সময়ৰ দাপোনত ঢেঁকীয়ালৰ প্ৰতিচ্ছবি ০২~ আমাৰ গাঁও আমাৰ চহৰ- দশমী শইকীয়া

©Admin
0
অতীতৰ স্বাক্ষৰ বহন কৰা বহুতো ঐতিহাসিক সমল ঢেঁকীয়ালৰ চুকে কোণে বিৰাজমান ৷ তাৰে অন্যতম উদাহৰণ ৰহধলা পুখুৰী , ৰহধলা পথাৰ , দৰিয়াজান , মৈদাম , বৰবৰুৱা বাৰী আদি উল্লেখযোগ্য ৷

ৰহধলা পুখুৰী :
ঢেঁকীয়ালৰ অতীত গৌৰৱৰ ইতিহাস জিলিকাই ৰাখিছে এই গাৱঁৰ দক্ষিণ প্ৰান্তত অৱস্থিত বিখ্যাত ৰহধলা পথাৰে ৷ এই বৃহৎ পথাৰখন শেনচোৱা গাঁও, চেতিয়া গাঁও, চংকলা , ঢেঁকীয়াল গাঁৱৰ সীমা চুইছেগৈ ৷ পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ দুয়োকাষে বিস্তৃত পথাৰ খনৰ পূৱফালে তিনিটা বৃহৎ আকাৰৰ পুখুৰী আছে ৷ যাক ৰহধলা পুখুৰী বুলি কোৱা হয় ৷ উল্লেখযোগ্য যে , মোমাই তামুলী বৰবৰুৱাই পৃথু বৰা নামৰ এজন লোকক ঢেঁকীয়াল অঞ্চলত পানীৰ অভাৱ নোহোৱা কৰিবৰ বাবে পুখুৰী খান্দিবলৈ আদেশ দিছিল ৷ আদেশ অনুসৰি পৃথু বৰাৰ তত্ত্বাৱধানত খন্দোৱা পুখুৰীত পানী নোলোৱাত শাস্তিৰ ভয়ত কুহিঁয়াৰৰ ৰস কলহত ভঁৰাই আনি পুখুৰীটোত ঢালিছিল ৷ যাৰ বাবে পুখুৰীৰ নাম ৰহধলা পুখুৰী হয় ৷ লগতে ইয়াৰ কাষৰ পথাৰখনৰ নাম ৰহধলা পথাৰ হয় ৷ কিছুলোকে ক’ব বিচাৰে যে মোমাই তামুলী বৰবৰুৱাই ঢেঁকীয়ালত ৰাইজৰ বাবে এটাহে পুখুৰী খন্দাইছিল ; তিনিটা পুখুৰী খন্দোৱা নাছিল ৷ মোমাই তামুলী বৰবৰুৱাৰ নিৰ্দেশত পৃথু বৰাই খন্দোৱা পুখুৰীটোহে প্ৰকৃত ৰহধলা পুখুৰী আছিল ; যিটো বৰ্তমান সম্পূৰ্ণৰূপে বিলুপ্তি ঘটিছে ৷ প্ৰথমেই উল্লেখ কৰা বৃহৎ তিনিটা পুখুৰী ৰহধলা পথাৰত অৱস্থিত বাবেই ৰহধলা পুখুৰী বুলি ক’ব খোজে ৷ আহোম ৰাজত্বকালত খন্দোৱা পুখুৰীৰ বিষয়ে বুৰঞ্জীত উল্লেখ পোৱা যায় ৷ কিন্তু ৰহধলা পথাৰৰ এই তিনিটা পুখুৰীৰ বিষয়ে বুৰঞ্জী নিমাত ৷ সেয়েহে এই তিনিটা পুখুৰী মোমাই তামুলীৰ নিৰ্দেশত খন্দোৱা ৰহধলা পুখুৰী নহয় বুলি ক’ব খোজে ৷ 
মনকৰিবলগীয়া যে ' ইতিহাসে সোঁৱৰাই ছশটা বছৰ' ত উল্লেখ থকা মতে আহোম যুগত খন্দা পুখুৰীবোৰৰ এক বিশেষত্ব আছে ৷ বিজ্ঞানসন্মতভাৱে পুখুৰীবিলাক উহঁ চাই খন্দা হৈছিল ৷ পুখুৰীসমুহত নাদ খান্দি তাত ৰহ(পাৰা) ঢালিছিল ৷ যাৰ বাবে পানী পৰিষ্কাৰ হৈ থাকিছিল আৰু কেতিয়াওঁ নু-শুকাইছিল ৷ ইয়াৰ কাৰণেওঁ পুখুৰীবোৰক ৰহধলা পুখুৰী বুলি কোৱা হৈছিল ৷ ঢেঁকীয়ালত অৱস্থিত পুখুৰীটোওঁ তেনে এক ৰহধলা পুখুৰী বুলি কিছু লোকে ক’ব বিচাৰে ৷ 
  একে ঠাইতে তিনিটা পুখুৰী কিয় খন্দাইছিল তাৰ কোনো ইতিহাস পোৱা নাযায় ৷ পুখুৰীকেইটাৰ উত্তৰফালৰ পুখুৰীত পদুম ফুল ফুলিছিল বাবে ইয়াক পদুম পুখুৰী বোলা হৈছিল ৷ অন্য এটাৰ নাম আছিল দোপণি পুখুৰী আৰু তিনিওটা পুখুৰীৰ মাজত থকাটোক মাজৰ পুখুৰী বুলি কোৱা হৈছিল ৷ সময়ৰ গ্ৰাসত এই ঐতিহাসিক পুখুৰী কেইটা বৰ্তমান বিলুপ্তিৰ পথত ৷ বৰ্তমান পুখুৰীকেইটাৰ পাৰকেইটাৰ অৱশিষ্ট আছেগৈ ৷ বহু অংশ পোত গৈ ৰোৱতি তলী হ’ল ৷

