তোমাৰ মন যায় নে-হুমায়ুন কবিৰ

তোমাৰ মন যায় নে মোৰ হাত ধৰি লক্ষ্যহীন বাটত খোজ দিবলৈ,
তোমাৰ মন যায় নে মোৰ চকুত চকু থৈ মনৰ কথাবোৰ ক'বলৈ,
তোমাৰ মন যায় নে মোৰ বুকুত মূৰ গুঁজি শীতৰ ৰাতিবোৰ পাৰ কৰিবলৈ,
তোমাৰ মন যায় নে এখন সৰু পঁজা সাজিবলৈ য'ত থাকিম আমি যুগ যুগ ধৰি,
তোমাৰ মন যায় নে মোৰ কাষত বহি জোনাক নিশাৰ তৰা চাবলৈ।।
   
✍️হুমায়ুন কবিৰ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send