বিষাদ প্ৰেম গাথাঁ-বিতুল কুৰ্মি

Rinku Rajowar
0
মই ৰৈ থাকিম জানা, তুমি যোৱা বাটতেই, তোমাকে বিদায় দিবলৈ,
তোমাৰ শিৰৰ সেন্দুৰ কনৰ ৰং চাবলৈ,
যাওঁ বুলি নকবা দেই, নোৱাৰোঁ সহিব,
কিয় এনে কৰিলা বুলি নোৱাৰোঁ সুধিব।
চকুৱে চকুৱে চাই মনতে কিবা কবা,
মই বুজি যাম, 
মই একো নকওঁ
কবও নোৱাৰিম,
নিৰৱে চকুলো টুকি 
চাই থাকিম মাথোঁ 
কইনা সাজেৰে তুমি যোৱা 
গাড়ী খন চকুৰ আৰ নোহোৱা লৈকে। 
সদায় সুখত থাকিবা 
আজীৱন হদয়ত আঘাত লৈ জীয়াই থাকিবলৈ সাজু হোৱা অবুজন মনটোৱে 
কব এটাই শব্দ 
 বিদায়, বিদায় আৰু বিদায়।

                 ✍🏼বিতুল কুৰ্মি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)