অহংকাৰ~অণুগল্প-মীনা পামে গাম

©Admin
0
লীনা আৰু ৰীনা দুয়ো বন্ধু নহলেওঁ মাজে মাজে দুয়ো চিনেমা আদি চাবলৈ বা বজাৰ আদি কৰিবলৈ লগ ধৰিছিল, কলেজলৈও একেলগে কেতিয়াবা গৈছিল ।
লীনা বৰ অহংকাৰী আছিল, এনেকুৱা কৰিছিল, তায়েই যেন লগৰ ছোৱালী বিলাকৰ ভিতৰত সকলোতকৈ সকলোতে ওপৰত !!
দেউতাক উকীল আছিল । 
সেয়েই।
লীনাই দ্বাদশ ক্লাচতে পলাই গ'ল,
গিৰিয়েক মাত্ৰ মেত্ৰিক পাছ - চাকৰি আদিও নাই । দুজনী ছোৱালীৰে সংসাৰ ॥
বহু কষ্ট কৰি বহু বছৰৰ মূৰত তাই টাইপিষ্টৰ চাকৰি এটা পাইছিল ।

ৰীণা ডাক্তৰ হ'ল ।
তাইৰ চহৰত নামো আছে - ভাল গাইনিৰ ডাক্তৰ ।
এদিন লীনাই হস্পিতাল পালেগৈ । তাইৰ বহুদিন ব্লিডিং হৈ আছিল আৰু ডাক্তৰৰ ৰূমত সোমাই দেখিলে -- ৰীণা (!!) অঁ তুমি !!!
লীনাই ভাবিছিল তেতিয়া, " যাক মই - মোতকৈ ওপৰৰ স্থানত দিয়া নাছিলো-তেওঁ আজি মোতকৈ বহুত ওপৰত !!
লীনাই চকু থৰ লাগি ৰীণালৈ চাই থাকিল !!!!😒😒😒

✍️মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)