ৰাসলীলাৰ তাৎপৰ্য্য~আধ্যাত্মিক তত্ত্ব- ৰুণু শৰ্মা

©Admin
0
ৰাসলীলাৰ ৰাস শব্দটো উৎপন্ন হৈছে ৰসৰ পৰা।
'ৰস' শব্দই ৰসিত বা আস্বাদিত অর্থ নিৰূপন কৰে।
লৌকিক অর্থত জিভাৰে আস্বাদিত বিভিন্ন অনুভূতি বা উপলব্ধিকেই আমি ৰস বুলি কওঁ , কিন্তু কাব্যত কবিয়ে অনুভৱ কৰা পৰম আনন্দৰ স্বৰূপ পাঠক বা শ্রোতাৰ হৃদয়লৈ সঞ্চাৰিত কৰি তুলিব বিচাৰে । ঋগবেদত জুলীয়া বস্তুক বুজাবলৈ এই শব্দটো ব্যৱহাৰ হৈছিল । আনন্দময়ী মহাসত্তাক উপলব্ধি কৰিবলৈ উপনিষদৰ যুগৰ ঋষিমুনিসকলে কঠোৰ তপস্যা কৰিছিল । পৰিশেষত তেওঁলোকে উপলব্ধি কৰিছিল 
দুখ-শোকৰ অতীত এক পূৰ্ণানন্দ অৱস্থা । এই ৰসৰ পৰাই ৰাস শব্দটো উৎপত্তি হৈছে । ৰাসস্যায়ং ৰাসঃ---অর্থাঃ অর্থাৎ পৰমব্রহ্মৰ সহিতে জীৱাত্মাৰ সম্বন্ধ ই হৈছে ৰাস। 
আনহাতে ৰাসৰ লগত জড়িত হৈ আছে কৃষ্ণৰ নাম । আমি 'কৃষ্ণ' শব্দটোৰ অর্থ বিস্তাৰ কৰিলে দেখা পাওঁ যে 'কৃষ' ধাতুৰ লগত 'ণ' যোগ হৈ এই শব্দটো সৃষ্টি হৈছে । 'কৃষ' ধাতুৰ অর্থ হ'ল ভূ অর্থৎ সত্বা বা অতিসত্বা আৰু 'ণ'ৰ অর্থ নিবৃতি অর্থাৎ পৰমানন্দ ।সাধাৰণতে আমি ক'ব পাৰো যে যিবস্তুক লাভ কৰিলে জীৱই পৰমানন্দ লাভ কৰে সেই পৰমাত্মাৰ সৈতে সত্বা বা আত্মাৰ যি মিলন হয় সেয়েই কৃষ্ণ , কৃষ্ণই হ'ল ভগৱান।ভগৱান বিষ্ণুৰ ৰাম অৱতাৰত 
দণ্ডকাৰণ্যবাসী ঋষিমুনিসকলে শ্রীৰামক দেখি মুগ্ধ হোৱাৰ লগতে তেৰাৰ প্রেয়সীৰূপে তেৰাক সেৱা কৰিবলৈ বাঞ্চা কৰিছিল , ভগৱান ৰামে সেই সময়ত তেওঁলোকৰ মনোবাঞ্চা পূৰণ নকৰি পৰৱর্ত্তী অৱতাৰত পূৰ্ণ কৰিব বুলি কথা দিছিল । ভগৱান সদায়েই ভক্তৰ অধীন।সেইবাবে দ্বাপৰ যুগৰ ভগৱন্তই কৃষ্ণ অৱতাৰত সেই ঋষিসকলেই গোকুলত গোপীৰূপে জন্ম গ্রহন কৰিছিল আৰু শৰতৰ পূর্নিমা ৰাতি তেওঁলোকৰ সৈতে ৰাসলীলা সম্পন্ন কৰিছিল ।
স্মৰণযোগ্য যে কৃষ্ণ অৱতাৰৰ বস্ত্রহৰণৰ কালতো তেওঁ গোপিনীসকলক ৰাসলীলা কৰিম বুলি প্রতিশ্ৰুতি দিছিল। "শৰত কালৰ ৰাত্রি অতি বিতোপন , ৰাসক্রীড়া কৰন্তে কৃষ্ণৰ ভৈল মন।"
এই ৰাসলীলাৰ আখ্যানসমূহ শ্রীমদ্ভাগৱতত উল্লেখ আছে ।
পুৰাণত আকৌ উল্লেখ আছে
যে ধানৰ বাকলিৰ তলত যেনেকৈ চাউল লুকাই থাকে এই ৰাসক্রীড়াটো তেনেকৈ ভক্তৰ সৈতে ভগৱানৰ মিলন হৈ থাকে। ৰাসক্রীড়াৰ বাহিৰৰ
অযুৰণত শৃঙ্গাৰ আদিৰ ৰসে 
প্রাধান্য লাভ কৰিছে যদিও 
ইয়াৰ মাজতে অন্নৰূপী আত্মাৰ সৈতে পৰমাত্মাৰ মিলনৰ কথাখিনি প্রচ্ছন্ন হৈ আছে। সাংসাৰিক আসক্তিত পৰি সাধাৰণ লোক ভগৱানৰ প্রতি আকৃষ্ট নহ'ব ও পাৰে । সেয়ে বহু সময়ত মানুহক লৌকিক শক্তিৰ জৰিয়তে ভগৱান ভক্তিলৈ ঢাল খুৱাবলৈ 
এনে ব্যৱস্থা লোৱা হয়।
মহাপুৰুষ শঙ্কৰদেৱে ৰাসলীলাৰ বিষয়ে লিখিছে--------
   " শৃঙ্গাৰৰ ৰসে যাৰ ৰতি 
