মালিগাঁও ৰে'ল ষ্টেচনত বঙাইগাঁওলৈ বুলি টিকটটো কাটি প্ৰণৱে কামৰূপ এক্সপ্ৰেছৰ খালী ডবা বিচাৰি খৰ খোজেৰে আগবাঢ়িল । এনেতে সি দেখিলে তাৰ বিপৰীত দিশৰ পৰা শাৰী পৰিহিতা এগৰাকী মহিলা দহ আৰু বাৰ বছৰীয়া দুজনী ছোৱালীৰ সৈতে আহি আছে। দূৰৈৰ পৰাই মহিলা গৰাকী তাৰ চিনাকী চিনাকী যেন লাগিল। "এৰা! হয়েই , এয়া দেখোন কবিতা।" শিৰত ডাঠকৈ লোৱা সেন্দুৰখিনি দূৰৈৰ পৰাই জিলিকি উঠিছিল। সি অনুমান কৰিলে ছোৱালী দুজনী নিশ্চয় তাইৰেই। কবিতাইও দূৰৰ পৰাই প্ৰণৱক চিনি পাইছিল , যদিও সি আগতকৈ অকণমান শকত হ'ল।
প্ৰায় চৈধ্য বছৰৰ মুৰত সিহঁতৰ দেখা দেখি। দূৰৰ পৰাই দুয়ো-দুয়োকে চালে যদিও ওচৰ পোৱাত মাতিবলৈ কাৰো সাহস নহ'ল। কেনেকৈনো হ'ব একেলগে একেখন কলেজতে পঢ়িলেও প্ৰণৱে কবিতাৰ লগত কোনোদিনে কথা পাতি পোৱা নাছিল। আনকি দুয়ো দুয়োৰে ঘৰ ক'ত সেয়াওঁ নাজানিছিল। কিন্তু দুয়ো দুয়োৰে চকুৰ ভাষা ভালদৰেই বুজি পাইছিল । কিয় জানো কিবা এক অজান ভয়ত দুয়োৰে মনৰ কথা মনতে ৰৈ গ'ল ।
সজল চকুৰে তলমুৰ কৰি দুয়ো দুয়োৰে কাষেৰে পাৰ হৈ গ'ল। বুকুত লৈ গ'ল নীৰৱ প্ৰেমৰ এপাচি যন্ত্ৰনা। দুয়োৰে মনত এটাই প্ৰশ্ন - "মনৰ কথাবোৰ কিয় এবাৰো নকলা ??" দুখোজমান গৈ সি উভতি চাই দেখিলে তাইও তাৰ পিনে উভতি চাইছে , যি চাৱনিত সি দেখিছিল তাৰ প্ৰতি থকা তাইৰ গভীৰ অনুৰাগ । তাৰ অন্তৰখনে হাহাকাৰ কৰি উঠিল । এবাৰ যদি তাৰ মনৰ কথাবোৰ প্ৰকাশ কৰিব পাৰিলেহেঁতেন ! হয়তো...
ট্ৰেইনখনে দীঘল উকি এটা মাৰি সময়ৰ সংকেত দিলে ।
✍🏻পূৰৱী তালুকদাৰ
ৰঙিয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