প্ৰতিভা ব্যক্তিৰ অনন্য অলংকাৰ ~ প্ৰবন্ধ- হেমেন হাজৰিকা

     প্ৰতিভা এক ব্যক্তি-সত্বাৰ অনন্য অলংকাৰ | যি অলংকাৰ স্বাক্ষুখ দৃষ্টিত আমাৰ কাৰোৰে চকুত ধৰা নপৰে | অথচ সেই অলংকাৰ পিন্ধি প্ৰতিভা ধৰ জন, উজ্বলি উঠে সামাজিক ভাবে | হাজাৰজনৰ দৃষ্টিত তেওঁ ধৰা পৰে আৰু তেওঁৰ অাভ্যন্তৰৰ সত্তাৰ পোহৰেৰে জিলিকি উঠে | এই অলংকাৰ কোনেওঁ চোৰ কৰিব নোৱাৰে | প্ৰতিভা যিমানেই ঘঁহি থকা হয় সিমানেই সি বেছি উজ্বল হৈ গৈ থাকে | প্ৰতিভা মানুহৰ জন্মগত গুণ যদিও ব্যক্তিয়ে নিজৰ অহোপুৰুষাৰ্থ চেষ্টাৰ ফলত নিজৰ সুপ্ত হৈ থকা গুণৰাশিক বিকশাই তুলিব পাৰে | আমাৰ সমাজত এনে বহু প্ৰতিভাধৰ ব্যক্তি আছে যিয়ে নিজকে উজ্বলাই ৰখাৰ লগতে নিজ মাতৃভূমিকো গৌৰৱৰ মালা পিন্ধাব পাৰে | অসম মাতৃয়ে মাজে সময়ে এনে ধৰণৰ প্ৰতিভা সম্পন্ন সন্তান প্ৰসৱ কৰে | ভাস্কৰ্য শিল্পও কোনো কোনো এক ব্যক্তিৰ কাৰণে প্ৰতিভাৰ আকৰ হ'ব পাৰে | এগৰাকী ভাস্কৰ্য শিল্পী হৈ নিজৰ প্ৰতিভাৰ চিনাকি দি কেৱল নিজ মাতৃভূমি অসমতে নহয় ,উত্তৰপূৰ্ববাঞ্চল তথা সমগ্ৰ ভাৰতবৰ্ষতে তেওঁৰ সুকীয়া পৰিচয় সময় লিপিত খোদিত কৰিব পাৰিছে | তেনে বহু উদাহৰণ আমাৰ ঘৰৰ আশে পাশে চুকে কোনে লুকাই আছে | যি নিজকে প্ৰচাৰ কৰি ভাল নাপাই , তেনেদৰে থাকিয়েই তেওঁ নিৰলস ভাবে নিজৰ কাম কৰি যাব খোজে |
     অাজি মই তেনে এগৰাকী প্ৰতিভাসম্পন্ন ব্যক্তিক লগ পোৱাৰ সৌভাগ্য ঘটিল | যি ইতিমধ্যে আন্তঃ ৰাজ্যিক পৰ্যায়ত উজলি উঠিছে অথচ চাকিৰ তলখন এন্ধাৰ হৈ থকাৰ দৰে নিজৰ ঠাইখনৰ লোকেই তেখেতক ভালদৰে চিনি নাপায় | দক্ষিণ কামৰূপ তথা সমগ্ৰ অসমৰে গৌৰৱ জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক প্ৰথম মহিলা মামনি ( ইণ্ডৰা ) ৰয়চম গোস্বামীৰ জন্মস্থান আমৰঙ্গা বৰিহাটৰ নাতি দূৰত অৱস্থিত এখন গাঁও সৰু হেৰামদ'| এই সৰু হেৰামদ'ৰ সুযোগ্য সন্তান বিজু কুমাৰ দাস | সত্ৰ সংস্কৃতিৰ নিয়ম নীতিত ডাঙৰ দীঘল হোৱা , জগলীয়া নদীত সাতুৰি যৌৱন অতিবাহিত কৰা প্ৰতিভাধৰ ব্যক্তি বিজু কুমাৰ দাস | বিজু কুমাৰ দাস এগৰাকী প্ৰতিভাধৰ ভাস্কৰ্য শিল্পী | মোৰ অনুমান হৈছিল যেন তেওঁৰ হাতত তৃতীয় নয়ন আছে | আজি মই এক বিশেষ কাৰণত তেওঁৰ সৃষ্টি কৰ্মৰ লগত পৰিচয় হৈ অভিভূত হৈ পৰিলো | তেওঁ হাতৰ পৰশত প্ৰাণ পাই উঠিছে ভগবানৰ বহু মূ্ৰ্ত্তিৰ লগতে জগত গুৰু শ্ৰীমন্ত শংকৰ দেৱ , বিশ্বশ্ৰুত গায়ক আমাৰ মৰমৰ শিল্পী বিশ্বৰত্ন ভূপেন হাজৰিকা , সংবিধান প্ৰণেতা ভীমৰাও ৰামজী আম্বেদকাৰ , মামণি ৰয়চম গোস্বামী , ড' সৰ্বেপল্লী ৰাধাকৃষ্ণণ , জাতিৰ পিতা মহাত্মা গান্ধীকে আদি কৰি অজস্ৰ গণ্য মান্য ব্যক্তিৰ ভাস্কৰ্য | ভাস্কৰ্য শিল্পী বিজু কুমাৰ দাসে পিতল , ফাইবাৰ , ব্ৰঞ্জকে আদি কৰি ভাস্কৰ্য শিল্পৰ বিভিন্ন কৌশলেৰে সাজি উলিয়াই | তেখেতৰ হাতৰ পৰশত প্ৰাণপাই উঠা বিভিন্ন ভাস্কৰ্যই অসমতে নহয় ভাৰত বৰ্ষৰ বিভিন্ন ঠাইত সংস্থাপিত কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে | মই নিজে স্ব- স্বক্ষুৰে শ্ৰীযুত দাসৰ শিল্প কৰ্ম দেখি প্ৰসংশা নকৰি নোৱাৰিলো | ইয়াৰ লগতে তেখেতক অসমীয়া সাহিত্যৰ চানেকিৰ তৰফৰ পৰা অভিনন্দন তথা শলাগ যাঁচিবলৈ পাহৰা নাচিলো | তেখেতেও আমাৰ আলোচনীৰ দীৰ্ঘায়ু কামনা কৰিছিল আৰু মইও তেখেতৰ শিল্প কৰ্মৰ উত্তৰোত্তৰ কামনা কৰি ছিলো |

✍️হেমেন হাজৰিকা
মিৰ্জা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send