     তাকে শুনি হৌক নির্মল মতি।"
প্রসঙ্গক্রমে কোৱা হয় যে ৰাস প্রধানতঃ এক নৃত্য বিশেষ ।
মণ্ডলাকাৰে এই নৃত্য অসংখ্য নাচনীয়ে পৰিবেশন কৰে । এই নৃত্যক হল্লীসক নৃত্য বোলা হয় , এই নৃত্য বিবিধ তাল-মান , লয় আদি গতি , চলন সমন্বিতে পৰিবেশন হ'লেহে ৰাসনৃত্য বুলি ক'ব পৰা যায় আৰু এটা কথা ক'ব পৰা যায় যে ৰাধাৰ চৰিত্রটো এই নৃত্যৰ প্রসঙ্গত উল্লেখ কৰা নাই । কিন্ত ব্রহ্মবৈৱৰ্ত পুৰাণ পঞ্চৰাত্র গার্গৰ সংহিতাত ৰাধাৰ চৰিত্র বিস্তৃতভাবে উল্লেখ আছে ।
ভগৱান কৃষ্ণই মৰ্ত্ত্যত কৰা কর্মৰাজিক ৰাসোৎসৱৰ জৰিয়তে প্রতিফলিত কৰা হয়। শ্রীকৃষ্ণৰ সুমধূৰ বাংশীধ্বনিত মুগ্ধ হৈ গোপীসকলে য'ৰে কাম ত'তে 
পেলাই সংসাৰৰ সকলো মোহ ত্যাগ কৰি বৃন্দাবনলৈ ঢাপলি মেলিছিল আৰু শ্রীকৃষ্ণৰ চৰণত নিজকে সমর্পন কৰিছিল । প্রথমতে শ্রীকৃষ্ণই সকলোকে স্বগৃহলৈ উভতি যাবলৈ অনুৰোধ কৰিছিল ,
কিয়নো তেওঁলোকে সংসাৰৰ ধর্ম পালন কৰা উচিত । কিন্তু 
গোপীসকল নিজৰ মতত দৃহ আছিল । ভগৱান ভক্তৰ অধীন , শ্রীকৃষ্ণ ই গোপীসকলৰ দৃঢ়ভক্তি দেখি তেওঁলোকৰ মনোকামনা পূৰণার্থে ৰাসলীলা আৰম্ভ কৰিলে । কিন্তু যেতিয়াই গোপীসকলে শ্রীকৃষ্ণক তেওঁলোকৰ অধীন বুলি ভাবিলে , তেতিয়াই শ্রীকৃষ্ণই ৰাধাক লৈ অন্তর্ধান হ'ল।
তেতিয়া গোপীসকলে নিজৰ ভুল বুজিব পাৰিলে ।ভগৱানক "একমাত্র মোৰ" বুলি অহংকাৰ কৰাৰ ফলত কৃষ্ণক হেৰুৱাবলগীয়া হ'ল ।শ্রীকৃষ্ণ হ'ল ত্রিজগতৰ পতি , তেওঁক কোনেও মায়া বান্ধোনেৰে বান্ধি ৰাখিব নোৱাৰে । গোপীসকলে একাগ্রচিত্তে শ্রীকৃষ্ণক স্তুতি কৰিবলৈ ধৰিলে । ভক্তৰ ভক্তিত সন্তুষ্ট হৈ ভগৱানে গোপীসকলক মানৱ জীৱনৰ পৰমার্থ বুজাই দিলে আৰু তেওঁলোকৰ অন্তৰ পৰিশুদ্ধি কৰিলে । গোপীসকলৰ ইচ্ছাক সন্মান জনাই 'যত গোপী তত কৃষ্ণ' হৈ গোপীৰ মনৰ অভিলাস পূৰণ কৰিলে , আৰু গোপীসকলেও মুক্তি লাভ কৰিলে।
        এই ৰাসোৎসৱ অসমত অতীজৰে পৰা ৰাস পূৰ্ণিমাত পালন কৰা হয় । মাজুলীৰ দক্ষিণপাট সত্রত প্রথমে এই ৰাসোৎসৱ আৰম্ভ হয় ।অসমৰ সত্রসমূহত বৈদিক ক্রিয়াকাণ্ড নাট্যৰূপে বা ভাওনাৰূপেও পালন কৰা হয়। দক্ষিণপাট সত্রৰ পিছতে আউনীআটী , বেঙেনাআটী,
কমলাবাৰী , গড়মূৰ , ভোগপুৰ আদি সত্রলৈও প্রসাৰ ঘটে । ইয়াৰ পিছতে শোণিতপুৰ , তেজপুৰ আদি সকলোতে ভাওনা , নাট্যভিনয় আদিৰে প্রসাৰ হয়। নামনি অসমৰ নলবাৰীত খনিকৰে বনোৱা বিভিন্ন ধৰণৰ প্রতিমূর্তি , মাটীৰ প্রতিমা আদি প্রায় ১৫ দিনমানলৈকে ৰাইজৰ মনোৰঞ্জনৰ বাবে দর্শনী হৈ থাকে। ইয়াৰ উপৰিও পলাশবাৰী , পুথিমাৰী , গুৱাহাটী আদি অসমৰ সকলো অঞ্চলতে বিয়পি পৰে।


✍🏻ৰুনু শর্মা
গুৱাহাটী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)