তুমি কিয় এনে কৰিলা ০৬~ উপন্যাস- সঞ্জীত দাস

©Admin
0
ৰাতিপুৱাই আহিলো মামাহঁতৰ ঘৰৰ পৰা । মায়ে মোৰ লাগতিয়াল বস্তুবোৰ সামৰি থৈছেহি । ঘৰলৈ আহি মাক মই অলপ বাগানৰ কথা ক'লো । মায়ে মোক ক'লে-
: হ'ব তোৰ বাগানৰ কথা পাছত ক'বি , এতিয়া সোনকালে খা আৰু হোষ্টেললৈ যা । মনোজ পালেহিয়ে চাগৈ। 
মই খৰধৰ কৈ খাই উঠি কাপোৰ জোৰ কোনোমতে সলাই গাড়ীত উঠিলো। অহাৰ সময়ত মোক মায়ে ক'লে - 
: বাবা , শুনছোন । তই হোষ্টেল গৈ পালে মোক এবাৰ ফোন কৰিবি । তাত লগৰ বোৰৰ লগত মিলি-জুলি থাকিবি , কাজিয়া নকৰিবি , সময়মতে পঢ়া পাটি কৰিবি। মনোজৰ লগত একেলগে থাকিবি।
মই মাক ক'লো -
: হ'ব মা। আপুনি দুখ কৰি নাথ‍কিব।
মই মাৰ মুখলৈ চালো মাৰ দুচকুত চকুপানী । মায়ে কান্দিছে । মাৰ দুচকুত চকু পানী দেখি মোৰো চকুপানী ওলাল। দেউতাই বেগবোৰ গাড়ীত উঠাই গাড়ীখন ষ্টাৰ্ট দিলে। আমাৰ ঘৰৰ পৰা গুৱাহাটীলৈ ভালেখিনি দুৰ আছে। বাছত গ'লে দুঘন্টা লাগেই । মই বাহিৰৰ ফালে চাই চাই আহি থাকিলো। গাড়ী দেউতাই চলাইছে। ৰাস্তাৰ কাষত ৰৈ থকা গছ-গছনি , ঘৰ-অট্টালিকা বোৰ পিছফালে দৌৰি আছে। আজি কটনত মোৰ এবছৰ হৈ গ'ল । এবছৰ আগতে কটনত নামভৰ্তি কৰিবলৈ আহোঁতে দেউতাৰ লগতে আহিছিলো। মোক দেউতাই হোষ্টলত থৈ যেতিয়া দেউতা ঘৰলৈ যাবলৈ ওলাইছিল তেতিয়া দেউতাক মই সাবতি ধৰি খুউব কান্দিছিলো। দেউতা আৰু মাৰ পৰা আতৰি থাকি নিজকে নিসঙ্গ অনুভব কৰিছিলো। কিন্তু আজি দেখোন মোৰ এনেকুবা লাগিছে কলেজখন কেতিয়া গৈ পাওঁ ,কেতিয়া মনোজ , দিগন্ত , সুৰজিত , শেৱালী, হিমাঞ্জলী হতঁক লগ পাম। অচিনাকি কলেজখন দেখোন আজি মোৰ নিচেই চিনাকি হৈ গ'ল। এবছৰ কেতিয়া পাৰ হ'ল মই ধৰিবই নোৱাৰিলো। মই কথাবোৰ ভাবি থাকোতে মোৰ মোৱাইলটো জ্বলি উঠিল। মোৱাইল টো চাই দেখিলো। মনোজে ফোন কৰিছে , সি হোষ্টেল পালেহি চাগৈ। মই ফোনটো ধৰিবলৈ লওঁতে ফোন কটা গ'ল। মই কল বেক কৰিলো যদিও সি ফোনটো নধৰিলে। মোক যোৱাকালি চিনাকি কৰাই দিয়া ছোৱালীৰ কথা ভাবিলো । নামটোৰ লগত ছোৱালীজনী বেছ মিলিছে । মিঠা বৰণৰ লাহি-পাহি চনীয়া নামৰ ছোৱালীজনী সচাঁকৈ দেখিবলৈ বহুত ধুনীয়া। মই চনীয়াৰ কথা ভাবি থ‍াকোতে কিছু সময় পাছত মনোজে মোলৈ আকৌ ফোন কৰিলে । মই ফোনটো ধৰিলো আৰু
