ্য উপভোগ কৰি নীৰবে উলটি আহো | কৰ্মৰ তাগিদাত আঁতৰি থাকিব লগা হোৱাত সেইখন বাহিৰে পোহৰ ভিতৰি আন্ধাৰ সেই গহ্বৰলৈ সোমাই যাওঁ | কেৱল গাণিতিক সুত্ৰৰে চলি থকা এটা নিয়মৰ ঘৰলৈ | তেতিয়াই মনত পৰে মোৰ আপোন গাঁৱলৈ | ক'ত এৰি থৈ আহিলো তোক | য'ত পাৰ কৰিছিলো মোৰ সোণালী শৈশৱৰ , ল'ৰালিৰ, যৌৱনৰ বহু মূল্যবান ঋতু শৰত , হেমন্ত শীত | ভোগৰ বিহুৰ উৰুকাত বিলত সমূহীয়া মাছ মাৰিছিলো | শিঙৰীয়ে বিন্ধিছিল , ভৰিৰ তেজ জোকে খাইছিল | ভেলা ঘৰত নিশা যাপন কৰিছিলো | কলেজীয়া সতীৰ্থৰ লগত ছাত্ৰ সন্থা কৰিছিলোঁ আৰু বহু কিবা কিবি | যিবোৰ মনত পৰিলে এতিয়া হিয়াই কান্দি উঠে | গাঁৱেই ভাল আছিল | আকৌ যদি চহৰ বোৰ গাঁৱলৈ ৰূপান্তৰ হ'ল হেতেন ?
   কিন্তু সময়ে আৰু সেই সুযোগ সুবিধা নিদিয়ে | চহৰমুখী মানসিকতাই চেপি অনা মনবোৰে আমাক সংকুচিত কৰিলে | খেৰি ঘৰৰ তলত তুলিবিহীন বিচনাত এবাগৰ দিবলৈ , শীতত মায়ে হাতে বোৱা কাঠাৰে শীত ঢাকিবলৈ , পানী দিয়া ভাত বেহুৱা , আলু পিটিকা , বেঙেনা পোৰা , কেঁচা পিয়াজ , কেঁচা জলকীয়া সানি এগৰা ভাত খাবলৈ গাঁৱলৈ যাবলৈ মন যায় | চুঙা পিঠা , মাছ পাতত দিয়া আৰু বহুতলৈ মনত পৰে কিন্তু আমিয়েই এতিয়া চুঙাত সোমাই পৰিলো | কিমান লিখিম মোৰ গাঁৱৰ কথা | মনত পৰিলে চকুলো ওলায় |

✍️হেমেন হাজৰিকা
মিৰ্জা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send