খালৰ পৰা বামলৈ-পংখী মৰাণ

©Admin
0
কেঁকুৰিটো ভুল নাছিল
ওখোৰা-মোখোৰা পদূলিটোহে জঁয়াল।
কেঁচা কলিজাৰ সেমেকা গোন্ধত তুমি প্ৰেমত নপৰিবা 
কাৰণ
আই-পিতাইৰ প্ৰতি টুকুৰা চেনেহৰ লক্ষ্য প্ৰকৃত লক্ষ্য হ'বই লাগিব
তেতিয়া জননীয়ে সুখ পাব আৰু সুখ পালে উশাহতে চুব।
ৰোহঘৰত নিনাদৰ অভাৱ
তথাপিও চিঞৰিব লাগিব আকাশ কঁপাই
হে আই মই আছো জীয়াই।
কি ঠিক বুকুৰ কামিজটো হেৰুৱাব লগা হ'ব পাৰে
সেয়েহে নিজকে সুধিলো মই কেনে আছো
আই-পিতাইৰ জীয়া ছবিখন দেখা পালো।

বাদ দিব নোৱাৰি হে' দাগবোৰ 
যি ক্ষত-বিক্ষত মনৰ প্ৰতিমুহুৰ্তৰ দাবী।
আইৰ মৰম আৰু পিতাইৰ সাহস আশীষবোৰ আছে নহয়
বেলিটি আকৌ ফুলিব।
পুঁৱাবোৰ আছে নহয়
হেঁপাহবোৰৰ বাবে,
বৈ যোৱা জীৱনটো গৈয়েই থাকিব।
সেউজীয়াবোৰ বাঢ়িবলৈ দিয়া
উশাহতে সুখ পাবা।

বাদ দিব পৰাকৈ বুকুৰ আঁচোৰবোৰ জ্বলাই দিয়া
জীৱনৰ প্ৰাপ্তিবোৰৰ হেৰুৱা সুখ ঘূৰাই পাবা।
মই নকলেওঁ দিন গ'লে ৰাতি হ'ব ই
অজুহাতত কোনোবাই জিকিব ই
কি ঠিক ,সলনিবোৰে নতুন জীৱনেই দিব পাৰে।

✍️পংখী মৰাণ
 তিনিচুকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)