বিৰহ-প্ৰাঞ্জল শৰ্মা

*বিৰহ*

শেতা পৰা হৃদয়ৰ
কটুৰ চোতাল
তোমাৰ বাবে আজিও সজল।

তোমাৰ স্মৃতিৰ শেলাইৰে সেউজ আজিও ,
মোৰ মনৰ সেই অনাৰ্দ্ৰ বিপিন ।
অহৰহ চেষ্টাৰ অন্তত
ৰুকি ৰুকি চিকুনাব নোৱাৰি 
লেচাৰ মোৰ আৰ্ত্ত শৰীল।

বেজাৰ বুলি নকওঁ...
সুখত তবধ মই ,
ন-কৈ বকুলৰ সুবাস লোৱাৰ হেঁপাহ
যে তাৰ নাই ।
বিৰহৰ কটাৰীয়ে কুটুৰি কুটুৰি ৰদীয়া কৰা
মোৰ আমঠু আজি নিস্পান ।
সেয়ে মই সুখী।

এতিয়া হিয়াত
আঁচোৰৰ জেগা মাকাল,
মনৰ শুক্ল চোলাত থামিল মাথো
দহি দহি বাষ্প হোৱা তেজৰ অলকত কৰাল ।
ওঁঠত ৰৈ গল মাথো
অভব্য কৰ্কশতাৰ ভঁৰাল।

                              
✍🏻প্ৰাঞ্জল শৰ্মা
নলবাৰী,পিপালিবাৰী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send