দৰিয়াজান:  
এই ৰহধলা পথাৰৰ উত্তৰা - দক্ষিণাকৈ এটি জান বৈ গৈছে। যাক দৰিয়া জান বুলি কোৱা হয় ৷ এই জানৰ উৎপত্তিস্থল দোপণি পুখুৰী বুলি কোৱা হয় ৷ এই জানটো গেলাবিলত গৈ লগ লাগিছেগৈ ৷

বৰবৰুৱা বাৰী:
মোমাই তামুলী বৰবৰুৱাই ঢেকীয়ালৰ বৰগুৰি ত এখন বাৰী পতাই ঘৰ সজাই সপৰিয়ালে বসবাস কৰিছিল ৷ ঢেকীয়াল তিনি আলিৰ পৰা ২ কি: মি মান পশ্চিমলৈ গৈ ঢেঁকীয়াল মেলামৰা পথৰ দক্ষিণ কাষত এই বৰবৰুৱা বাৰী অৱস্থিত ৷ বৰবৰুৱা বাৰীৰ চৌহদত দুটা পুখুৰী আছে ; যাক ৰজাই গাঁ ধোৱা পুখুৰী আৰু ৰাণীয়ে গাঁ ধোৱা পুখুৰী বোলে ৷

গিজিং বুঢ়াগোহাঁই মৈদাম:
ঢেকীয়াল চাৰিআলিৰ পৰা ২ কি:মি: মান পূৱলৈ শেনচোৱা আলিৰ দক্ষিণ কাষত প্ৰায় ১৫ লোচামান মাটিৰ এটা ওখ মৈদাম আছে ৷ যিটো পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ নাতি গিজিং বুঢ়াগোহাঁইৰ মৈদাম বুলি কোৱা হয় ৷

ভদৰি বৰবৰুৱাৰ মৈদাম: 
বৰ্তমান ঢেঁকীয়াল চাৰিঙ্গীয়া পশু চিকিৎসালয় ৰ পৰা পশ্চিমলৈ গাতে লাগি থকা ভূমিখণ্ডত কিছুমান ঢিপ থকালৈ লক্ষ্য কৰি সেই অঞ্চলত ৰাজ বিষয়া বৰ্গৰ মৈদাম থকা বুলি অনুমান কৰে ৷ সেইসমুহৰ মাজৰে এটা বৃহৎ ঢিপক স্বৰ্গদেউ কমলেশ্বৰ সিংহই নিয়োগ কৰা ভদৰি বৰবৰুৱাৰ মৈদাম বুলি চিনাক্ত কৰি তাক সংৰক্ষণ কৰা হৈছে ৷ (আগলৈ)

✍️ দশমী শইকীয়া 
গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)