জুইলগা মানুহ জীৱন (নভেল কৰ’ণাৰ এখন বিপৰীত ছবিৰ কথাৰে-)~চুটিগল্প-জিতেন চেতিয়া

©Admin
0
ৰতনে পিৰালিতে লেপেটা কাঢ়ি মূৰে কপালে হাত দি বহি পৰিল ৷দূৰত কুলি চৰাই এটিয়ে কুউউউউউউউউউ কুউউউউউউউউউ কৈ মাতি বহাগৰ বতৰা দিলে দুই এজনী কাউৰী তাৰ ঘৰৰ কাষেৰে ৰমলিয়াই চিঞৰি চিঞৰি উৰি গুচি গল এইয়া প্ৰজ্বনন সময় সেয়ে নিশ্চয় বাঁহ সাজিবলৈ সিহঁতে ওখ গছৰ সন্ধানত ঘূৰি ফুৰিছে --- ৰতনে ভাৱে ৷
কুলি চৰাইটিৰ মাতটোৰে তাৰ বুকুৰ কোনোবাখিনিত বিন্ধা যেন অনুভৱ কৰিলে---উহ-এটি দীঘল হুমুনিয়াহ ৰতনৰ মুখেৰে বাগৰি আহিল ৷
 নিঃকিন দৰিদ্ৰতাই কোঙা কৰা তাৰ জীৱনৰ ওপৰত এই বহাগ বিহুটিয়ে কোনোদিনেই প্ৰভাৱ পেলাব পৰা নাই সেইটো ধুৰুপ সত্য ৷ এসাঁজ খাই এসাঁজলৈ চিন্তা তাৰ ব্যক্তিত্ব জীৱনত কোনোদিনেই বহাগ বিহুৰ নিচিনা জাতীয় উৎসৱে উচাহ উদ্দীপনা দিব পৰা নাই মাথোঁ নিয়মৰ বান্ধোনত বশৱৰ্তী হৈ সি যন্ত্ৰবৎ কিছু পৰম্পৰা পালন কৰে-----কব পাৰি কিছু লোকাচাৰ ৷
দেউতা--ছাৰে হোমৱৰ্ক কৰিবলৈ দিছে মোক কিছু কাগজ প্ৰযোজন হৈছে ৷
সৰ্ব্বগ্ৰাসী কৰ’ণা ভয়াবহতাৰ বাবে ২১ দিনীয়া তলা বন্ধ ঘোষণা কৰা পৰিপেক্ষিতত সকলো স্কুল প্ৰতিষ্ঠা উদ্যোগ কলেজ ৰেল বাছৰ সেৱা বন্ধ হৈ পৰাত চৰকাৰে নিয়ম বান্ধি দিছে যে স্কুল কলেজৰ শিক্ষক শিক্ষয়িত্ৰী বিলাকে ঘৰৰ পৰাই অনলাইন পদ্ধতিৰে শিক্ষা দানৰ ব্যৱস্থা বাহাল ৰখা ৷ দেশৰ ভৱিষ্যত সকলক লৈ চিন্তা কৰা চৰকাৰৰ এইয়া সুন্দৰ পদক্ষেপ সি ভাৱে ৷
হব আনি দিম ৷
ৰতনৰ এটি নিৰুদ্দেশ জনিত উত্তৰ যেন সি পুতেকৰ ওচৰৰ পৰা পলাবলৈহে বিচাৰিছে তেন ভাৱত কলে ৷ তাৰ বাহিৰেটো উপায় নাই, নাই হাতত ফুটা কড়ি এটাও সাধাৰণ এজন কেঁচা শাক পাচলি বেপাৰীহে সি শাকপাচলি বেপাৰেৰে যেনতেনেকৈ ঘৰখন চলাই আছে ৷ এইকেইদিন সপ্তাহিক বজাৰ বিলাকো বন্ধ প্ৰায় তাৰ উপায় নোহোৱা হৈছে ৷ তাৰ নিজৰ বুলিবলৈ ঘৰখনত একোৱেই নাই , চাউল তেল নিমখ হালধিকে ইত্যাদি কৰি সকলোবোৰ কিনিবলগীয়া হয় ৷ বংশানুক্ৰমে পোৱা তাৰ একবিঘা মাটিত সাজি লোৱা সাধাৰণ জুপুৰিত বসবাস কৰি আছে এটা উদ্দেশ্যহীন জীৱনৰ দৰে ৷
সেইদিনা মেৰবিল গাৱঁৰ পঞ্চায়তৰ সভাপতিয়ে মাইক লৈ পঞ্চায়তৰ অন্তগৰ্ত প্ৰতিখন গাঁৱে গাঁৱে চিঞৰিছিল ---
ৰাইজ সকল অহা কালিলৈ গাৱঁৰ পঞ্চায়তৰ কায়্যালয়ৰ সভা কক্ষত কৰ’ণা ভয়াবহতাৰ সম্পৰ্কে এখন ৰাজহুৱা সভা আহ্বান কৰা হৈছে তদুপলক্ষে সমূহ গাৱঁৰবাসীকে উপস্থিত থাকিবলৈ আহ্বান জনাইছোঁ ৷
কৰ’ণা নাম কোনোদিনই শুনি নোপোৱা ৰতনে প্ৰথমে ভাৱিছিল নিশ্চয় পঞ্চায়তলৈ কিবা ভাল আঁচনি আহিছে তাকে ভাবি গাঁৱৰে শিক্ষিত যুৱক বিকাশৰ হতুৱাই ঘৰ বিচাৰি এখন আৱেদন প্ৰত্ৰ লিখাই লৈ সি নিদিষ্ট সময়ত সভাত উপস্থিত হৈ গৈ -- কিন্তু সভালৈ গৈহে ৰতনে গম পালে যে কৰ’ণা কি তথাপিও উৎসুক সামৰিব নোৱাৰি ৰতনে সভাৰ শেষলৈকে থাকি সকলো শুনি সি যি বুজি পালে তাৰ পেটতেই হাত ভৰি লুকাল ৷ পঞ্চায়তৰ সভাপতিৰ মুখেৰে শুনা কৰ’ণা নামৰ চীনৰ পৰা অহা এবিধ বীজাণুৰ ভয়াবহতা ছৱিখন শুনি সেইদিনা তাৰ থিয় দি থকা পৃথিৱীখনযেন হেৰাই গ'ল তেনে অনুমান কৰিলে সি ৷ ঘৰলৈ আহি পত্নী ৰেৱতীক পানী এগিলাচ বিচাৰি কট কটকৈ গিলি সি ৰেৱতীক মাথোঁ কলে -- ৰেৱতী পৃথিৱীৰ মানুহ শেষ হবলৈ বেচি দিন নাই সেয়ে সকলোৱে ঘৰৰ পৰা কলৈকো নাযাবা ৷ পঞ্চায়তৰ সভাপতিযে কোৱা কথাবোৰ ৰতনে বিৱৰি কোৱাত তাইও থৰথৰকৈ কঁপি উঠিল ৷
দেউতা স্কুলৰ ছাৰে কালি ঘৰলৈ পুনৰ আহি চোতালৰ পৰাই কৈ গৈছে কৰ’ণা ভাইৰাছৰ ওপৰত এখন ৰচনা লিখিবলৈ তাৰ বাবেও কাগজ লাগে দেউতা ---
ৰতনে ভেকাঁহি মাৰি কৈ উঠিল---
কি কৰ’ণা কৰ’ণা কৈ আছ এই কৰ’ণাই মোক এতিয়া পাগল কৰি তুলিব পাগল পাগল পাগল ---- ৷

✍️জিতেন চেতিয়া 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)