নীলা খামৰ চিঠি-ঊষাৰাণী দেৱী

©Admin
0
প্ৰতি 
     মোৰ অতি মৰমৰ ,
               
               কেনে আছা তুমি ?তোমালৈ বুলি মোৰ হিয়াত সাঁচি থোৱা এবুকু মৰম পঠিয়াইছো এই নীলা খামটোৰ ভিতৰত ৷ সময়ে যদি তোমাক অনুমতি দিয়ে এবাৰ খামটো খুলি চাবা ৷ তুমি কিন্তু মোক নুসুধিবা , তোমাৰ অবিহনে মই কেনে আছো বুলি ? তুমি যোৱা বহুদিন হ’ল , সোনকালেই আহিবা বুলি আজিও ঘূৰি নাহিলা ৷
               তুমি জানা ? কেতিয়াবা মই নিথৰ হৈ পৰি থাকোঁ বিচনাত ৷ নিদ্ৰা দেৱীয়েও যেন মোলৈ কেৰাহিকৈ চাই আঁতৰি গুচি যায় ৷ আকৌ কেতিয়াবা ৰৈ থাকোঁ মই খিড়িকীৰ কাষত ৷ দুনয়ন ভৰা অপেক্ষাৰে মোৰ দৃষ্টি নিবন্ধ ৰাখো আমাৰ সন্মুখৰ ৰাষ্টাটোত ৷ দৰ্জাখন খুলিবলৈ ভয় লাগে জানা ? যদি সেই কাল ধুমুহাজাকে মোৰ পৰা তোমাৰ অনুভুতিখিনিকো উৰুৱাই লৈ যায় ! 
            মই জানো , তুমি আমাৰ দেশ মাতৃৰ ৰক্ষাৰ বাবেই মোৰ পৰা বহুদূৰলৈ গুচি গ’লা ৷ গাঁৱৰ ল’ৰা-বুঢ়া সকলোৱেই কয় ,তুমি হেনো আৰু কেতিয়াও ঘূৰি নাহা ৷ কিন্তু মোৰ মনে দেখোন মানিব ল'বই নিবিচাৰে ৷ মোৰ বিশ্বাস ,তুমি আহিবা ৷ কি কৰিম কোৱা ? তোমাৰ শৰীৰৰ কেঁচা মৰমৰ গোন্ধটোৱে যে মোক আজিকালি বৰকৈ আমনি কৰে ! যেতিয়ালৈকে এই পৃথিৱীত চন্দ্ৰ-সূৰ্য ,গছ-লতা ,বায়ু আদি থাকিব তেতিয়ালৈকে বাট চাই ৰ’ম মই তোমাৰ বাবে ৷ তুমি-মই দেখোন জীৱনে-মৰনে একেলগে থকাৰ সপোন দেখিছিলো ৷ কেনেকৈ পাহৰিম মই সেই দিনবোৰ ৷ য’ত আছিল কেৱল তোমাৰ -মোৰ মিলনৰ প্ৰতিচ্ছবি ৷ য’ত আছিল মোৰ বাবে তোমাৰ হিয়া ভৰা এবুকু মৰম ৷ যেতিয়া তোমাৰ নোমাল বুকুৰ উমেৰে গঢ়িছিলো মই মোৰ সপোনৰ বালিঘৰ , তেতিয়া দেখোন শৰতৰ স্নিগ্ধ জোনাকেও আমাক সঁহাৰি জনাইছিল ৷ তেনেহ’লে আজি মোৰ বুকু শুদা কৰি তুমি ক’লৈ গুচি গ’লা ???
               মোৰ মৰমৰ সোণ শুনা , তুমি যদি ঘূৰি নাহাঁ 
তেনেহ'লে এই পৃথিৱীত সঁচা প্ৰেমৰ সপোন ৰচিবলৈ সকলোৱেই ভয় কৰিব ৷ কিতাপৰ পাতৰ পৰা লাইলা-মজনু , মিৰি জীয়ৰীৰ কাহিনীও নোহোৱা হৈ যাব ৷
                বহুত কথা লিখিলো ৷ তুমি চাগে আমনিয়েই পাইছা নহয় জানো ? চাবা আকৌ , তোমাৰ বন্দুকৰ নলীৰ ক’লা ধোঁৱাবোৰে মোৰ অনুভুতিখিনিক একেবাৰে ছাই সদৃশ কৰি পেলাব ! আৰু নিলিখোঁ ৷ আজিলৈ ইমানতে সামৰিলো ৷ পুনৰ তোমালৈ যাচিলোঁ মোৰ অন্তৰৰ গভীৰতাত সংগোপনে ৰখা মৰমবোৰ ৷ 
তোমাৰ উত্তৰৰ বাবে বাট চাই ৰ’লো ৷


ইতি
তোমাৰ মৰমৰ “মইজনী”


✍🏻ঊষাৰাণী দেৱী
 গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)