প্ৰতাৰণা-ছাইফুদ্দিন আহমেদ

©Admin
1
তুমি কৰা প্ৰতাৰণাৰ
কাৰণে দুখ মই কৰা নাই ;
আছোঁ অকলশৰে জীয়াই
তোমাৰেই স্মৃতি বুটলি,
নিৰৱধি অশ্ৰুৰ নিমজ
বেদনাবোৰ মোহাৰি মোহাৰি...
হেঙুলী প্ৰভাতত দূৰন্ত আশাৰ চামনি,
মোৰ কোমল হিয়াত....
তোমাৰ যৌৱনৰ বৰ বাৰিষাত
হৈছিল মোৰ তোমাৰ প্ৰেমৰ পাতনি,
কোনে দিলে প্ৰতাৰণাৰ বীজ সিঁচি 
জানা নিশ্চয় তুমিয়েই তুমি !

হয় নহয় বুলি বাৰে বাৰে মোক তুমি
দিছিলা বৰ আকুলতাৰে প্ৰেমৰ প্ৰস্তাৱ 
নিৰ্জন গভীৰ কত ভাৱনাৰ
উন্মেষণৰ অন্তত দৃঢ়তাৰে
দিছিলোঁ মই সহাঁৰি !
তুমিয়েই মোৰ প্ৰেম বুলি
তথাপিও কৰিলা আজি
মোক তুমি প্ৰতাৰণা আৰু
বিশ্বাসঘাটকতা দিলা পৰিচয় !

✍️ছাইফুদ্দিন আহমেদ
আইনৰ ছাত্ৰ (Law student)
সভাপতি বৰভগীয়া আঞ্চলিক আমছু’
আলোচনী সম্পাদক মংগলদৈ আইন মহাবিদ্যালয় ও সদৌ অসম আইন ছাত্ৰ সংন্থা দৰং জিলা সমিতি

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment