প্ৰেমিক চৰাই মই-হাইছ উদ্দিন আহমেদ

©Admin
0
সপোন তুমি ক'লৈ গুছি গ'লা
ক'ত যে তোমাৰ ঠিকনা
পাম জানো তোমাক বিচাৰি
য'ত তোমাৰ বাসস্থান

সপোন তুমি মাতিবা এবাৰ মোকো
নাযাবা মোক অকলশৰীয়া কৰি এৰি
থাকিলে তুমি ভৰসা পাওঁ
জীৱন গতিৰ পথ বিচাৰি পাওঁ

সপোন তুমি থাকিবা মোৰ কাষতে
থাকিব সদায় মোৰ হৃদয়ৰ মাজতে
ৰাখিম তোমাক বৰ যত্ন কৰি
হৃদয়ত সাৱটি ৰাখিম ধৰি

সপোন তুমি সংগী হ'বা
মোৰ হৃদয়ৰ ভাৱনাৰ ভিতৰত থাকিবা
সফলতাৰ মুকুট পথাৰত থাকিবা
সপোন তোমাক লৈ জীৱন সজাই দিবা

ৰক্তিম ৰঙত ৰঙা গোলাপ 
দিলা যেতিয়া হাতত তুমি
নুবুজো যেতিয়া হাতত কাঁইটে বিন্ধিব
সপোন তোমাৰ প্ৰেমত প্ৰেমিক চৰাই 
গোলাপৰ ৰং চাই সকলো যাওঁ পাহৰি 

মনটোক কৰে তোমাৰ আবেগে উতলা
কেতিয়াবা হৃদয়ক লৈ কৰে বহুতে খেলা
সপোন তুমি মোৰ প্ৰিয় 
তুমি কেতিয়াও নকৰিবা গোলাপৰ কাঁইটৰ দৰে ৰক্তাক্ত খেলা

সপোন তোমাক বিচাৰে মনটোৱে
সদায় ভাল পাই বিচাৰে কাষতে
সপোন তোমাৰ প্ৰেমত স্পৰ্শ কৰি
কেনেকৈ যাওঁ কোৱাচোন তোমাক এৰি

✍️হাইছ উদ্দিন আহমেদ
নগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)