 সুধিলো - 
: তই আহি পালিহি নে নাই ?
সি সেইফালৰ পৰা ক'লে -
: মই আহি পালোহি ! তই ক'ত ‍আছ এতিয়া। 
মই ক'লো 
: মই গাড়ীত গৈ আছো দেউতাৰ লগত। অলপ পাছত পাম গৈ। হ'ব দে গাড়ীত একোকে নুশুনি হোষ্টলত গৈ কথা পাতিম ।
মই ফোনটো কাটি দিলো। দেউতাই মোক সুধিলে কোনে ফোন কৰিছে । মই মনোজে ফোন কৰা বুলি ক'লো । দেউতাই গাড়ী চলাই আছে। মোৰ এনেই থাকি আমনি লগাত মই ফেচবুকটো অন কৰিলো । ফেচবকুটো অন কৰাৰ লগে লগে দেখিবলৈ পালো কবিতা ডেকা নামৰ ছোৱালীজনীয়ে মোৰ request টো accept কৰিছে। মোৰ মনটো বহুত ভাল লাগিল , মই তাইৰ প্ৰফাইলত থকা ফটোবোৰ চালত সৰু সৰু বাগানীয়া ল'ৰা ছোৱালীৰ ফটো কিছুমান দেখা পালো। কিন্তু ছোৱালীজনীৰ ফটো নাই দেখোন। বাৰু যি কি নহওঁক মোৰ request টো যে accept কৰিলে। মই ভাবিলো মেছেজ এটা দিও নেকি । আকৌ ভাবিলো আগতে মেছেজ দিলে মোক বা কি বুলি ভাবে ? অলপ সময় তাইৰ প্ৰফাইলত দিয়া পোষ্টবোৰ চাই গ'লো। এনেতে ছোৱালীজনীয়ে মেছেজ দিলে। মই মেছেজ খুলি চাই দেখিলো ছোৱালীজনীয়ে মোক ধন্যবাদ দিছে। মই আচৰিত হ'লো। মইও সোধি পেলালো । আপুনি ধন্যবাদ কিয় দিলে ? মই মেছেজটো পঠিয়াই অপেক্ষা কৰিলো উত্তৰ অহালৈ । কিন্তু দূৰ্ভাগ্যবশতঃ উত্তৰ নাহিল। মই মোবাইলটো থৈ দিলো । পোন হৈ বহি বাহিৰৰ দৃশ্য চাই থাকোতে কেতিয়া জালুকবাৰী পালোহি গ'মেই নাপালো । জালুকবাৰীত দেউতাই আমাৰ গাড়ীখন ৰখালে । দেউতাই মোক ক'লে -
: বাবা তোৰ কিবা আৰু বস্তু ল'বলৈ আছে নেকি ?
 মই বাহিৰৰ ফালে চাই দেউতাক ক'লো - 
: নাই দেউতা।  
দেউতাই গাড়ীখন কটনৰ ফালে নিলে 
হঠাত মোৰ চকুত পৰিল চনিয়াৰ নিচিনা এজনী ছোৱালী । মই গাড়ীৰ ভিতৰৰ পৰা ছোৱালীজনীৰ মুখখন চালো । হয় সাইলাখ চনিয়া। চনিয়া ছোৱালীজনী কটনত পঢ়ে নেকি ? আমাৰ গাড়ীখন মোৰ কলেজৰ সন্মুখত ৰখালে। মই গাড়ীৰ পৰা নামিলো...

আগলৈ...

 ✍🏻সঞ্জীত দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)