তুমি কিয় এনে কৰিলা ০৮~ উপন্যাস- সঞ্জীত দাস

©Admin
0
মই কলেজৰ গেটৰ সন্মুখন পাওঁ পাওঁ। এনেতে মোক পিছফালৰ মাত লগাই এজনি ছোৱালিয়ে
: exce. me.
মই ঘুৰি চাই দেখিলো এয়া দেখোন চনীয়া। মই তাইক দেখি আচৰিত হ'লো। আৰু এক আচৰিত ভাবে তাইৰ ফালে চাই ৰ'লো। মই তাইৰ ফালে এনেকৈ চাই থকা দেখি মোক তাই ক'লে
: ওহোঁ_! আপুনি হে মই আকৌ বেলেগ কোনোৱাই বুলিহে ভাঁবিছিলো। 
মই তাইৰ কথাখিনি শুনি হাঁহি এটা মাৰি ক'লো
: হয় নেকি? পিছে আপুনি ইয়াতে পঢ়ে নেকি? 
: নাই, নহয় মই ইয়াত নপঢ়ো।
: তেন্তে কোনোৱা আছে নেকি? আপোনাৰ ইয়াত। 
: হয় ....মোৰ বা এজনি আছে। 
মই এবাৰ আকাশখনৰ ফালে চালো ৰাতিপুৱা সূৰুজটো আহি মুৰৰ ওপৰ পাইছেহি। বহুত গৰম দিছে। মই তাইক ক'লো 
: আপুনি ক'ত পঢ়ে। 
তাই শুনা নাই মোৰ কথাখিনি। মই তাইৰ ফালে চালো, দেখিলো তাই দুচকুৱে বিভিন্ন দৃশ্য চাই আছে। মই এইবাৰ তাইৰ ফালে অলপ আগুৱাই আহি ক'বলৈ ওলোৱাতে। এজনি ছোৱালি আহি তাইক মাত লগাই 
: sorry চনীয়া sorry ...
তাই ক'লে
: হ'ব দোষ কৰি sorry কৈ লাভ নাই। 
তেনেকৈ কৈ দুয়োজনীয়ে হাঁহিলে।
তাৰপিছত মোক দেখুৱাই ছোৱালীজনীয়ে চনীয়াক ক'লে
: কোন হয়?
ছোৱালীজনীৰ কথা শুনি চনীয়া মোক দেখুৱাই ক'লে 
: যোৱা কালি আমাৰ বাগানলৈ গৈছিল নামটো ....। 
তাই মোৰ নামটো ক'বলৈ ওলাই ৰৈ গ'ল। 
তাইৰ মোৱাইল ফোনটো বাজি উঠিল। 
তাই মোৱাইলটো উলিয়াই ফোনটো ৰিচিভ কৰিলে ফোনত ক'লে "অনুৰাধা তই পালি নেকি? বৰষা আহিছেনে নাই? মই পৰিনীতা বা ক নিবলৈ আহিছো।" 
মই ছোৱালীজনীৰ নামতো জানিলো পৰিনীতা বুলি। তাই ফোনটো কাটি উঠি মোক ক'লে 
: আপুনি বেয়া নাপাব দেই আমাৰ পলম হৈছে....।
মই ক'লো 
: নাই দিয়ক একো নাই। 
তাই ছোৱালিজনীৰ ফালে চাই ক'লে
: বা ব'লক সিহঁত আহি ৰৈ আছে। 
দুয়ো খৰখোজে কাছাৰিৰ ফালে গ'ল।
মই আহিলো সোমাই কলেজৰ ভিতৰলৈ। কলেজৰ ভিতৰত প্ৰবেশ কৰাত মোৰ মনত এক বুজাব নোৱাৰা অনন্দৰ জোৱাৰ উঠিল। নাজানো কিয় ইমান ভাল লাগিল। মই কলেজৰ চৌহদটো ভালকৈ চালো ল'ৰা ছোৱালীবোৰ আহিছে। কিন্তু আমাৰ deptt. কাকো দেখা নাই এতিয়ালৈ। ক'ত গ'ল হিমাঞ্জলী, দিগন্ত শেৱালী সুৰজিতহঁতে। মই education deptt. ওচৰত অলপ ৰৈ থাকি মই অলপ কলেজ খন চালো দেৱদাৰু বোৰ কিছু ডাঙৰ হৈছে জোপোহা হৈছে আৰু কেইজোপা মান দেৱদাৰু ফুলিছেহি। এনেতে হঠাৎ মই দেখিলো মনোজক তাক দেখি মই আচৰিত হ'লো সি দেখোন গাটো বেয়া লগা বুলি কৈছিল। সি আকৌ কিয় আহিছে? ক'ত যায় সি। সি গৈ আছে ৰেল' ষ্টেচনৰ ফালে ফুটবিলাৰ পৰা হৈ ৰাস্তাৰ সিপাৰে পাৰ হৈছে। মই তাৰ পিছে পিছে গৈ দেখিলো। সি দেখোন বাইক চালক এজনৰ পৰা কিবা পেকেট আকৃতিৰ কেইটামান পেকেট লৈছে। আৰু সি বাইক চালকজনৰ লগত কিবা অলপ কথা পাতি সি আকৌ হোষ্টেলৰ ফালে গ'ল। কিন্তু সি কি নিলে? কিহৰ পেকেট নিলে সি ......? নাই তাৰ ওপৰত মই অলপ চকু ৰাখিব লাগিব। মই এনেকৈ ভাবি থাকোতে হিমাঞ্জলী আহি মোক পিছফালৰ মাত লগাই। 
: hlw .... অভি...
মই পিছফালে ঘুৰি চাই দেখিলো হিমাঞ্জলীক ।
মোক আকৌ হিমাঞ্জলীহঁতে অভি বুলি মাতে।
তাইৰ ফালে চাই মই ক'লো 
: তুমি আহিলা বাকিবোৰ ক'লৈ গ'ল
: বাকীবোৰ অহা নাই নেকি অভি।
: দেখা নাই দেখোন। হিমাঞ্জলী তোমাৰ কি খৱৰ ।
: বিন্দাছ ! পিছে তোমাৰ খৱৰ ভাল নে। অভি তুমি নতুন গান গোৱা নাই নেকি। 
: এটা লিখিছিলো কিন্তু সুৰটোহে দিব পৰা নাই। 
: মোক দিবা মই দিম সুৰ।
মই তাইৰ কথা শুনি নাহাঁহি থাকিব নোৱাৰিলো হাঁহি হাঁহি ক'লো 
: লাগে দিয়া তুমি সুৰ দিব তুমি কি সুৰ দিবা জনা আছে। তোমাতকৈ কাউৰী এজনিয়ে ভাল সুৰ দিব। 
মই তেনেকৈ কোৱাত তাই মোক পিছে পিছে মাৰিবলৈ খেদি ফুৰিলে আৰু মই আমাৰ deppt ৰ ফালে দৌৰিলো .....।

আগলৈ......

✍️সঞ্জীত দাস
পাটাছাৰকুছি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)