আকাশখনে কান্দিছে চিঞৰি চিঞৰি
তৰাবোৰেও উচুপিছে
জোনবাই জনীয়ে ক'লা মেঘৰ আঁৰত মুখ ঢাকিছে
পৃথিৱীৰ জ্বৰ দেখি....।
মলয়া বতাহ জাকেওঁ
শাত পেলাব পৰা নাই
আজি পৃথিৱীক...।
মানৱ সভ্যতাই যিমানে
আগবাঢ়িছে
সিমানেই দেখোন পৃথিৱীৰ জ্বৰ বাঢ়ি গৈ আছে।
আজি হত্যা
কাইলৈ ধৰ্ষণ
আজি প্ৰকৃত্তিক ধংস কৰাৰ ষৰযন্ত্ৰ
কাইলৈ এচামে আকৌ
আত্মহত্যা কৰি
নিজকে ধ্বংস কৰিছে।
পৃথিৱীয়ে কি কৰিব এতিয়া
পৃথিৱীৰ ওচৰত এতিয়া
নাই কোনো বিকল্প ।
পৃথিৱীৰ জ্বৰ দেখি
জোন, বেলি, তৰা, আকাশ,
সকলোৰে ওলাইছে অাজি
চকুপানী....।
চাই থকাৰ বাহিৰে
কৰিবলৈ কোনো উপায় নাই ইহঁতৰো
সেয়েহে উপায়বিহীন হৈ
সকলোৱে কেৱল উচুপিছে.....।
✍️সঞ্জীত দাস
পাটাছাৰকুছি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