হৃদয়ৰ এমুঠি আৱেগ- প্ৰজ্ঞা দেৱী ভূঞা

©Admin
0
সময়ৰ বুকুত খোদিত
এমুঠিমান নীলা বিষাদ,
বিষাদৰ আঁহে-আঁহে
ব্যৰ্থতাৰ চিৎকাৰ।
বিষাদৰ আছুতীয়া কোঠাত ৰৈ
ডাকোৱালে অনা ডাৱৰৰ চিঠিবোৰ
এখন এখনকৈ খুলি দিয়া;
বিয়পি পৰিব,
                   অতীতৰ এমোকোৰা স্মৃতি.....।
স্মৃতিৰ ভাঁজে-ভাঁজে,
                             অশান্ত হৃদয়ৰ বলিয়া কবিতা
                            এমুঠিমান আশাভৰা অনুভৱ
আৰু.....,
      আৰু এজাকমান ভৱিষ্যতৰ সপোন.....।
ভৱিষ্যতনো কি???
সপোন আৰু বাস্তৱৰ সংগ্ৰাম,
সপোনৰ পথভ্ৰষ্টতা
আৰু বিষাদৰ এপিয়লা মিঠা নিচা,
য'ত..... স্তব্ধ হয় জীৱন।।

✍️ প্ৰজ্ঞা দেৱী ভূঞা


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)