ধ্ৰুৱ তৰা বা α Ursae Minoris~পংকজ বৰুৱা

©Admin
1
     আমি সকলোৱে আকাশৰ অন্য তৰাবোৰৰ নাম নুশুনিলেও ধ্ৰুৱ তৰাৰ কথা কেতিয়াবা নহয় কেতিয়াবা শুনিছো ৷ আমাৰ মানুহে প্ৰায়ে প্ৰধানকৈ জ্যেষ্ঠসকলে শিশুসকলক আৰ্শীবাদ দি কয় যে আগলৈ ধ্ৰুৱ তৰাৰ দৰে জিলিকি থাকিবি ৷ ধ্ৰুৱ তৰা হ’ল উত্তৰ আকাশৰ এটা উজ্জ্বল নক্ষত্ৰ যাক আমি উত্তৰ গোলাৰ্ধৰ উপৰত ৰাতিৰ আকাশত স্থিৰ ৰূপে দেখা পাওঁ ৷ আমাৰ পৃথিৱীখন সূৰ্য্যক পৰিক্ৰমা কৰাৰ লগতে নিজ মেৰুদণ্ডত কেন্দ্ৰ কৰিও ঘূৰে যাক আমি আহ্নিক গতি বুলি কওঁ ইয়াৰ বাবেই ৰাতিৰ আকাশৰ তৰা বোৰ পূৱৰ পৰা পশ্চিমলৈ গতি কৰা যেন লাগে ৷ এই মেৰুদণ্ডৰ উপৰৰ ফালটো উত্তৰ গোলাৰ্ধ আৰু তলৰ ফালটোক আমি দক্ষিণ গোলাৰ্ধ বুলি কওঁ ৷ উত্তৰ গোলাৰ্ধ তথা দক্ষিণ গোলাৰ্ধৰ নিকটৱৰ্ত্তী আকাশত ওলোৱা তৰাসমূহ দুই গোলাৰ্ধৰ চাৰিওফালে ঘূৰাৰ দৰে লাগে আৰু যদি কোনো তৰা এই দুই গোলাৰ্ধৰ একে বাৰে ওপৰত মানে প্ৰায় ১° ব্যৱধান বা ইয়াতকৈ কমত থাকে তেন্তে তেনে তৰা আমি স্থিৰ অৱস্থাত থকাৰ দৰে লাগিব আৰু ওচৰৰ তৰাবোৰ সেই তৰাৰ চাৰিও ফালে ঘূৰাৰ দৰে আমি দেখিম ৷
            আমি উত্তৰ গোলাৰ্ধৰ বাসিন্দা সেয়ে আমি উত্তৰ গোলাৰ্ধৰ উপৰত থকা আল্ফা ইউৰেছা মাইনৰ নামৰ নক্ষত্ৰটো সদায় স্থিৰ অপৰিৱৰ্ত্তনীয় ৰূপত দেখা পাওঁ যাক আমি Polar star বা ধ্ৰুৱ তৰা বুলি কওঁ ৷ এই ধ্ৰুৱ তৰা আচলতে এটা তৰা নহয় ই এক নক্ষত্ৰ মণ্ডলহে যাক আমি লঘু সপ্তৰ্ষি মণ্ডল বুলি কওঁ ৷ এই সপ্তৰ্ষিমণ্ডলৰে আটাইতকৈ উজ্জ্বল তৰাটো হ’ল α Ursae Minoris যিটো α Ursae Minoris A, α Ursae Minoris Ab আৰু α Ursae Minoris b তিনিটা তৰাৰ সমষ্টিৰে গঠিত ৷ এই তৰা আমাৰ পৰা প্ৰায় ৪৩০ আলোক বৰ্ষ দূৰত অৱস্থিত ৷ ইয়াৰে α Ursae Minoris A সূৰ্য্যতকৈ ৬ গুণ অধিক ভৰযুক্ত এক মহাদানৱ শ্ৰেণীৰ নক্ষত্ৰ ৷ এই তৰাৰ ব্যাস সূৰ্য্যৰ ব্যাসৰ ৩০ গুণ আৰু উজ্জ্বলতাৰ দিশৰ পৰা ২২ গুণ অধিক উজ্জ্বল ৷
