অথন্তৰৰ এবোজা শোক-চুটিগল্প~বাণীকান্ত লহকৰ

Rinku Rajowar
0
চাৰিদিন আগ পিছ কৰি দুয়োজন গ'ললৈ ।য'ৰ পৰা আৰু উভতি অহাৰ প্ৰশ্ন নুঠে । হাজাৰ জয়দেউ কাকূতি মিনতি কৰিলেও তাৰ পৰা তাইৰ মাত নুশুনে । বাধ্য হৈ তাই উচ্চ স্বৰত চিঞৰিবলৈ আৰু সুৰুঙা নাপাব । তাই হয়তো পাহৰি যাৱলৈ চেষ্টা কৰিছিল অথবা পাহৰিছিলেই কিন্তু সামান্য ঘটনা এটাতে তাই বিব্ৰত হৈ পৰে আৰু উন্মোচিত হয় বাৰে বাৰে সেই কাহিনীবোৰ । আজি তাইৰ যেনেকৈ মান সন্মান বা অহংকাৰ নাই আগতে তাই তেনে আছিল নে ? তাই নিজকে প্ৰশ্ন সোধে "ক'ত গ'ল  তোৰ সেই দাম্ভিকতা মীনাক্ষী ! খোজত কঁপাই দিয়া সেই লয়লাস ভংগী ।   দিনটো হয়তো দুই তিনিবাৰ পিন্ধি থকা সাজ সজ্জা পৰিৱৰ্তন কৰিছিল । কিন্তু আজি বুজি উঠিছে সেইবোৰৰ কোনো মূল্য নাছিল । সেইয়া কেবল চিকমিকনিহে আছিল । সূৰ্য্যৰ পৰা ধাৰ কৰা চন্দ্ৰৰ পোহৰৰ দৰে । একমাত্ৰ দেউতাকৰ পদবী আৰু ঐশ্বৰ্য্য বিভূতিৰে তাই গৌৰৱান্বিত হৈ উঠিছিল । কিন্তু সেই পোহৰৰ পৰা তাই লাহে লাহে বঞ্চিত হ'ব ধৰিলে । অপথে আহোৰণ কৰা ধনৰ পাহাৰত উঠি দেউতাকে পাহৰি গৈছিল পথ ,সমাজ আৰু পৰিয়াল । ৰঘুমালাৰ দৰে তেওঁৰ জীৱনলৈ আগমণ ঘটিলে দ্বিতীয় পত্নীৰ আৰু তেওঁৰ লাহে লাহে সংযোগ বিচ্ছিন্ন হ'ব ধৰিলে ।
তাইৰ ভাগি পৰা মনটোক সাহস আৰু অনুপ্ৰেৰণা জগাবলৈ আগবাঢ়ি আহিল নৰেন । নৰেনৰ সান্নিধ্যই পোহৰাই তুলিলে তাইৰ পৃথিৱী । তাইৰ বাবে নৰেনেই সূৰ্য্য । নৰেনৰ পোহৰৰে তাই উদ্ভাসিত হ'ব বিচাৰে ।
নৰেনে স্থানীয় কাৰ্য্যালয় এটাত কেৰানীৰ চাকৰি কৰে । মাক দেউতা নথকা নৰেনৰ অবিবাহিত ভনীয়েক কৰবী  আৰু  বিবাহিত ভনীয়েক ৰুমী তেজপুৰত থাকে ।  নৰেনৰ চাকৰিত মকৰল হোৱাৰ বেছিদিন হোৱাই নাই । কৰবীয়ে মনে প্ৰাণে এজনী নবৌ বিচাৰে তাই বিয়া হৈ যোৱাৰ আগতে । পাকে প্ৰকাৰে সেই কথাটো তাই নৰেনকো কৈছিল ।
  নৰেনৰ অভাৱ আছে যদিও কৰৱীৰ অভিযোগটো পূৰণ কৰা কথা মনতে নভবা নহয় ।ভাল ছোৱালী এজনী পালে বিয়াখন পাতি পেলাব পাৰে । কিন্তু বিয়া পাতিবলৈ ছোৱালী এজনী বিচাৰিবলৈ তাৰ লাজ লাগে ।ঘটনাক্ৰমে মীনাক্ষীক সি অখিলৰ  চাইকেলদোকানত লগ পালে ।গাঁৱৰে ছোৱালী মীনাক্ষীয়ে তাক কোনোদিন পাট্টা দিয়া নাছিল অথবা সি কোনোদিনে তাইৰ প্ৰতি চকু দিয়া নাছিল । মীনাক্ষীহঁত গাওঁখনৰ লেখত লব লগীয়া ধনী মানুহ আছিল । চাৰিচকুৰ মিলনে আৰু সিহঁতৰ আলোচনা আৰু কথা বতৰাই কেতিয়া ৰূপান্তৰিত হৈছিল প্ৰেমলৈ দুয়ো নাজানে । এতিয়া দুয়ো দুয়োকে লগ কৰে ।কথা পাতে । বিনিময় কৰে সুখ দুখ ।সপোন দেখে নতুন সমাজ গঢ়াৰ । এনেকৈ মনে মনে সিহঁতে বিবাহৰ দিন মাহ পৰ্য্যন্ত থিক কৰি পেলালে । এতিয়া মাত্ৰ ৰাইজক সাক্ষী কৰি বিয়াখন পাতিব লাগে । ইমান সুখৰ আৰু ডাঙৰ খবৰ এটা  লুকাই ৰাখিব নোৱাৰি কথা প্ৰসঙ্গত এদিন অখিল চাইকেল মেকাৰক কৈ পেলালে । তাইৰ বিয়াৰ সকলো নৰেনৰ লগত থিক হৈ গ'ল বুলি ।
