প্ৰাপ্তি~চুটিগল্প-জিন্টিমণি নেওগ কাকতি

©Admin
0
ৱাহ ! কাপোৰযোৰৰ সৈতে ইমান ধুনীয়া লাগিছে বৌ আপোনাক ৷- হাতত বিয়াৰ উপহাৰটি লৈ হাঁহি হাঁহি সোমাই অহা সৃজনাক দেখি পাহিয়ে ক’লে ৷
  ঃ কাপোৰযোৰ বিয়ালৈ বুলি নতুনকৈ লৈছোঁ পাহি ৷ ,হাঁহি হাঁহি সৃজনাই ক’লে ৷
 ঃ প্ৰফেচাৰৰ পইচা কোনে খাইনো ? এইবোৰকে নকৰি কৰিবানো কি ? -বুলি বৰুৱানীয়ে তপৰাই কোৱা কথাষাৰ শুনি সৃজনাৰ মুখখন মদৰুৱা বৰণৰ হৈ পৰিল... ৷ 
     বৰুৱানীৰ কথাষাৰে বাৰে বাৰে সৃজনাক শেলে বিন্ধাদি বিন্ধিলে ৷ মহাবিদ্যালয়ৰ অধ্যাপক সুধীৰৰ লগত সংসাৰ কৰা পাঁচ বছৰেই হ’ল ৷ পাঁচবছৰে সন্তানৰ মাতৃ হ’ব নোৱাৰাৰ দুখটোৱে পুনৰ সৃজনাৰ বুকুখন হেঁচা মাৰি ধৰিলে ৷ বিয়াঘৰতে যেন কান্দি দিব তাই ৷ বৰুৱানীৰ কথাষাৰে বিয়া খাবলৈ অহা সকলো আনন্দই ম্লান কৰি পেলালে ৷ সৃজনাৰ ম্লান পৰা মুখখন দেখি সুধীৰে আঁতৰৰ পৰাই গম পালে কিবা এটা হৈছে বুলি ৷ বিয়াঘৰৰ জলপানখিনিও শান্তিৰে খাব নোৱাৰিলে সৃজনাই ৷ কইনাজনীক বিয়াৰ উপহাৰটি দি সৃজনাই সুধীৰক সোনকালে ঘৰলৈ যোৱাৰ কথা কোৱাত দুয়ো বিদায় ল’লে বিয়াঘৰৰ পৰা ৷ 
        গাড়ীখনত বহি সৃজনাৰ চলচলীয়া চকুযুৰি চাই সুধীৰৰ বুজিবলৈ বাকী নাথাকিল কি হৈছে ৷ সুধীৰে একো নামাতি মাঁথো গাড়ীখন চলাই আগবাঢ়িল ৷ ঘৰ পাই লৰালৰিকৈ ভিতৰলৈ গৈ সৃজনাই হুকহুকাই কান্দি উঠিল ৷ সুধীৰে আহি সৃজনাক সাবটি ধৰি ক’লে, 
ঃ বাহিৰৰ মানুহৰ কথা শুনি তুমি দুখ কৰিছা কিয়? মই বা মোৰ ঘৰৰ মানুহেতো তোমাক কেতিয়াও সন্তানহীনা বুলি হঁহা নাই ৷
       সৃজনা সুধীৰৰ বুকুৰ মাজত সোমাই উচুপি উঠিল ৷ উচুপি উচুপি সৃজনাই ক’লে,
ঃঅনাথ শিশু এটি আমি নিজৰ কৰি ল’ব নোৱাৰো জানো সুধীৰ ? 
        সৃজনাৰ মনৰ দুখ দেখি কথাটোত সুধীৰে হয়ভৰ দিলে ৷ মাককো কথাষাৰ জনোৱাত মাকেও পুতেক- বোৱাৰীয়েকৰ কথাত মত দিলে ৷ পাছদিনা ৰাতিপুৱা সুধীৰে সৃজনাক লৈ ডাক্তৰ বন্ধু নীলাভৰ ওচৰত গৈ সকলো বিৱৰি ক’লে ৷ নীলাভেও ইমান ভাল কথা এটা চিন্তা কৰাৰ বাবে ধন্যবাদ দিলে সুধীৰহঁতক ৷ নীলাভহঁতে প্ৰায়েই কিছুমান শিশুৰ হস্পিতালত জন্ম হোৱাৰ পিছত অনাথ আশ্ৰমত দিব লগা হয় ৷ এইবাৰ যদি তেনেকুৱা শিশু জন্ম হয় নিশ্চয়কৈ সৃজনাহঁতক খবৰ দিব বুলি কৈ বিদায় দিয়ে ৷
     নীলাভৰ লগত কথা পাতি আহি গাড়ীখনত বহি এটা অনামী শিহৰণ সৃজনাই অনুভৱ কৰিলে ৷ যশোদা হোৱাৰ আনন্দ ৷ তাই মনতে ভাবিলে, মাতা যশোদাইওতো কৃষ্ণক জন্ম নিদিলেও মাতৃত্বৰ উমেৰে ডাঙৰ কৰিছিল ৷ তাইনো কিয় নোৱাৰিব ৷ সুধীৰে মন কৰিলে সৃজনাৰ মুখখন কলীয়া ডাঁৱৰখিনি আঁতৰি যেন ফৰকাল হৈ পৰিল ৷ হঠাৎ গাড়ীখনৰ ব্ৰেক মাৰাৰ শব্দত সৃজনাৰ সম্বিত আহিল ৷ ঘৰ আহি পালেহি দুয়ো ৷ মনৰ আনন্দত সৃজনাৰ তত্‌ নোহোৱা হ’ল ...৷

