ভালপোৱা -সঞ্জীত দাস

©Admin
0
আপোনাক ভালপাওঁ 
আপোনাৰ হৃদয়ত মই 
নিজকে বিলীন কৰিব খোজো।
অতীত সকলোৰে থাকে
আপোনাৰ, মোৰ, আমাৰ সকলোৰে।

অতীতক সুৱৰিয়ে বৰ্ত্তমান
আৰু বৰ্তমানক সুৱৰি আমি ভবিষ্যতৰ সপোনৰ ফালে 
ধাবমান হ'ব লাগে।

আপোনাৰ কথা মোক কেতিয়াবা সুধে 
শৰতৰ শেৱালীজোপায়ো 
আপোনাক বোলে মই ভ‍াল পাওঁ।

আকৌ কেতিয়াব‍া ফাগুনত
 উৰি ফুৰা সৰাপাতবোৰেও 
মোক সুধে 
আপোনাক মই কিমান ভালপাওঁ।

কেতিয়াবা কয় 
শাওণৰ কিনকিনিয়া বৰষুণজাকেওঁ
মই আপোনাৰ বাবে কি কৰিব পাৰিম।

মই তেতিয়া নিৰৱে উত্তৰ দিও 
মই আপোনাৰ বাবে 
মোৰ জীৱনটোকে উচৰ্গা কৰিম 
মই যে আপোনাক নিজতকৈ বেছি ভালপাওঁ।

নেজানো আপোনাক কিয় ইমান ভালপাওঁ
প্ৰতিটো ক্ষণতে আপোনাৰ কথাকে ভাবি থাকো
কেতিয়াবা আপোনাৰ কথা 
ভাবি ভাবি 
উজাগৰি কটাওঁ ৰাতি
এয়াই মোৰ আপোনাৰ প্ৰতি থকা 
অনাবিল ভালপোৱা

✍️ সঞ্জীত দাস
 বৰপেটা,পাটাছাৰকুছি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)