সেই গাওঁখন কঙাল নহ'ল ।
সেই গাওঁ খনত হাঁহাকাৰ নহ'ল - সেই কৰোণাৰ সময়ত ভাৰতবৰ্ষত দোকান -পোহাৰ, বাণিজ্য বন্ধ কৰি দিয়া সময়তো তেওঁলোকে ভােকত থকা নাছিল ।
খাদ্য প্ৰচুৰ নহ'লেওঁ -অভাৱত নাছিল ।
এই গাওঁখন কেনেকৈ (?) কঙাল হ'ব ।
সোণ হেন পথাৰবােৰে ভৰাঁল ভৰাই -মন ভৰাই ৰাখে লখিমী । সোণহেন পথাৰৰ বৃস্তিতিয়ে কৈ দিয়ে মানুহৰ অৰ্থ - সামাজিক অৱস্থা ॥ প্ৰতিঘৰতেই বুলিব লাগিব আছে -এখনকৈ হ'লেও মাছৰ পুখুৰী আৰু বাৰিষাৰ খাল -ডােঙ, নদীৰ মাছেৰে গাওঁখনে দুমুঠি পেট- প্ৰবৰ্ত্তাই আছে ।
নৈসৰ্গিক দৃশ্য কোনোগুণে কম নহয় ॥
সেউজী ধৰাৰে আৱৰা পকী - আধা কেচাঁ ঘৰেৰে ভৰা মোৰ গাওঁ । ফল - মূল নেবেচাকৈ খোৱা খাটি অসমীয়াৰে ভৰা মােৰ গাওঁ ।
মই বােলো আমি চহৰৰ মানুহে পাচলি-মাছৰ বাবে হাঁহাকাৰ কৰি ফুৰিছাে ।
তেওঁলোকে ক'লে , " গুচি আহক আমাৰ ইয়ালৈ " ॥
:নাই এখন জিলাৰ পৰা আনখনলৈ যাৱ নোৱাৰিচােযে । কি কৰো ?
:আমাৰ গাৱঁত অভাৱ নাই । পুখুৰীত মাছ আৰু হাহঁ ৬০ জনী মান আছে ॥ এতিয়া এজনী হাহঁ ৫০০ -৬০০ টকা পৰ্য্যন্তলৈ বেচিছাে ॥
:লক ডাউনত আমাৰ একো অসুবিধা হোৱা নাই । নামমাত্ৰ বস্তু কিনিব লাগে ॥
:অফিচলৈ যাব পৰা নাই । ঘৰতে গেলামালৰ সৰু দোকান এখন দিছো , ওচৰৰ কেইঘৰে কিনে । তাৰ পৰা অলপ-অচৰপ লাভ হয় ।
ঘৰত কেতিয়াবা কলডিল, বা পচলা, বাৰীৰ শাক-পাচলি আদি আছেই ।
বৰ্ষাকালীন জিকা, ভোল, ধুন্দুলি , ভেন্দি , মৰিচা, দাংবডি আদি অলপ অলপ বাৰীত লগাইছাে আৰু সেইবােৰ ডাঙৰ হৈ আহিছে ॥ আমি লক- ডাউনত চহৰৰ মানুহৰ নিচিনাকৈ অসুবিধাত ভুগিব লগীয়াত পৰা নাই ॥
যদি পাৰা আহি আমাৰ সাচতীয়া ৰঙালাওঁ, কোমোৰা আদি লৈ যাব পাৰিবাহি ॥ মই মাঘীয়া আলু পাচবস্তা পাইছিলো বছৰটােৰ বাবে চলিওঁ থাকি যাব । জিলালৈ যোৱা অনুমতি পালে আহিবা ।
আমাৰ দুখ লাগে - তোমালোকে যে মাছ পুঠিৰ মুখ বহুদিন দেখা নাই বুলি কৈছা ॥
যি হওঁক আমাৰ ঘৰৰ ৩ খন পুখুৰীৰ মাছ মাজে - মাজে আমি খাই আছাে ।
যদি চহৰত অসুবিধা হৈছে গুচি আহা ইয়ালৈ ॥
আমি গাঁৱৰ মানুহ সদায় যিদৰে চলিছিলো তেনেদৰেই চলি আছাে। অলপ পাৰ্থক্য আছে বেছি নাই । কাপোৰ-কানিৰ বজাৰ আদিত যেনিবা যোৱা নাই ॥
ভাৰত বন্ধ, জিলা বন্ধ, দোকান বন্ধ আদিৰ বাবে গাঁৱত সমস্যা নাই ।
দোকান যি সময়ত চহৰত খোলা থাকে -সেই সময়ত গৈ লৈ আহো । গাঁৱত কৰোণাৰ বাবে আতংকও হোৱা নাই ।
আমাৰ কোনো এজন কৰোণাত আক্ৰান্ত হোৱা নাই ।
আমিও নিয়ম মানি চলি আছাে ।
তহঁতিও সাৱধানে চলিবি ॥
চহৰৰ মানুহৰ বহুত অসুবিধা হোৱা বুলি জানিব পাৰিছো ॥ চহৰবােৰ গাৱঁৰ বাবেহে বাচি থাকে । গাওঁ নহ'লে চহৰবোৰৰ মৃত্যু অনিবাৰ্য্য ॥ সেই মহামাৰীৰ দুৰ্যোগৰ সময়তো গাঁৱৰ মানুহৰ জীয়াই থাকিব পৰা খাদ্যকণ প্ৰায়বােৰ মানুহৰ ঘৰতেই আছিল ।
এক কথাত এই বিপদৰ সময়ত এই কথা প্ৰতীয়মান হ'ল যে," গাওঁ বিলাক প্ৰাণৱন্ত "; নিজৰ জীয়াই থাকিব পৰা সমল আছে ॥
"গতিকে গাওঁ থাকিলেহে - দেশ জীয়াই থাকিব" ॥
✍️ মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