নৰেনৰ দেউতাকৰ দোকানখন ভাড়াত লৈ চাইকেলৰ দোকান চলাই থকা অখিলৰ এনে লাগিল যেন কিবা এটা সাংঘাতিক অঘটন হ'ব ওলাইছে । নাই, এইটো হ'ব দিব নোৱাৰে । জানি শুনি সি ল'ৰাজনক মৃত্যুৰ মুখলৈ ঠেলি দিব নোৱাৰে ।
সি গৈ নৰেনৰ ভনীয়েক কৰৱীক সকলো ক'লে আৰু কৰৱীক লগত লৈ নৰেনৰ খুৰাক শিক্ষক  অভয়ক সকলো ভাঙি পাতি ক'লে । সাপ নেজীয়া চুলি আৰু খৰম যুৰিয়া ভৰিৰ মীনাক্ষীৰ লগত নৰেনৰ বিয়া হ'লে যে বেছিদিন বাছি নাথাকিব জোৰ দি ক'লে । নৰেনৰ খুৰাক অভয়ে এইবোৰ সঁচা নে মিছা একো নাজানে । এইবোৰ যদি অন্ধ বিশ্বাস তেতিয়া হ'লে সমাজখন বিপথে পৰিচালিত নকৰিছেনে ? কিন্তু নিজৰ ভতিজা এজনক কিয় পৰীক্ষা শালত বহুৱাব ? ৰাইজে কি ক'ব ! মাক দেউতাক নহোৱা লৰাটোক খুৰাকে চকু নিদিলে । হওঁতে তেওঁলোকৰ বয়সৰ বেছি পাৰ্থক্য নাই । তৎক্ষণাত সিদ্ধান্ত লৈ পেলালে  কাইলৈ ৰাতিপুৱাই তাক  লগত লৈ বায়েক ৰুমীৰ তালৈ  যাব ।
নৰেন তেজপুৰত বহুদিন থাকিব লগীয়া হোৱা বাবে মীনাক্ষী গমে নেপালে সি ক'ত আছে । ৰুমীয়ে এজনী শিক্ষয়ত্ৰী কন্যা তাৰ লগত বিয়াৰ বাবে থিক কৰিলে । দিনবাৰ সকলো থিক হোৱাৰ পিছত তাক লগত লৈ গাঁৱলৈ আহি বিয়াৰ কামত লাগি গ'ল । অতি কমদিনৰ ভিতৰতে বিয়াখন হৈ গ'ল । মীনাক্ষীয়ে একো তৎ ধৰিব নোৱাৰিলে কিহৰ পৰা কি হ'ল । মানুহজন কেনেকৈ সলনি হ'ল !
নৰেনে তাইক কিহত বেয়া পালে ? কিহৰ বাবে তাইক প্ৰতাৰণা কৰিলে ? তাইক এবাৰো জানিব নিদিলে তাইৰ দোষ কি ? তাই কথাবোৰ ভাবিব নোৱাৰে । তাইৰ সম্বন্ধীয় আইতাক এজনীয়ে এদিন তাইক কৈছিল "তুমি ইমান সুন্দৰী হৈ জন্ম গ্ৰহণ কৰিছা । দহজন পুৰুষে তোমাৰ ৰূপত চগা পুৰা দি জাহ যাব । কিন্তু চকু চৰহাই তোমাৰ চুলি আৰু ভৰিৰ খুঁত উলিয়াই অপমান কৰিব পাৰে । তুমি ভয় নকৰিবা মোলৈ চোৱা ,তোমাৰ ককা এতিয়াও দপ দপাই ফুৰি আছে । মইহে কোনোবা দিনা টিকট কাটিম যেন পাইছো ।
সেইদিনা মনে মনে মীনাক্ষী অনুভৱ কৰিছিল নৰেনে কিয় আচম্বিতে তাইৰ জীৱনৰ পৰা পলাই গৈছিল । কিন্তু তাৰ বাবে তাই আপচোচ কৰিব এৰি দিছিল । সকলো নেদেখা জনৰে লীলা বুলি সান্তনা লভিছিল । অন্তৰত গুজুৰি গুমুৰি উঠা অথন্তৰৰ এবোজা শোক যেন তাইৰ চিৰ লগৰী । তাইৰ জীৱনত দৰা নাহিব নেকি  ? পিছলৈ সেইটো প্ৰশ্নই তাইক খুলি খাইছিল । বহুতে তাইক চাব আহিছিল , কিন্তু পচন্দ কৰা নাছিল ।
অৱশেষত ঈশ্বৰৰ ইচ্ছাত এজন আদহীয়া পুৰুষৰ লগত তাইৰ বিয়া হয় । সকলোৰে বু বু বা বা কাটি কৰি পোন্ধৰটি বছৰ অতিক্ৰম কৰাৰ পিছত তাইৰ মানুহজন ঢুকাল । অত্যাধিক মদ্যপান কৰাৰ বাবে কৰ্কট ৰোগত আক্ৰান্ত হৈ জীয়াতু ভোগী ভোগী । তাৰ কিছুদিন পিছত তাই খবৰ পালে এক অচিন ৰোগত নৰেনো ঢুকাইছে ।
তাইৰ চিঞৰি চিঞৰি সুধিব মন গৈছিল । তোমালোকে কিয় নৰেনক বচাব নোৱাৰিলা ! নৰেনক বচাবৰ বাবেই তাইক প্ৰেমৰ পৰা বঞ্চিত কৰা নাছিলনে ? কিন্তু তাইৰ চিঞৰ কোনে শুনিব ?

🖋️বাণীকান্ত লহকৰ


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)