α Ursae Minoris Ab এটা বাওনা তৰা যি α Ursae Minoris A ক অতি ওচৰৰ পৰা প্ৰায় ১৮.৫ এষ্ট্ৰনমিকেল ইউনিট দূৰত্বৰে ধৰক আমাৰ সূৰ্য্যৰ পৰা নেপচুনৰ দূৰত্বৰে ২৯.৬ বৰ্ষত এবাৰ পৰিক্ৰমা কৰে ৷ α Ursae Minoris B সূৰ্য্যৰ ভৰত কৈ ১.৫ গুণ ভৰ যুক্ত F7 শ্ৰেণীৰ উজ্জ্বল দানৱ শ্ৰেণীৰ নক্ষত্ৰ যি ২৪০০ এষ্ট্ৰনমিকেল ইউনিট দূৰত্বৰে @ Ursae Minoris A ৰ উমৈহতীয়া কেন্দ্ৰক পৰিক্ৰমা কৰে ৷ α Ursae Minoris B ক এটা অতি সাধাৰণ দূৰবীণৰ সহায়তো দেখা পোৱা যায় ৷ এই নক্ষত্ৰক প্ৰথমে ১৭৮০ চনত প্ৰথমে উইলিয়াম হৰ্শলে দেখা পাইছিল ৷ তেখেতেই নেপচুন গ্ৰহৰ আৱিষ্কাৰো কৰিছিল ৷ α Ursae Minoris B নক্ষত্ৰই α Ursae Minoris A নক্ষত্ৰক এবাৰ পৰিভ্ৰমণ কৰিবলৈ প্ৰায় ৪২, ০০০ বছৰ সময় লাগে ৷
১৯২৯ চনত ধ্ৰুৱ তৰাৰ পোহৰৰ বিশ্লেষণ কৰি থাকোঁতে পুনৰ এই তৰা প্ৰণালীত আন এক তৰা α Ursae Minoris Ab ৰ উপস্থিতি ধৰা পৰে যিটো এটি ক্ষুদ্ৰ বামন নক্ষত্ৰ বুলি জানিব পাৰি ৷ প্ৰথমতে ধ্ৰুৱ তৰাৰ সমষ্টিক এটা তৰা বুলিয়েই ভবা হৈছিল  এই তৰা এক ত্ৰিনক্ষত্ৰ প্ৰণালীহে য’ত α Ursae Minoris A ইয়াৰ মুখ্য নক্ষত্ৰ ৷
     ২০০৬ চনৰ জানুৱাৰী মাহত হৱল টেলিস্কোপেৰে ধ্ৰুৱ তৰাৰ লোৱা ফটো নাছাই প্ৰকাশ কৰে এই ফটোত এই নক্ষত্ৰ প্ৰণালীৰ তিনিওটা তৰাকে স্পষ্ট ৰূপত দেখা পোৱা গৈছে ৷ ইয়াৰে α Ursae Minoris A আৰু α Ursae Minoris B ৰ অধিক উজ্জ্বলতাৰ বাবে α Ursae Minoris Ab বওনা তৰাটো সাধাৰণ দূৰবীণেৰে চালে দেখা পোৱা নাযায় ৷ পৃথিৱীৰ পৰা ৰাতিৰ আকাশত দেখা পোৱা উজ্জ্বল তাৰসমূহৰ ক্ষেত্ৰত ধ্ৰুৱ তৰাৰ স্থান ৪৮ আটাইতকৈ উজ্জ্বল নক্ষত্ৰটো হ’ল লুদ্ধক যাক ইংৰাজীত সিৰিয়স বুলি কোৱা হয় ৷
