নীলা ভেদি
গৰজি উঠে আকাশে,
ভয়ত উচুপে পৃথিৱী
কচুপাতৰ আঁৰত লুকাবলৈ ৰৈ থাকে কোনোবা ৷
নীলা ভেদি
বৰষুণ নামে,
বিজুলীয়ে চুমা দিয়ে
তাতো হয়তো থাকে সূত্ৰহীন মৰম ৷
অচিন গাভৰুৰ চুলি তিয়াই
চিনাকি বৰষুণ জাক
নামি আহে উঠন বুকুলৈ,
বিজুলীয়ে তচনচ কৰা হৃদয়ৰ
মলম হয় বৰষুণৰ টোপালবোৰ
চিনাকি হয় অচিনাকি গোন্ধবোৰ ৷
কেতিয়াবা উন্মাদ হব খুজি
সংযমী হৈ পৰে গাভৰুজনী,
বৰষুণজাক প্ৰিয় হৈ পৰে
আপোন হৈ পৰে সমস্ত নীলাবোৰ..
✍️ প্ৰণৱ চক্ৰৱৰ্তী
নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