আপোন-প্ৰীতিষ্ণা শইকীয়া দত্ত

©Admin
0
আপোন বুলি আমি তেঁলোককে ভাবো 
যিসকলে আমাৰ পিছফালে বদনামৰ ফুলজাৰি সিঁচে।
আপোন সেই সকলেই যিসকলে আমাক বিশ্বাসঘাটকতাৰ শিকলিৰে মেৰাই বিশ্বাসক নিঃশেষৰ পথ দেখুৱাই।
আপোনৰ জানো নিদিষ্ট সংজ্ঞা আছে?
আছে জানো আপোনৰ কোনো আত্মিয়তাৰ পৰিধি?
প্ৰতিপল হৃদয়ৰ কাষত যিসকলক অনুভৱ কৰা 
হয় সেইসকলেই জানো আপোন নহয়!
সংগোপনে হৃদয়ত কঢ়িয়াই ফুৰা সুকোমল মৰমৰ নিভাজ প্ৰতিচ্ছবি খন জানো আপোনৰ নহয়!
সুখ দুখ ভগাই ল'ব পৰা সুহৃদয়তাৰ সুগভীৰ বিশ্বাসৰ হাতখন জানো আপোনৰ নহয়!
আশাৰ মাজত বিছাৰি ফুৰা একান্তই নিবিড় সংগী জন জানো আপোন নহয়!
সপোনৰ সংগীক কল্পনাৰ আঁচলত বান্ধি দিঠক কৰাৰ হেঁপাহৰ নাম জানো আপোন নহয়!
আপোন মানেই হেঁপাহৰ এচেৰেঙা ৰ'দ।
আপোন মানেই নিভাজ মৰমৰ সুকোমল উত্তাপ।
ক্ৰমাত কৃতিমতাৰ পৰশত হেৰাবলৈ লোৱা আপোনৰ সমীকৰনৰ আমি জানো উত্তৰসূৰী নহয়?
আহা আমি সলাও আপোনৰ সংজ্ঞা।
মৰম আৰু একতাৰ এনাজৰীৰে বিলাও জগতত আপোনতাৰ নিভাজ ভালপোৱা।

✍️প্ৰীতিষ্ণা শইকীয়া দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)