   আচলতে ধ্ৰুৱ তৰা আমাৰ উত্তৰ গোলাৰ্ধৰ মেৰুদণ্ডৰ একেবাৰে উপৰত মানে ০° নাই ই ০.৭° আঁতৰি আছে ৷ যদি আমি ধ্ৰুৱ তৰাক সূক্ষ্মতাৰে অধ্যয়ন কৰোঁ তেন্তে দেখা পাম এই তৰাও স্থিৰ নহয় ৷ এই তৰাও ০.৭° অৰ্ধ ব্যাসৰ এটি সূক্ষ্ম বৃত্তৰে পৰিক্ৰমা কৰে বাবে আমাৰ সাধাৰণ চকুত ই ধৰা নপৰে ৷ এই বৃত্তটো পূৰ্ণিমাৰ জোনবাইৰ আকাৰতকৈ ১.৪ গুন ডাঙৰ বৃত্তৰ প্ৰায় সমান হয় ৷ ধ্ৰুৱ তৰাৰ আন এক বৈশিষ্ট্য হ’ল উত্তৰ গোলাৰ্ধৰ যিকোনো ঠাইৰ অক্ষাংশৰ মান যিমান হয় সেই সমডিগ্ৰী উত্তৰত ধ্ৰুৱ তৰাক দেখিবলৈ পাব ৷ যিমানেই উত্তৰলৈ গৈ থাকিব এই মান বাঢ়ি যাব আৰু একেবাৰে উত্তৰ গোলাৰ্ধত এই মান ৯০° হ’ব আৰু ধ্ৰুৱ তৰাটো আপোনাৰ পৰা সম্পূৰ্ণ উলম্বিকভাৱে মানে মূৰৰ ওপৰত দেখা পাব ৷ মই বৰ্তমান ২৬.৬০° উত্তৰ অক্ষাংশত আছো এই হিচাপত মোৰ পৰা ধ্ৰুৱ নক্ষত্ৰটো ২৬.৬০° উত্তৰ আকাশত অৱস্থান কৰি আছে ৷ ধ্ৰুৱ তৰাৰ তাপমান ৭২০০ কেল্ভিন ৷ এই তৰাই নিজ মেৰুদণ্ডত প্ৰতি চেকেণ্ডত ১৭ কিঃমিঃ গতিবেগৰে ঘূৰি থাকে ৷
     ধ্ৰৱ তৰাক চিনি পাবলৈ অতিকৈ সহজ, এই তৰাক বিচাৰি উলিয়াবলৈ প্ৰথমে আমি উত্তৰ আকাশত থকা উজ্জ্বল সপ্তৰ্ষি তৰা মণ্ডলক বিচাৰি উলিয়াব লাগিব ৷ এই তৰমণ্ডলক ইংৰাজীত Ursae Majoris, Big Dipper আদি নামেৰে জনা যায় ৷ এই সপ্তৰ্ষি মণ্ডলৰ অন্তিম দুটা তৰা পুলহ আৰু ক্ৰুতুক যদি এডাল সৰল ৰেখা টানি আগবঢ়াই দিয়া হয় প্ৰায় ৩০ ডিগ্ৰী ব্যৱধানত কম উজ্জ্বলৰ কিন্তু ওচৰ পাজৰে থকা অনান্য তৰাতকৈ বেছি উজ্জ্বলতাৰ তৰাটোৱে হ’ল ধ্ৰুৱ তৰা ৷
     ধ্ৰুৱ তৰাক আন এক নক্ষত্ৰ মণ্ডল কেছিয়’পিয়াৰ দ্বাৰাও আকাশত বিছাৰি উলিয়াব পাৰি ৷ এই নক্ষত্ৰ মণ্ডল দেখাত ইংৰাজী W বা ওলোটা M আখৰটোৰ দৰে ৷ এই নক্ষত্ৰ মণ্ডলকো উত্তৰ আকাশত দেখিবলৈ পোৱা যায় ৷ মোৰ ঠাইৰ পৰা মানে আমাৰ গোলাঘাটৰ আকাশৰ পৰা একে সময়তে সপ্তৰ্ষিমণ্ডল আৰু কেছিয়’পিয়া বা শৰ্মিষ্ঠা নক্ষত্ৰ মণ্ডলক দেখা পোৱা সম্ভৱ নহয় ৷ সপ্তৰ্ষিমণ্ডল আকাশত উদয় হৈ থাকিলে কেচিয়’পিয়া দিগন্তৰ তলত অৱস্থান কৰে আৰু কেচিয়’পিয়া আকাশত উদয় হৈ থাকিলে সপ্তৰ্ষিমণ্ডল দিগন্তৰ তলত অৱস্থান কৰে ৷ কেচিয়’পিয়া নক্ষত্ৰ মণ্ডলৰ সপ্তৰ্ষিমণ্ডলৰ দৰে উজ্জ্বল ন’হ’লেও উত্তৰ আকাশত এই তৰামণ্ডলক সহজে বিছাৰি উলিয়াব পাৰি ৷ কেচিয়’পিয়া নক্ষত্ৰ মণ্ডলৰ মধ্য ভাগত প্ৰথম V আখৰৰ ওপৰেৰে ৰেখা টানি আগবঢ়াই নিলে ধ্ৰুৱ তৰাৰ কাষেৰে পাৰ হৈ জাব ৷ আচলতে সপ্তৰ্ষিমণ্ডল আৰু কেচ’পিয়া নক্ষত্ৰ মণ্ডল ধ্ৰুৱ নক্ষত্ৰৰ বিপৰীত দিশত আছে আৰু পৃথিৱীৰ উত্তৰ গোলাৰ্ধৰ পৰা চালে এই দুই নক্ষত্ৰ মণ্ডল ধ্ৰুৱ তৰাৰ চাৰিওপিনে ঘূৰাৰ দৰে লাগে ৷
    সকলোৱে জানি আচৰিত হ’ম যে সময় বাগৰাৰ লগে লগে আমাৰ ধ্ৰুৱ তৰাও সলনি হৈ থাকে আজিৰ সময়ত α Ursae Minoris যি আমাৰ বাবে ধ্ৰুৱ তৰা হৈ আছে ভৱিষ্যত সময়ত ই আমাৰ বাবে ধ্ৰুৱ তৰা হৈ নাথাকে ঠিক অতিত সময়তো আজিৰ ধ্ৰুৱ তৰা সেই সময়ত ধ্ৰুৱ তৰা নাছিল ৷ এই পৰিবৰ্তন হয় আমাৰ পৃথিৱীয়ে নিজ মেৰুদণ্ডত পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকোঁতে নিজ ধ্ৰুৱত অতি ধীৰ গতিৰে লৰি ধ্ৰুৱৰ স্থান সলনি কৰি থাকে আৰু এই দৰে স্থানৰ সলনি কৰি পুনৰ আগৰ অৱস্থালৈ আহিবলৈ প্ৰায় ২৬,০০০ বছৰ লাগে ৷ এই দৰে ধ্ৰুৱৰ স্থান সলনি কৰি থাঁকোতে ভিন্ন ভিন্ন তৰাই পৃথিৱীৰ ধ্ৰৱ তৰাৰ স্থান লয় ৷ ইয়াৰ ভিতৰত ক’চাব, অল্ফা সেফেয়াস, থুবান, আল্ফা সিগ্নী, সিগ্মা আক্টানিস, ৱেগা আদি ৷ আজিৰ পৰা ৩০০০ বছৰৰ আগতে থুবান নামৰ নক্ষত্ৰ পৃথিৱীৰ ধ্ৰুৱ তৰা আছিল ৷ আজিৰ পৰা ৫০০০ বছৰৰ পাছত ডেৰ’মিন মানে আল্ফা সেফেয়াস নামৰ নক্ষত্ৰ পৃথিৱীৰ ধ্ৰুৱ তৰা হ’ব যিটো বৰ্তমান সেফেয়াস নক্ষত্ৰৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰ হিচাপে চিহ্নিত হৈ আছে ৷ ধ্ৰুৱীয় স্থানৰ পৰিবৰ্তনৰ বাবেই বৰ্তমানৰ ধ্ৰুৱ তৰাটো চন ২১০৫ ৰ পৰা ২১২৭ চনৰ ভিতৰত α Ursae Minoris তৰাটো উত্তৰ গোলাৰ্ধৰ আৰু কাষ চাপিব যি সময়ত এই কোণ ০.৫° কৈ কম হ’ব ৷ আজিৰ পৰা ৫০০০ বছৰৰ পাছত অল্ফা সেফেয়াস, ৭০০০ বছৰৰ পাছত আল্ফা সিগ্নী, ১২০০০ বছৰৰ পাছত ভেগা নক্ষত্ৰ আমাৰ ধ্ৰুৱ তৰা হ’ব ৷ ভেগা নক্ষত্ৰটো এটা অতি উজ্জ্বল নক্ষত্ৰ যিটো বৰ্তমানৰ ধ্ৰুৱ তৰাতকৈ ৬গুণে অধিক উজ্জ্বল ৷ মাজত এনে সময়ো আহে যি সময়ত উত্তৰ গোলাৰ্ধত কোনো ধ্ৰুৱ তৰা নাথাকে যিটো বৰ্তমান দক্ষিণ গোলাৰ্ধৰ ক্ষেত্ৰত হৈ আছে৷
    কেৱল আমাৰ পৃথিৱীৰে ধ্ৰুৱীয় তৰা আছে তেনে নহয় আমাৰ জোনবাই আদি কৰি আন আন আমাৰ প্ৰতিবেশী গ্ৰহ উপগ্ৰহবোৰৰো ধ্ৰুৱীয় তৰা আছে ৷ আমাৰ জোনবাইৰ দক্ষিণ গোলাৰ্ধত ডেল্টা ডোৰাডস নামৰ নক্ষত্ৰ ধ্ৰুৱীয় তৰা হিচাপে আছে ৷ বুধ গ্ৰহৰ দুটাকৈ ধ্ৰুৱীয় তৰা আছে উত্তৰ গোলাৰ্ধৰ বাবে ওম্নীকাৰ্ণ ড্ৰৈকানিস আৰু দক্ষিণ গোলাৰ্ধৰ বাবে আল্ফা পিক্টাৰিস নক্ষত্ৰ ধ্ৰুৱ তৰা ৷ মঙ্গল গ্ৰহৰ দক্ষিণ গোলাৰ্ধত কাপা বেলোৰাম নামৰ তৰাটো ধ্ৰুৱীয় নক্ষত্ৰ হিচাপে আছে ঠিক সেই দৰে শনি গ্ৰহৰ দক্ষিণ ধ্ৰুৱীয় তৰা হ’ল ডেল্টা আক্টান্টিছ ৷ ইউৰেনাছৰ দক্ষিণ ধ্ৰুৱীয় তৰা হ’ল ১৫ ওৰিয়ানিস নক্ষত্ৰ ৷
     পৃথিৱীৰ ধ্ৰুৱীয় তৰাক উত্তৰ গোলাৰ্ধত সাগৰত নাবিকসকলে তথা মৰুভূমিত পথিকসকলে দিশ নিৰ্ণয় কৰাৰ বাবে ব্যৱহাৰ কৰে ৷ আমিও কোনো অচিন ঠাইত ৰাতি দিশ নিৰ্ণয় কৰিব লগা হ’লে আকাশত ধ্ৰুৱ তৰাটো নিৰীক্ষণ কৰি সহজেই দিশ নিৰূপণ কৰিব পাৰি ৷ আমাৰ ধ্ৰুৱ তৰাটো লঘূ সপ্তৰ্ষি মণ্ডল মানে ইউৰেছা মাইনৰ নক্ষত্ৰ মণ্ডলত অৱস্থিত ৷ এই নক্ষত্ৰমণ্ডল আন্তঃৰাষ্ট্ৰীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ মহাকাশৰ ৮৮ খন নক্ষত্ৰপুঞ্জৰ যি তালিকা তাৰো অন্তৰ্ভুক্ত ৷ খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত বিখ্যাত জ্যোতিবিজ্ঞানী টলেমীৰ দ্বাৰা তালিকাভূক্ত ৪৮ খন নক্ষত্ৰ পুঞ্জৰ ভিতৰতো এই লঘু সপ্তৰ্ষি তাৰকাপুঞ্জই স্থান পাইছিল ৷

✍️পংকজ বৰুৱা

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. বৰ সুন্দৰ হৈছে ! দুটিমান নজনা কথা শিকিলো, ধন্যবাদ ।

    ReplyDelete
Post a Comment