ব্যস্ততাৰ আবেলি- ৰুমী কলিতা দত্ত

©Admin
0
জীয়াই থকাৰ সপোনে আগুৱাব খোজে ,,
সময়ে বাগৰি মোক লৈ যায়...
আহৰি নাই !!
সময়ৰ শৰ সময়ত মাৰিব খুজিছো ,,
বন্ধু ...বান্ধৱী !!
লাইক কমেন্‌ট কৰিব নোৱাৰি থমকি ৰৈছোঁ
বেয়া নাপাব কোনেও ।
কৰিব খুজিছোঁ আইৰ বুকু সেউজী 
আমিয়েই কৃষক ধৰিত্ৰীৰ। 
চৰকাৰে দিয়ে এটকাত চাউল 
কিছুৱে সকাহ পায় ,
কিছুৱে তাকে বিক্ৰী বিশ টকা পায় ,,
পিছে মধ্যবিত্তৰ বাবে একোকে নাই 
দিন-ৰাতি এক কৰি কামিহাড় ভাগি যায় ।
চকুচৰহাই আনৰ উন্নতি সমূলি ভাল নাপায় ,
তথাপি কৰ্মই মোক নিছে আগুৱাই ।।

✍️ ৰুমী কলিতা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)