সকলো মাহ ,ঋতু কিছুমান স্বকীয় বৈশিষ্ট্যৰে সমৃদ্ধ । আঘোণো ইয়াৰ ব্যতিক্ৰম নহয় । মানুহৰ ভাল লগা কিছু মূহুৰ্ত কিছু স্মৃতি নিৰ্দিষ্ট ঋতুতহে উপভোগ কৰা হয় ।
আঘোণ। আঘোণ মানেই কৃষকৰ আশা ,আঘোণ মানেই লেছেৰি বুটলাৰ বতৰ ,ন খোৱাৰ আনন্দ ,লখিমীক ভঁড়াললৈ আদৰাৰ সুমধুৰ ক্ষণ । আঘোণে যেন মায়া জানে । সোণগুটিৰ সৌন্দৰ্যই যেন উদং পথাৰৰ বুকু জুৰায় । সুদূৰ পাহাৰৰ ঘৰমুখী পক্ষী জাকৰ সৈতে সূৰ্যাস্তৰ মায়াসনা ৰাগিত কোনোবা ডেকাই নিজৰ প্ৰেয়সীক মৰমেৰে লৈ যাওঁতে আঘোণৰ ছন্দতে ৰছে জীৱনৰ মধুৰ গান । কুঁৱলীৰ আৱৰণ ফালি কাঁচিৰ কিচকিচনিত সোণগুটি ধানে দাৱনীৰ লাহি হাতত তোলে নাচোনৰ তাল ।আলিত বহি চুপতি মাৰি খোৱা ৰবাব টেঙাইও দি যায় এক সুকীয়া আস্বাদন।ডেকাহঁতৰ কান্ধত উঠি যেন ৰুণজুণ নূপূৰ নৃত্যৰে ঘৰমুৱা হয় এক সোণবৰণীয়া সপোন । সঁচাই , আঘোণে লৈ আহে কোমল কোমল অনুভূতিৰ স্বাদ।
প্ৰাপ্তি আৰু প্ৰাচুৰ্য্যৰ এক উৎকৃষ্ট প্ৰতীক আঘোণৰ পথাৰ । হয়তো কৃষক পৰিয়ালত জন্ম হোৱা বাবেই সৰুৰে পৰাই পথাৰৰ সৈতে গঢ়ি উঠিছিল এক ঘনিষ্ঠ আত্মীয়তা । পথাৰৰ আলিত পিছলি নপৰাকৈ খুপি খুপি দেউতাক চাহ জলপান দিবলৈ যোৱা ,আঘোণৰ পথাৰত দাৱনীক ৰবাব টেঙা দিবলৈ যোৱালৈকে এক দীঘলীয়া গাঁথা । গাঁৱলীয়া জীৱনৰ সহজ সৰল মানুহৰ আত্মীয়তাখিনি ,অকৃত্ৰিম স্নেহৰ সৈতে সকলোৱে ন খোৱাৰ আমেজেই সুকীয়া।সেয়েহে কওঁ , আঘোণৰ পথাৰৰ আনন্দ লৈ চাওঁক ।পথাৰত নৰাই কাটিলেনো শৰীৰৰ কি ক্ষতি হ'ব ? দেহৰ বৰণ কমি গলেনো কোনে চিনি নাপাব ? আঘোণৰ পথাৰত বিচাৰি চাওঁক নান্দনিক অনুভৱৰ উমাল সান্নিধ্য । আঘোণে সংগোপনে সিঁচি দিয়ে উচ্ছাকাংক্ষাৰ শুকুলা ডাৱৰ ,আশাৰ জিলিকনি আৰু অনেক অনেক...
✍️মৈত্ৰী দাস
শিৱসাগৰ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