অচিৰেই নিৰ্মাণ হ'বলগীয়া "বৰষা যেতিয়া নামে' ধাৰাবাহিকখনৰ শুভ মুহুৰত অনুষ্ঠান~ বাৰ্তা-কুলদ্বীপ কাশ্যপ

©Admin
0
কামৰূপা ক্ৰিয়েচনৰ বেনাৰত অচিৰেই নিৰ্মাণ হ'বলগীয়া ধাৰাবাহিক "বৰষা যেতিয়া নামে''
যোৱা শুক্ৰবাৰে ধাৰাবাহিকখনৰ শুভ মুহুৰত অনুষ্ঠানটো সুকলমে কৰা হয়। শুভ মুহুৰত অনুষ্ঠানটোত উপস্থিত থাকে প্ৰযোজক ভৰত কলিতা, পৰিচালক কুমাৰ চন্দ্ৰ নাৰায়ণ দেৱ ,চিত্ৰনাট্যকাৰ নয়ন সাউদ, বলিষ্ঠ অভিনেতা প্ৰদীপ নিশিথ, জ্যোতি নাৰায়ণ নাথ, মিন্টু বৰুৱা,নৱদ্বীপ বৰগোহাঁই, ভাস্কৰ ৰঞ্জন, ঋষব শৰ্মা, ধিৰাজ মজুমদাৰ,অভিনেত্ৰী মধুষ্মিতা দিহিঙ্গীয়া,মালা গোস্বামী,জীয়া শৰ্মা, সপোন এঞ্জেল কাশ্যপ, হিয়া এঞ্জেল কাশ্যপ, স্মৃতি ৰেখা শৰ্মা প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।"বৰষা যেতিয়া নামে''ধাৰাবাহিকখনৰ চিত্ৰনাট্য লিখিছে নয়ন সাউদে আৰু সংলাপ সজাইছে জাহ্নৱী মজুমদাৰে ।অচিৰেই নিৰ্মাণ হ'বলগীয়া ধাৰাবাহিক খন পৰিচালনা কৰিব জনপ্ৰিয় পৰিচালক কুমাৰ চন্দ্ৰ নাৰায়ণ দেৱে।নৱ প্ৰজন্মৰ অভিনয়ৰ প্ৰতি আগ্ৰহী অভিনেতা-অভিনেত্ৰীসকলক বিশেষ চৰিত্ৰ কিছুমানত সুযোগ দিয়াৰ উদ্দেশ্যে আগত ৰাখি অনলাইন অডিচনৰ ব্যৱস্থা কৰা হৈছে। আগ্ৰহী অভিনেতা-অভিনেত্ৰীসকলে নিৰ্ধাৰিত ২ মিনিটৰ ভিতৰত নিজৰ অভিনয়ৰ ভিডিঅ' প্ৰস্তুত কৰি ৬০০৩৫৪১৭২৯ এই নম্বৰটোত পঠিয়াই দিব পাৰিব। বয়সৰ সময়সীমা-১৮ বছৰৰ পৰা ৩০ বছৰলৈ, ভিডিঅ' প্ৰেৰণ কৰাৰ অন্তিম সময়সীমা চলিত মাহৰ ৩০ তাৰিখলৈকে ধাৰ্য্য কৰা হৈছে।
"বৰষা যেতিয়া নামে'' ধাৰাবাহিক খন সুদক্ষ প্ৰযোজক ভৰত কলিতা দেৱে প্ৰযোজনা কৰিছে।

✍️কুলদ্বীপ কাশ্যপ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)