          ...কিছুদিনৰ পিছত নীলাভৰ ফোন আহিল ৷ ফোনত নীলাভে সুধীৰহঁতে গ্ৰহণ কৰিব পৰা হস্পিতালত এটি কন্যা সন্তান জন্ম হোৱাৰ কথা জনালে ৷ পাছদিনা সৃজনাক লৈ সুধীৰ নীলাভৰ হস্পিতাল পালেগৈ ৷ সৃজনাৰ মনত হাজাৰ সপোনে পোখা মেলিছে... ৷ হস্পিতালৰ শিশুৰ যতন লোৱা কোঠাটোৰ ফালে নীলাভে সুধীৰ আৰু সৃজনাক আগবঢ়াই নিলে ৷ শিশুৰ যতন লোৱা নাৰ্ছ এগৰাকীয়ে হাতত ফুলকুমলীয়া কন্যা শিশুটি আনি সৃজনাৰ কোলালৈ আগবঢ়াই দিলে ৷ সৃজনাৰ হাতদুখনত মৃদু কম্পন অনুভৱ হ’ল ৷ কম্পিত হাত দুখন নাৰ্ছগৰাকীলৈ আগবঢ়াই দিলে সৃজনাই ৷ প্ৰাপ্তিৰ আনন্দত দুচকু ভৰি পৰিল ৷ আলফুলে তাই সন্তানটিক বুকুত সাৱটি ধৰিলে ৷ পাঁচটা বছৰে বুকুত কঢ়িয়াই লৈ ফুৰা যন্ত্ৰণ যেন পলকতে নোহোৱা হ’ল ৷ নীলাভে সুধীৰলৈ চাই এটা হাঁহি মাৰিলে ৷ সুধীৰেও সন্তুষ্টিৰ হাঁহিৰে সৃজনাৰ কাষলৈ আহি বাহুটিতে সাৱটি ধৰিলে ৷ সুধীৰে নীলাভৰ লগত প্ৰয়োজনীয় কথাবোৰ পাতি সৃজনা আৰু পৰিয়ালৰ নতুন সদস্যাটিক লৈ গাড়ীত বহিলেগৈ ৷ গাড়ীখনত বহি সুধীৰে মাকলৈ ফোনটো কৰি আধাঘন্টামানৰ ভিতৰতে যে ঘৰ পাব জনাই দিলে ৷ গাড়ীখন ষ্টাৰ্ট কৰি কেঁচুৱাটিৰ লগতে বিভোৰ হৈ থকা সৃজনাক জোকাই পেলাই সুধীৰে ক’লে,
ঃ নতুন মাইনা পাই মোৰ ফালে পাহৰিলাই নেকি? 
      সৃজনাই সুধীৰলৈ চাই হাঁহিলে ৷ দুয়ো ঘৰলৈ বুলি যাত্ৰা কৰিলে ৷ এই যাত্ৰা আছিল নতুন যাত্ৰা ৷ প্ৰাপ্তিৰ আনন্দত আনন্দিত হোৱা তিনিটা মনে একেলগে কৰা যাত্ৰা... ৷ ঘৰৰ চোতালত গৈ গাড়ীখন ৰখাৰ লগে লগে সুধীৰৰ মাক আগবাঢ়ি আহিল ৷ 
      আগতেই যতনাই থোৱা ধূপ-চাকি জ্বলাই ৰখা থালখন আনি শিশুটিক আৰতি কৰি ঘৰৰ ভিতৰলৈ আদৰি আনিলে ৷ ঘৰখনত এটা আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হ’ল ৷ ঘৰখনত সদাই গোমা হৈ থকা পৰিৱেশটো যেন ৰাতিপুৱাৰ ৰাঙলী বেলিটোৱে পোহৰাই তুলিলে...৷ 
       প্ৰাপ্তিৰ আনন্দত সৃজনাই সন্তানটিৰ নামকৰণ কৰিলে....প্ৰাপ্তি.....৷


✍️জিন্টিমণি নেওগ কাকতি,তেজপুৰ 



   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)