বহুদিন বহুবছৰ পাৰ হৈ গ'ল, সপোন এটাক
বান্ধি থোৱা,
এটা এটাকৈ বহুত সপোনে খুন্দিয়াইছিল
মোৰ ঠুনুকা হৃদয়খনত,
এটা যেন চিনাকি সুৰ ভাঁহি আহিছে
দূৰৈৰ পৰা কিন্তু অস্পষ্ট
বেলি লহিওৱাৰ পৰত
মোৰ যাত্ৰা পথতেই
আলি কেঁকুৰিটোৰ পৰাই
ভাঁহি আহিছে বতাহত
এটা গান, এটা সুৰ
আমোলমোল সুবাসত
পখিলাবোৰে গীত গাইছে
এটা হৃদয় জুৰোৱা গান
যি কথা ক'বলৈ থাকি গ'ল
যি কথা আগতে কোৱা নহ’ল
যি কথা আগতে শুনা নহ’ল
তাৰেই প্ৰতিচ্ছবি
তাতেই শুনা পালো
মোৰ সপোনৰ গান
হৃদয়ৰ গান,
এই আলি কেঁকুৰিটোৰ
উভটনি যাত্ৰাত
বিয়লি বেলাত।
✍️ৰুনু শৰ্মা
গুৱাহাটী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